অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ডম্বৰু

ডম্বৰু (damaru) এটা সৰু আকাৰৰ দুমুখীয়া ড্ৰাম, এই বাদ্য সাধাৰণতে হিন্দু ধৰ্ম আৰু "তিব্বেতীয় বৌদ্ধ ধৰ্মত"ত ব্যৱহৃত হয়। ডম্বৰুৰ উৎপত্তি প্ৰাক-বৈদিক কালতে হোৱা বুলি জনা যায়। কথিত আছে, এই বাদ্য মহাদেৱৰ বাদ্য আছিল। ডম্বৰুৱেই সৰ্বপ্ৰথম তাল-বাদ্য বুলিও কোনো কোনোৱে বিশ্বাস কৰে।

হালনাগাদ: ৩ মে’ ২০২৬ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ডম্বৰু (damaru) এটা সৰু আকাৰৰ দুমুখীয়া ড্ৰাম, এই বাদ্য সাধাৰণতে হিন্দু ধৰ্ম আৰু "তিব্বেতীয় বৌদ্ধ ধৰ্মত"ত ব্যৱহৃত হয়।১ ডম্বৰুৰ উৎপত্তি প্ৰাক-বৈদিক কালতে হোৱা বুলি জনা যায়। কথিত আছে, এই বাদ্য মহাদেৱৰ বাদ্য আছিল। ডম্বৰুৱেই সৰ্বপ্ৰথম তাল-বাদ্য বুলিও কোনো কোনোৱে বিশ্বাস কৰে। ডম্বৰুক ডুগডুগি বুলিও কোৱা হৈছিল।

এটা তিব্বেতীয় ডম্বৰু
এটা তিব্বেতীয় ডম্বৰুছবি: user:BambooBeast · GPL

বিৱৰণ

ডম্বৰুৰ অৱয়ৰ কাঠেৰে নিৰ্মিত। মুখ দুখন বৃত্তাকাৰ আৰু চামৰাৰে ঢকা। মুখ দুখনতকৈ বাদ্যটিৰ মাজৰ ডোখৰৰ ব্যাস (জ্যামিতি) সৰু; খুন্দনা আকাৰৰ। ডম্বৰুৰ সোঁমাজত, মূৰত দুটা টোপোলা আকৃতিৰ গাঁঠি থকা দুগছ সূতাৰে বন্ধা থাকে। ডম্বৰুৰ গা-টোৰ মাজত হাতেৰে ধৰি ডম্বৰুটো জোকাৰিলে সেই টোপোলা দুটাই ছাল দুখনৰ যথাস্থানত আঘাত কৰি শব্দ ধ্বনিৰ সৃষ্টি কৰে।

ব্যৱহাৰ

পুৰণি কালৰ ধৰ্মানুষ্ঠানত এই বাদ্য ব্যৱহাৰ হৈছিল। আজিকালি কোনো কোনো ধৰ্মানুষ্ঠানত এই বাদ্য ব্যৱহাৰ কৰাৰ উপৰিও বিশেষকৈ ভালুক নাচ, বান্দৰ নাচ আৰু সাপ নচুৱাওতে ডম্বৰু বজোৱা দেখা যায়। বাজীকৰে মন্ত্ৰৰ বাদ্য ৰূপেও এই বাদ্য ব্যৱহাৰ কৰে।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Damru Devshoppe.com

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডম্বৰু” প্ৰবন্ধৰ সংশোধন ৬০৪১১১ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।