অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দুখু মাঝি

দুখু মাঝি (Dukhu Majhi) পশ্চিমবংগৰ এগৰাকী পৰিৱেশ কৰ্মী। বিগত পাঁচটা দশকত তেওঁ ৫,০০০ৰো অধিক গছ ৰোপণ কৰিছে। ২০২৪ চনত ভাৰত চৰকাৰে তেওঁক পৰিৱেশ- বনানীকৰণৰ ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

হালনাগাদ: ২৫ ডিচেম্বৰ ২০২৫ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দুখু মাঝি (Dukhu Majhi) পশ্চিমবংগৰ এগৰাকী পৰিৱেশ কৰ্মী। বিগত পাঁচটা দশকত তেওঁ ৫,০০০ৰো অধিক গছ ৰোপণ কৰিছে।১ ২০২৪ চনত ভাৰত চৰকাৰে তেওঁক পৰিৱেশ- বনানীকৰণৰ ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।২

জীৱনী

দুখু মাঝিৰ জন্ম পশ্চিমবংগৰ পুৰুলীয়াৰ সিন্দ্ৰি গাঁৱত। যদিও তেওঁ কেতিয়াও কোনো আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল, তথাপি পোন্ধৰ বছৰ বয়সতে তেওঁ উপলব্ধি কৰিছিল যে গছ মানুহৰ জীৱনৰ বাবে‍ অত্যন্ত উপকাৰী। আযোধ্যা পাহাৰৰ ভূ-খণ্ডৰ সেউজীয়া বৃদ্ধিৰ আঁৰৰ মানুহ তেওঁ।৩৪ তেতিয়াৰপৰাই তেওঁ পথাৰ, ঘাঁহনি, শ্মশানত গছ ৰোপণ কৰিবলৈ ধৰিলে। য’তেই খালী ঠাই দেখিছিল তাতেই গছপুলি ৰোপণ কৰি চোৱা-চিতা কৰিছিল। ৭৯ বছৰ বয়সতো তেওঁ ৰাতিপুৱা চাইকেলত দুটা টিনৰ পাত্ৰত পানী লৈ গছপুলি‍ ৰোপণৰ বাবে কোৰ, কুঠাৰ লৈ ওলাই গৈছিল।৫

২০২২ চনত পৰিচালক সোমনাথ মণ্ডলে দুখু মাঝিৰ বিষয়ে "ৰুখু মাটিৰ দুখু মাঝি" শীৰ্ষক বাংলা ভাষাত এখন চুটি (২৮ মিনিট) তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল আৰু ২০২২ চনৰ ১৫ মে'ত তথ্যচিত্ৰখন মুক্তি পাইছিল।

তথ্যসূত্ৰ

  1. ↑ (2 February 2024). Dukhu Majhi: Bengal's Padma Shri Hero Grows a Forest with 5,000 Trees. growbilliontrees.com
  2. ↑ (2024-01-26). From the man who planted over 5,000 trees to the original singer of 'Boroloker Bitilo', 8 from West Bengal get Padma Shri. The Indian Express
  3. ↑ Ballav. (2019). AKHSAR SANGLAP BORSHO BARAN SANKHYA 1426. AKHSAR SANGLAP PRAKASHAN. পৃ. 28
  4. ↑ Giri, Anil. (27 January 2024). Man's passion for planting saplings in Bengal's remote region draws attention. ইণ্ডিয়া টুডে
  5. ↑ Thakur, Joydeep; Pal, Sreyasi. (1 September 2023). Man's passion for planting saplings in Bengal's remote region draws attention. হিন্দুস্তান টাইমছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুখু মাঝি” প্ৰবন্ধৰ সংশোধন ৫৬৬১৪৯ (২৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।