ছাৰ ডেমিছ হাছাবিছ ( ইংৰাজী: Sir Demis Hassabis; জন্ম: ২৭ জুলাই ১৯৭৬) এজন ব্ৰিটিছ গণনামূলক স্নায়ুবিজ্ঞানী১, কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষক আৰু উদ্যোগী। কৰ্মজীৱনৰ আৰম্ভণিতে তেওঁ এজন কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ভিডিঅ' গেম নিৰ্মাতা, প্ৰগ্ৰেমাৰ আৰু ডিজাইনাৰ আছিল আৰু ব'ৰ্ড খেলাৰ পাৰদৰ্শী খেলুৱৈ আছিল।২ তেওঁ গুগল ডিপমাইণ্ড৩ আৰু আইছ'মৰ্ফিক লেবছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক৪৫৬ আৰু ব্ৰিটেইন চৰকাৰৰ কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক উপদেষ্টা৭৮৯ ১০
হাছাবিছ ৰয়েল ছ'চাইটিৰ এজন বিশিষ্ট সভ্য (ফেল')। তেওঁ আলফাফল্ডত ( ডিপমাইণ্ড কোম্পানী উদ্ভাৱিত কৃত্ৰিম বুদ্ধিমত্তা) কৰা কামৰ বাবে ব্ৰেকথ্ৰু বঁটা, কানাডা গেইৰ্ডনাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা, আৰু লেস্কাৰ বঁটাকে ধৰি বহুতো সন্মানীয় বঁটা লাভ কৰিছে। ২০১৭ চনত তেওঁ অৰ্ডাৰ অব দি ব্ৰিটিছ এম্পায়াৰ উপাধি লাভ কৰে আৰু টাইম আলোচনীৰ নিৰ্বাচিত ১০০জন আটাইতকৈ প্ৰভাৱশালী লোকৰ তালিকাত স্থান লাভ কৰে। ২০২৪ চনত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে অৱদানৰ স্বীকৃতি ৰূপে তেওঁক নাইট উপাধিৰে বিভূষিত কৰা হয়।১১
হাছাবিছ আৰু জন এম জাম্পাৰক প্ৰটিনৰ গঠনৰ ভৱিষ্যদ্বাণীৰ বাবে বিকাশ কৰা আলফাফ'ল্ড প্ৰগ্ৰেমৰ বাবে ২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।১২১৩ পুৰস্কাৰৰ অৰ্থৰ অৰ্ধেক যৌথভাবে তেওঁলোকে লাভ কৰে।
হাছাবিছ কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা অস্তিত্বৰ বিপদৰ ধাৰণাটোৰ এজন প্ৰধান প্ৰচাৰক, তেওঁ যুক্তি আগবঢ়ায় যে মানুহতকৈ বুদ্ধিমান হ'বলৈ এআইক কেইবছৰমানহে লাগিব আৰু ইয়াৰ ফলত মানুহৰ বিলুপ্তিৰ সম্ভাৱনা আছে, বিশেষকৈ যদি ইয়াৰ অপব্যৱহাৰ কৰা হয়। ২০২৩ চনত হাছাবিছে এই বিবৃতিত স্বাক্ষৰ কৰে যে "এআইৰ পৰা বিলুপ্তিৰ আশংকা হ্ৰাস কৰাটোৱে মহামাৰী আৰু পাৰমাণৱিক যুদ্ধৰ দৰে সামূহিক বিপদৰ সমান্তৰালভাৱে বিশ্বব্যাপী অগ্ৰাধিকাৰ পাব লাগে।" ১৪
প্ৰাথমিক জীৱন আৰু শিক্ষা
