অসমৰ গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা ১৮ কিলোমিটাৰ আঁতৰত অৱস্থিত বায়দাত অৱস্থিত এখন থান হ'ল শ্ৰীশ্ৰী ৰিছি আশ্ৰিত দ'দান থান৷ প্ৰতিবছৰে ফাগুনৰ শুক্লা মহাষ্টমীৰ পৰা একাদশীলৈ ইয়াত এখন মেলা উদযাপন কৰা হয়৷ ১৯৭১ চনৰ পৰা ৰাভা জনগোষ্ঠীসকলে পৰম উলহ-মালহেৰে ইয়াক জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে৷ এই মেলাত শিৱৰ (ৰিছি) পূজা-অৰ্চনা কৰাৰ লগতে বীৰ ৰজা দ'দান আৰু দ'দান ৰজাৰ সেনাপতি মাৰুক্ষেত্ৰীলৈ শ্ৰদ্ধাৰ্য্য তৰ্পণ কৰা হয়৷ পূৰ্বতে যদিও দ'দান মেলাত শাক্ত পূজাৰ প্ৰচলন আছিল, সম্প্ৰতি বৈষ্ণৱ আচাৰ-নীতিৰে পূজা-অৰ্চনা কৰা হয়৷১
ইতিহাস
অসমত বাস কৰা চীন-তিব্বতীয় মূলৰ এটা জনগোষ্ঠী হ'ল ৰাভা জনগোষ্ঠী জনগোষ্ঠী৷ জনশ্ৰুতি অনুসৰি ৰাভাসকলৰ আদি ৰজা দ'দান৷ প্ৰবল পৰাক্ৰমী এই দ'দান ৰজা হেনো প্ৰথমে বাণ ৰজাৰ সেনাপতি আছিল৷ অৱশ্যে কোনো কোনোৰ মতে দ'দান বাণাসুৰৰ ভাগিনীয়েক আছিল৷ আন কোনোৱে আকৌ বাণ ৰজাৰ জ্যেষ্ঠ পুত্ৰ ইন্দ্ৰদমনকেই দ'দান বুলিও বিশ্বাস কৰে৷১
বাণ ৰজাৰ জীয়ৰী উষাক কৃষ্ণৰ নাতি অনিৰুদ্ধই অগ্নিগড়ৰ ভিতৰতে গন্ধৰ্ব বিবাহ কৰোৱা বুলি জানি বাণ ৰজাই নাগপাশেৰে বন্দী কৰি ৰাখে৷ এই কথা শুনি শ্ৰীকৃষ্ণই আহি বাণ ৰজাৰ লগত যুদ্ধ কৰে৷ হৰি-হৰৰ যুদ্ধ ৰূপে পৰিগণিত এই যুদ্ধত বাণ ৰজাৰ সৈন্য ছেদেলি-ভেদেলি হৈ পৰাত প্ৰধান সেনাপতি দ'দানেও যুদ্ধত আহত হৈ ৰাজ্য ত্যাগ কৰি শেষত 'দক্ষিণ কোল'লৈ আহি ৰাজ্য স্থাপন কৰে৷ দ'দানে মাৰুক্ষেত্ৰীকে ধৰি স্বজন-সামন্তলৈ তুৰা-ফুলবাৰীলৈ আহি তাতে নিগাজিকৈ ৰাজ্য স্থাপন কৰে৷১
ৰাভাসকল শাক্তপন্থী৷ যিহেতু দ'দান শিৱভক্ত আছিল, সেয়ে ৰাভাসকলে শিৱক (ৰিছি) প্ৰধান দেৱতা হিচাপে গণ্য কৰে৷ এই মেলাত ৰাভা জনগোষ্ঠীৰ বিভিন্ন নৃত্য-গীত অনুষ্ঠিত হোৱাৰ লগতে চাৰ্কাছ, চিনেমা, মিনাবজাৰ দৰে অনুষ্ঠানো অনুষ্ঠিত হয়৷১
তথ্যসূত্ৰ
- ↑ পৰ্যটন ক্ষেত্ৰৰূপে দ'দান, মনোৰঞ্জন কলিতা, আমাৰ অসম, পূৰ্বাচল, ১৮ মাৰ্চ ২০১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ'দান থান” প্ৰবন্ধৰ সংশোধন ৬১১১৬৩ (৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।