তুলিকা চেতিয়া য়েইন ( Tulika Chetia Yain ) হৈছে এগৰাকী অসমীয়া কবি। শদিয়াৰ পৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে ফেৰীৰে যাত্ৰা কৰা তুলিকা চেতিয়া য়েইন অসমৰ একমাত্ৰ নাৰী।
জন্ম আৰু বংশ পৰিচয়
তেখেতে ১৯৭৪ চনত অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ মিমেত জন্ম গ্ৰহণ কৰিছিল।
শিক্ষা
শিক্ষাতত্ব বিভাগত স্নাতক, ১৯৯৪
সামাজিক জীৱন
অংশগ্ৰহণ কৰা অনুষ্ঠানসমূহ
- ২০১৩ চনত অৰুণাচল লিটাৰ্চোৰ ছ'চাইটিৰ দ্বাৰা অনুষ্ঠিত সাহিত্য অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ।
- ২০১৪ চনত সাহিত্য অকাডেমীৰ দ্বাৰা অনুষ্ঠিত দিল্লীত অনুষ্ঠিত অস্মিতা অনুষ্ঠানত অংশগ্ৰহণ।
- ২০১৫ চনত চণ্ডিগড়ত সাহিত্য অকাডেমীৰ দ্বাৰা অনুষ্ঠিত সৰ্বভাৰতীয় লেখক সন্মিলনত অংশগ্ৰহণ।
- ২০১৭ চনত দিল্লীত অনুষ্ঠিত উত্তৰ-পূব আৰু দক্ষিণ ভাৰতৰ সাহিত্য অকাডেমীৰ সাহিত্য সন্মিলনত অংশগ্ৰহণ।
- ২০১৭ চনত দিল্লীত অনুষ্ঠিত চাৰ্ক সম্মিলনত অংশগ্ৰহণ।
- ২০১৭ চনত থাইলেণ্ডত, থাইলেণ্ড আৰু ভাৰত চৰকাৰৰ দ্বাৰা অনুষ্ঠিত ভাৰত আৰু থাইলেণ্ড উৎসৱত বক্তা হিচাপে অংশগ্ৰহণ।
- ২০১৭ চনত সাহিত্য অকাডেমী আৰু কলিকতাৰ ৰেডিঅ' চেণ্টাৰ দ্বাৰা আয়োজিত অনুষ্ঠানত উত্তৰ-পূবৰ কবি হিচাপে অংশগ্ৰহণ।
- ২০১৮ চনত বাংগালুৰুত সাহিত্য অকাডেমীৰ দ্বাৰা অনুষ্ঠিত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম নাৰীলেখক
সন্মিলনত নেতৃত্ব গ্ৰহণ কৰি অংশগ্ৰহণ
- ২০১৮ চনত আন্দামান নিকোবৰত সাহিত্য অকাডেমীৰ দ্বাৰা অনুষ্ঠিত সৰ্বভাৰতীয় কবি সন্মিলনত অংশগ্ৰহণ।
- ২০১৯ চনত ভূপালত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু সাহিত্য অকাডেমী দিল্লীৰ দ্বাৰা অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত অংশগ্ৰহণ।
- ২০১৯ চনত কলিকতাৰ শান্তিনিকেতনত হিন্দী সাহিত্য সভাৰ দ্বাৰা অনুষ্ঠিত কবি সন্মিলনত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে।
- ২০১১ আৰু ২০১২ চনত নেচনেল বুক ট্ৰাষ্টৰ কৰি সন্মিলনত অংশগ্ৰহণ।
- ২০১৮ আৰু ২০১৯ চনত ৰাজস্থানৰ জয়পুৰ প্ৰগ্ৰেচিভ লিটাৰ্চোৰ ফেষ্টিভেলত উত্তৰ-পূবৰ হৈ অংশগ্ৰহণ।
- ২০১৯ চনত অৰুণাচল লিটাৰেচাৰ ফেষ্টিভেলত কবি হিচাপে অংশগ্ৰহণ।
- ২০২০ চনত ঘানা ইউনিভাৰচিটিৰ বিজনেচ এণ্ড ইকনমিক্চ নামৰ ৰিচাৰ্চ ছ'চাইটিত চাৰিখন গবেষণা পত্ৰ প্ৰকাশ।
সাহিত্যৰাজি
প্ৰকাশিত গ্ৰন্থ
- মৌনতাৰ আত্মপাঠ (কবিতা)
- হাঁহিৰ আকাশ প্ৰেমৰ আকাশ (গদ্য)
- আকাশ নথকা ৰাতি (কবিতা)
- স্বপ্ন প্ৰেমৰ প্ৰাৰ্থনা (কবিতা)
- Royal Architechture of Ahom (Bilangual )
- দিখৌ আৰু দিচাংঃ দুখন নদীৰ গাথা (নদী বিষয়ক গ্ৰন্থ)
অসমীয়া প্ৰতিদিনৰ সম্ভাৰত পাঠকৰ হৃদয় আলোকিত কৰা প্ৰতি দেওবাৰে প্ৰকাশ পোৱা ‘স্বপ্নৰ স্বদেশ মোৰ অৰুণাচল' এখন আত্মজীৱনীমূলক উপন্যাস। নিয়মীয়া বাৰ্তাত প্ৰকাশিত, ‘মই তোমাৰ উশাহৰ গান-যাযাবৰী দিনলিপি' সকলোতকৈ বহুল প্ৰচলিত ধাৰাবাহিক ভ্ৰমণ গাথা আছিল। অসমীয়া প্ৰতিদিন, দৈনিক অসম, নিয়মীয়া বাৰ্তা, খবৰ, আমাৰ অসম, দৈনিক জনসাধাৰণ, দৈনিক জনমভূমি, দৈনিক বাতৰি আদি বাতৰি কাকতৰ লগতে সাতসৰী, গৰীয়সী, প্ৰান্তিক প্ৰকাশ, বাৰ্তাপখিলী আলোচনীত প্ৰকাশিত উত্তৰ-পূব ভাৰতৰ বিভিন্ন লোকসংস্কৃতি বিষয়ক আৰু বুৰঞ্জী বিষয়ক তত্ত্বগধূৰ প্ৰায় ১০০০ প্ৰবন্ধ লিখিছে।
সম্পাদিত গ্ৰন্থ
- হেম বুঢ়াগোহাঞি ৰচনাৱলী দুটা বৃহৎ খণ্ড
- ছে-ৰায়-ডয়
- ছেং-মুং
বঁটা আৰু সন্মান
- আন্তঃৰাষ্ট্ৰীয় তথাগত সৃজন সম্মান’ ২০১৮,
- বিহাৰ হিন্দী সাহিত্য সভাৰ দ্বাৰা 'শতাব্দী বঁটা, ২০১৯
- অসম চৰকাৰৰৰ 'লেখক সম্বৰ্ধনা বঁটা', ২০২০
- All India Radio ডিব্ৰুগড়ৰ অসম সাহিত্য কানন অনুষ্ঠানৰ নিয়মীয়া পাঠক।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুলিকা চেতিয়া য়েইন” প্ৰবন্ধৰ সংশোধন ৩৭৮৫৮০ (১৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।