হাছাবিছৰ জন্ম হৈছিল গ্ৰীক চাইপ্ৰ'ছৰ পিতৃ১৫ আৰু ছিংগাপুৰৰ চীনা মাতৃৰ ঘৰত১৬ আৰু তেওঁ উত্তৰ লণ্ডনত ডাঙৰ-দীঘল হৈছিল।১৭১৮ চাৰি বছৰ বয়সৰ পৰাই দবাখেলৰ বিস্ময়-বালক১৯২০ হাছাবিছে ১৩ বছৰ বয়সত ২৩০০ ইলো ৰেটিং লাভ কৰি কেণ্ডিডেট মাষ্টাৰ খিতাপ লাভ কৰিছিল আৰু ইংলেণ্ডৰ একাধিক জুনিয়ৰ দবা দলৰ অধিনায়ক আছিল।২১ ১৯৯৫,২২] ১৯৯৬২৩ আৰু ১৯৯৭ চনত অক্সফৰ্ড-কেম্ব্ৰিজ ভাৰ্চিটি দবা মেচত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি কৃতিত্ব প্ৰদৰ্শন কৰিছিল।২৪
১৯৮৮ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত হাছাবিছে উত্তৰ লণ্ডনৰ এখন ল’ৰাৰ ব্যাকৰণ স্কুল কুইন এলিজাবেথ স্কুলত শিক্ষা গ্ৰহণ কৰে। পিছলৈ মাক-দেউতাকে তেওঁক ঘৰতে পঢ়ুৱাবলৈ আৰম্ভ কৰিলে। এই সময়ছোৱাত তেওঁ দবা প্ৰতিযোগিতাত জয়ী হোৱা ধনেৰে তেওঁৰ প্ৰথম কম্পিউটাৰ জেড এক্স স্পেকট্ৰম ৪৮ কে কিনিছিল। তেওঁ নিজেই কিতাপৰ পৰা প্ৰগ্ৰেমিং শিকিছিল। হাছাবিছে ৰিভাৰ্ছি ব'ৰ্ড গেমছৰ ওপৰত ভিত্তি কৰি কমোডোৰ এমিগা-ত তেওঁৰ প্ৰথম এআই প্ৰগ্ৰেম লিখিছিল।২৫ ইয়াৰ পাছত তেওঁ ফিন্সলিৰ ক্ৰাইষ্ট কলেজৰ কম্প্ৰিহেনছিভ বিদ্যালয়ত অধ্যয়ন কৰে। ১৬ বছৰ বয়সত তেওঁ তাৰ এ- লেভেল পৰীক্ষা দুবছৰৰ আগেয়ে সম্পূৰ্ণ কৰে।২৬
বুলফ্ৰগ প্ৰডাকচন
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে তেওঁক কম বয়সৰ বাবে এটা বছৰ অপেক্ষা কৰিবলৈ কোৱাত[25] হাছাবিছে আমিগা পাৱাৰৰ "উইন-এ-জব-এট-বুলফ্ৰগ" প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত[33] বুলফ্ৰগ প্ৰডাকচনত কম্পিউটাৰ গেমছ কেৰিয়াৰ আৰম্ভ কৰে।২০ ২৭ তেওঁ প্ৰথমে চিণ্ডিকেটত লেভেল ডিজাইনিং কৰি আৰম্ভ কৰিছিল। তাৰ পিছত ১৭ বছৰ বয়সত ১৯৯৪ গেম থিম পাৰ্কত গেমটোৰ ডিজাইনাৰ পিটাৰ মলিনিউক্সৰ সৈতে সহ-ডিজাইনিং আৰু প্ৰগ্ৰেমিঙৰ নেতৃত্ব দিছিল।২৮ থিম পাৰ্ক নামৰ চিমুলেচন ভিডিঅ' গেমটোৰ কেইবা নিযুত কপি বিক্ৰী হৈছিল২৮ আৰু ই চিমুলেচন ছেণ্ডবক্স গেমৰ ধাৰাটোক অনুপ্ৰাণিত কৰিছিল। এই বছৰটোত বিশ্ববিদ্যালয়ৰ খৰচ নিজেই দিব পৰাকৈ তেওঁ যথেষ্ট উপাৰ্জন কৰিছিল।২০
কেম্ব্ৰিজ বিশ্ববিদ্যালয়
হাছাবিছে বুলফ্ৰগ এৰি কেম্ব্ৰিজৰ কুইন্স কলেজত অধ্যয়ন কৰে আৰু তাৰ পৰাই কম্পিউটাৰ বিজ্ঞান ট্ৰাইপ'ছ সম্পূৰ্ণ কৰে আৰু ১৯৯৭ চনত ডাবল ফাৰ্ষ্ট ডিগ্ৰী লাভ কৰে।২১
কৰ্মজীৱন আৰু গৱেষণা
লায়নহেড
কেম্ব্ৰিজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত হাছাবিছে লায়নহেড ষ্টুডিঅ'ত কাম কৰে।২৯ এই কোম্পানীটো তেওঁৰ বুলফ্ৰগ প্ৰডাকচনৰ পূৰ্বৰ সতীৰ্থ গেমছ ডিজাইনাৰ পিটাৰ মলিনিউছে শেহতীয়াকৈ প্ৰতিষ্ঠা কৰিছিল। লায়নহেডত হাছাবিছে ২০০১ চনৰ গড গেম ব্লেক এণ্ড হোৱাইটত মুখ্য এআই প্ৰগ্ৰেমাৰ হিচাপে কাম কৰিছিল।২১
