বাক্সা জিলা
৭ প্ৰবন্ধ
-
বাক্সা জিলা
বাক্সা জিলা অসম ৰাজ্যৰ এখন প্রশাসনিক জিলা, যাৰ সদৰ মুছলপুৰত অৱস্থিত। ২০০৩ চনত বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ ভিতৰত নতুন জিলা হিচাপে গঠিত এই জিলাখনৰ আয়তন প্ৰায় ২৪০০ বৰ্গ কিলোমিটাৰ।
-
শালবাৰী মহাবিদ্যালয়
শালবাৰী মহাবিদ্যালয় (English: Salbari College) এখন প্ৰাদেশিক মহাবিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ইয়াত স্নাতক(কলা), স্নাতক (বিজ্ঞান) আৰু স্নাতকোত্তৰ (দূৰ শিক্ষা) পাঠ্যক্ৰম প্ৰদান কৰা হয়।
-
দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (বাক্সা)
দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (Dakshin Bijni Degree College) অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দবজাৰ অঞ্চলৰ এখন উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰে।
-
বৰবৰী নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়
বৰবৰী নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় (Barbari Nehru Higher Secondary school অসমৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এখন বিদ্যালয়। বিদ্যালয়খন বৰবৰী বজাৰৰ সমীপত বৰমা-পাখামাৰা পথৰ পুৱ দিশত অৱস্থিত।
-
শালবাৰী
শালবাৰী (Salbari), অসমৰ বাক্সা জিলাৰ প্ৰায় পশ্চিম দিশত অৱস্থিত এখন মহকুমা। বাক্সা জিলা সদৰৰপৰা ইয়াৰ দূৰত্ব প্ৰায় ৪০ কিলোমিটাৰ আৰু অসমৰ নামনি-মধ্য অঞ্চলত অৱস্থিতি।
-
আনন্দ বজাৰ (বাক্সা)
আনন্দ বজাৰ (Ananda Bazar), অসমৰ বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদBTCৰ অন্তৰ্গত বাক্সা জিলাৰ পশ্চিম প্ৰান্তত শালবাৰী মহকুমাৰ অন্তৰ্ভুক্ত এখন অঞ্চল। আনন্দ বজাৰ অঞ্চলটো বিশেষকৈ সাপ্তাহিক বজাৰ, শিক্ষা আৰু আন আন দিশৰ বাবে বিখ্যাত। বাক্সা জিলাৰ (সদৰ) পৰা ইয়াৰ দূৰত্ব প্ৰায় ৩৬ কিলোমিটাৰ।
-
শিমলাবাৰী
শিমলাবাৰী (যাক শিমলুবাৰী বুলিও জনা যায়) ভাৰতৰ অসম ৰাজ্যৰ বাক্সা জিলাৰ অন্তৰ্গত এখন লোকপিয়ল গাঁও। ২০১১ চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য অনুসৰি, শিমলাবাৰী গাঁৱৰ মুঠ জনসংখ্যা আছিল ৪,৩৫৭ জন; যাৰ ভিতৰত ২,২০৬ জন পুৰুষ আৰু ২,১৫১ গৰাকী মহিলা। গাঁওখনৰ সাক্ষৰতাৰ হাৰ ৫৪.৫৬%।