এলিক্সিৰ ষ্টুডিঅ
১৯৯৮ চনত হাছাবিছে লায়নহেড এৰি লণ্ডনত স্বতন্ত্ৰ গেমছ ডেভেলপাৰ এলিক্সিৰ ষ্টুডিঅ' প্ৰতিষ্ঠা কৰে আৰু ইডছ ইণ্টাৰেক্টিভ, ভিভেণ্ডি ইউনিভাৰ্চেল আৰু মাইক্ৰ'ছফ্টৰ সৈতে প্ৰকাশনৰ বাবে চুক্তি স্বাক্ষৰ কৰে।[৩০] কোম্পানীটো পৰিচালনা কৰাৰ উপৰিও হাছাবিছে ৰিপাব্লিক: দ্য ৰিভল্যুচন আৰু ইভিল জিনিয়াছ গেমছৰ কাৰ্যবাহী ডিজাইনাৰ হিচাপে কাম কৰিছিল।২১ জেমছ হেনিগানে সৃষ্টি কৰা ইণ্টাৰেক্টিভ মিউজিক স্কোৰৰ বাবে দুয়োটা গেমেই বাফটা মনোনয়ন লাভ কৰে।
এলিক্সিৰৰ প্ৰথমখন গেম ৰিপাব্লিক: দ্য ৰিভল্যুচন অতি অভিলাষী আৰু অস্বাভাৱিক ৰাজনৈতিক চিমুলেচন গেম আছিল।৩১ ইয়াৰ বিশাল পৰিসৰৰ বাবে মুক্তি পাওঁতে পলম হয়। ইয়াত এখন কাল্পনিক দেশৰ সমস্ত কাম-কাজৰ এআই চিমুলেচন জড়িত আছিল। চূড়ান্ত খেলখনত পৰিসৰ হ্ৰাস কৰা হৈছিল। খেলুৱৈসকলে মৃদু সমালোচনাৰে আদৰণি জনোৱা খেলখনে মেটাক্ৰিটিক স্ক'ৰ ৬২/১০০ লাভ কৰিছিল।৩২ ইয়াৰ তুলনাত বণ্ডৰ খলনায়ক চিমুলেটৰ ইভিল জিনিয়াছে ৭৫/১০০ স্ক'ৰেৰে বহুত ভাল ফলাফল দেখুৱাইছিল।৩৩ ২০০৫ চনৰ এপ্ৰিল মাহত বৌদ্ধিক সম্পত্তি আৰু প্ৰযুক্তিৰ অধিকাৰ বিভিন্ন প্ৰকাশকক বিক্ৰী কৰা হয় আৰু ষ্টুডিঅ'টো বন্ধ কৰা হয়।৩৪৩৫
ৱায়াৰ্ড সন্মিলন, লণ্ডনত]]
ইউনিভাৰ্চিটি কলেজ লণ্ডনত স্নায়ুবিজ্ঞানৰ গৱেষণা
এলিক্সিৰ ষ্টুডিঅ'ৰ পিছত হাছাবিছে ২০০৯ চনত এলিন'ৰ মেগুৱেৰৰ তত্ত্বাৱধানত ইউনিভাৰ্চিটি কলেজ লণ্ডনৰপৰা সংজ্ঞানাত্মক স্নায়ুবিজ্ঞানত পি এইচ ডি কৰে।তেওঁ নতুন এআই এলগৰিদমৰ বাবে মানুহৰ মগজুত প্ৰেৰণা বিচাৰিছিল।৩৬
তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজি (এমআইটি), টমাছ' প'জিঅ'ৰ লেব আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত পৰিদৰ্শনকাৰী বিজ্ঞানী ৰূপে স্নায়ু বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তা সংক্ৰান্তিয় গৱেষণা অব্যাহত ৰাখিছিল। ২০০৯ চনত হেনৰী ৱেলকাম পষ্ট ডক্তৰেল গৱেষণা ফেলোশ্বিপ লাভ কৰি তেওঁ ইউ চি এল-ৰ গেচ্ছবি কম্পিউটেচনেল স্নায়ুবিজ্ঞান ইউনিটত যোগদান কৰি পিটাৰ দয়ানৰ সৈতে কাম কৰে।১৭৩৭
কল্পনা, স্মৃতিশক্তি আৰু স্মৃতিভ্ৰংশৰ ক্ষেত্ৰত কাম কৰি তেওঁ নেচাৰ, চায়েন্স, নিউৰন আৰু পিএনএএছত কেইবাখনো প্ৰভাৱশালী গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল । পিএনএএছত প্ৰকাশিত তেওঁৰ প্ৰথম শৈক্ষিক কাম,৩৮ আছিল এক গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰ যিয়ে প্ৰথমবাৰৰ বাবে পদ্ধতিগতভাৱে দেখুৱাইছিল যে স্মৃতিভ্ৰংশৰ কাৰণ বুলি জনাজাত হিপ’কেম্পছৰ ক্ষতিগ্ৰস্ততাত ভোগা ৰোগীসকলে নতুন অভিজ্ঞতাত নিজকে কল্পনা কৰিবও নোৱাৰে। এই তথ্যই কল্পনাৰ গঠনমূলক প্ৰক্ৰিয়া আৰু এপিচ’ডিক স্মৃতি স্মৰণৰ পুনৰ্গঠন প্ৰক্ৰিয়াৰ মাজত এক যোগসূত্ৰ স্থাপন কৰিলে। এই কাম আৰু ফাংছনেল মেগনেটিক ৰেজোনেন্স ইমেজিং (fMRI) অধ্যয়নৰ ভিত্তিত,৩৯ হাছাবিছে দৃশ্য নিৰ্মাণ, জটিল আৰু সুসংহত দৃশ্যৰ সৃষ্টি আৰু অনলাইন ব্যৱস্থাপনা চিনাক্ত কৰি এপিচ'ডিক স্মৃতিশক্তি ব্যৱস্থাৰ এক নতুন তাত্ত্বিক বিৱৰণ বিকশিত কৰিছিল৪০। এই কামে মূলসুঁতিৰ সংবাদ মাধ্যমত ব্যাপক প্ৰচাৰ লাভ কৰে৪১ আৰু চাইন্স আলোচনীয়ে বছৰৰ শীৰ্ষ ১০টা বৈজ্ঞানিক অগ্ৰগতিৰ ভিতৰত তালিকাভুক্ত কৰে।৪২ পিছলৈ তেওঁ এই ধাৰণাসমূহক সাধাৰণীকৰণ কৰি 'মনৰ ছিমুলেছন ইঞ্জিন'ৰ ধাৰণা আগবঢ়ায় আৰু দেখুৱায় যে উন্নত পৰিকল্পনাত সহায়ক হোৱাকৈ পৰিঘটনা আৰু পৰিস্থিতিৰ কল্পনা কৰাত ই ভূমিকা পালন কৰে।৪৩৪৪
ডিপমাইণ্ড
হাছাবিছে ২০১০ চনত শ্বেন লেগ আৰু মুস্তাফা চুলেমানৰ সৈতে লণ্ডনত মেচিন লাৰ্নিং এআই ষ্টাৰ্টআপ ডিপমাইণ্ড প্ৰতিষ্ঠা কৰে। হাছাবিছ আৰু লেগ দুয়ো একেলগে গেচ্ছবি কম্পিউটেচনেল নিউৰ'ছায়েন্স ইউনিটত পোষ্টডক্টৰ আছিল। হাছাবিছ আৰু চুলেমান পাৰিবাৰিক বন্ধু আছিল।৪৫ হাছাবিছে তেওঁৰ বিশ্ববিদ্যালয়ৰ বন্ধু আৰু এলিক্সিৰৰ অংশীদাৰ ডেভিদ ছিলভাৰকো নিযুক্তি দিছিল। ৪৬
ডিপমাইণ্ডৰ লক্ষ্য হৈছে "বুদ্ধিমত্তা সমাধান কৰা" আৰু তাৰ পিছত বুদ্ধিমত্তা ব্যৱহাৰ কৰি "বাকী সকলো সমাধান কৰা।" ৪৭ অধিক সুনিৰ্দিষ্টভাৱে ক'বলৈ গ'লে, ডিপমাইণ্ডৰ লক্ষ্য হৈছে মেচিন লাৰ্নিং আৰু কম্পিউটিং হাৰ্ডৱেৰৰ নতুন বিকাশৰ সৈতে চিষ্টেম স্নায়ুবিজ্ঞানৰ অন্তৰ্দৃষ্টি সংযুক্ত কৰি ক্ৰমান্বয়ে শক্তিশালী সাধাৰণ উদ্দেশ্যৰ শিক্ষণ এলগৰিদমসমূহ উন্মুক্ত কৰা যিয়ে এটা কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা (AGI) সৃষ্টিৰ দিশত কাম কৰিব। কোম্পানীটোৱে গেম আয়ত্ত কৰিবলৈ শিক্ষণ এলগৰিদমক প্ৰশিক্ষণ দিয়াত গুৰুত্ব আৰোপ কৰে আৰু ২০১৩ চনৰ ডিচেম্বৰ মাহত ঘোষণা কৰে যে তেওঁলোকে ডিপ কিউ-নেটৱৰ্ক (DQN) নামৰ এলগৰিদম এটাক প্ৰশিক্ষণ দি এনে এক অগ্ৰণী অগ্ৰগতি লাভ কৰিছে যে ই কেৱল ইনপুট হিচাপে পৰ্দাত কেঁচা পিক্সেলসমূহ ব্যৱহাৰ কৰি অতিমানৱীয় পৰ্যায়ত আটাৰী গেম খেলিব পাৰে।৪৮
ডিপমাইণ্ডৰ প্ৰাৰম্ভিক বিনিয়োগকাৰীসকলৰ ভিতৰত কেইবাজনো বিখ্যাত টেক উদ্যোগী আছিল।৪৯৫০ ২০১৪ চনত গুগলে ৪০ কোটি পাউণ্ডত ডিপমাইণ্ড ক্ৰয় কৰিছিল। কোম্পানীটোৰ বেছিভাগেই লণ্ডনত অৱস্থিত এটা স্বতন্ত্ৰ সত্তা হৈয়েই আছে।৫১ মাথোঁ ডিপমাইণ্ড হেল্থ প্ৰত্যক্ষভাৱে গুগল হেল্থৰ সৈতে যুক্ত হৈছে।৫২
গুগলে অধিগ্ৰহণ কৰাৰ পিছৰে পৰা কোম্পানীটোৱে কেইবাটাও উল্লেখযোগ্য কৃতিত্ব লাভ কৰিছে, সম্ভৱতঃ আটাইতকৈ উল্লেখযোগ্য হৈছে আলফাগ’ৰ সৃষ্টি, যিটো প্ৰগ্ৰেমে জটিল খেল গ’ত বিশ্ব চেম্পিয়ন লি চেডলক পৰাস্ত কৰিছিল। ইয়াৰ উচ্চ সংখ্যক সম্ভাৱ্য ব'ৰ্ডৰ স্থান আৰু বৰ্তমানৰ প্ৰগ্ৰেমিং কৌশলক দিয়া প্ৰতিৰোধৰ বাবে গ'ক এআইৰ পবিত্ৰ গ্ৰেইল বুলি গণ্য কৰা হৈছিল।৫৩৫৪ কিন্তু ২০১৫ চনৰ অক্টোবৰ মাহত আলফাগ'ৱে ইউৰোপীয় চেম্পিয়ন ফেন হুইক ৫-০ ব্যৱধানত পৰাস্ত কৰাৰ পিছত ২০১৬ চনৰ মাৰ্চ মাহত প্ৰাক্তন বিশ্ব চেম্পিয়ন লি চেডলৰ বিৰুদ্ধে ৪-১ ব্যৱধানত জয়লাভ কৰে।৫৫৫৬ ডিপমাইণ্ডৰ অতিৰিক্ত সাফল্যসমূহৰ ভিতৰত আছে এটা স্নায়ু টুৰিং মেচিন সৃষ্টি কৰা,৫৭ গুগলৰ ডাটা চেণ্টাৰত শীতল ব্যৱস্থাসমূহে ব্যৱহাৰ কৰা শক্তি ৪০% হ্ৰাস কৰা,৫৮ এআই সুৰক্ষাৰ ওপৰত গৱেষণা আগবঢ়াই নিয়া,৫৯৬০ আৰু যুক্তৰাজ্যৰ নেচনেল হেল্থ চাৰ্ভিচ (এন এইচ এছ) আৰু মূৰফিল্ডছ চকু চিকিৎসালয়ৰ সৈতে অংশীদাৰীত্ব সৃষ্টি কৰি চিকিৎসা সেৱা উন্নত কৰা আৰু চকুৰ অৱক্ষয়ী অৱস্থাৰ আৰম্ভণি চিনাক্ত কৰা।৬১
শেহতীয়াকৈ ডিপমাইণ্ডে নিজৰ কৃত্ৰিম বুদ্ধিমত্তাক বিজ্ঞানৰ ৫০ বছৰীয়া এক বৃহৎ প্ৰত্যাহ্বান প্ৰটিন ফ'ল্ডিঙলৈ টোঁৱাইছে যাতে ১ডি এমিনো এচিড ক্ৰমৰ পৰা প্ৰটিনৰ ৩ডি গঠন ভৱিষ্যদ্বাণী কৰিব পৰা যায়। জীৱবিজ্ঞানত এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা, কিয়নো প্ৰটিনবোৰ জীৱনৰ বাবে অপৰিহাৰ্য, প্ৰায় প্ৰতিটো জৈৱিক কাৰ্য্য ইয়াৰ ওপৰত নিৰ্ভৰশীল, আৰু প্ৰটিনৰ কাৰ্য ইয়াৰ গঠনৰ সৈতে জড়িত বুলি ভবা হয়। ২০১৮ চনৰ ডিচেম্বৰ মাহত ডিপমাইণ্ডৰ সঁজুলি আলফাফল্ডে ৪৩টা প্ৰটিনৰ ভিতৰত ২৫টা প্ৰটিনৰ আটাইতকৈ সঠিক গঠন সফলতাৰে ভৱিষ্যদ্বাণী কৰি ১৩ সংখ্যক ক্ৰিটিকেল এচেছমেণ্ট অৱ টেকনিকছ ফৰ প্ৰটিন ষ্ট্ৰাকচাৰ প্ৰিডিকচন (CASP)ত জয়লাভ কৰে। হাছাবিছে দ্য গাৰ্ডিয়ানক কয় যে এইটো এটা আলোক স্তম্ভ সদৃশ প্ৰকল্প-- এটা মৌলিক, অতি গুৰুত্বপূৰ্ণ, বাস্তৱ জগতৰ বৈজ্ঞানিক সমস্যাৰ প্ৰতি মানুহ আৰু সম্পদৰ পিনৰ পৰা আমাৰ প্ৰথম বৃহৎ বিনিয়োগ।৬২
ডিপমাইণ্ড মেচিন লাৰ্নিঙৰ ক্ষেত্ৰত প্ৰযুক্তিগত অগ্ৰগতিৰ বাবেও দায়ী, ই ভালেমান পুৰস্কাৰ-বিজয়ী প্ৰবন্ধ তৈয়াৰ কৰিছে। বিশেষকৈ, কোম্পানীটোৱে ডিপ লাৰ্নিং আৰু ৰিইনফোৰ্চমেণ্ট লাৰ্নিং ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি কৰিছে আৰু এই দুয়োটা পদ্ধতিকে একত্ৰিত কৰা ডিপ ৰিইনফোৰ্চমেণ্ট শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।৬৩
ব্যক্তিগত জীৱন
হাছাবিছে এগৰাকী ইটালীয় আণৱিক জীৱবিজ্ঞানীক বিয়া কৰাইছে। তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে। পৰিয়ালৰ সৈতে তেওঁ উত্তৰ লণ্ডনত বাস কৰে।৬৪৬৫৬৬ তেওঁ লিভাৰপুল এফ চিৰ আজীৱন অনুৰাগী।২০
তথ্যসূত্ৰ
- ↑ Koch, Christof. (1 July 2015). AI Software Teaches Itself Video Games. Scientific American
- ↑ (28 January 2014). Demis Hassabis: the secretive computer boffin with the £400 million brain. The Daily Telegraph
- ↑ Anon. (2017). Demis HASSABIS. companieshouse.gov.uk. Companies House
- ↑ Crist, Ry. (4 November 2021). Alphabet launches Isomorphic Labs, an AI-driven drug discovery startup. CNET
- ↑ Coldeway, Devin. (4 November 2021). Isomorphic Labs is Alphabet's play in AI drug discovery. TechCrunch
- ↑ Bonifacic, Igor. (4 November 2021). Alphabet's Isomorphic Labs is a new company focused on AI-driven drug discovery. www.msn.com
- ↑ Crist, Ry. (4 November 2021). Alphabet launches Isomorphic Labs, an AI-driven drug discovery startup. CNET
- ↑ Coldeway, Devin. (4 November 2021). Isomorphic Labs is Alphabet's play in AI drug discovery. TechCrunch
- ↑ Bonifacic, Igor. (4 November 2021). Alphabet's Isomorphic Labs is a new company focused on AI-driven drug discovery. www.msn.com
- ↑ World-leading expert Demis Hassabis to advise new Government Office for Artificial Intelligence. GOV.UK
- ↑ (28 March 2024). Leading AI figures awarded honours. The Independent
- ↑ The Nobel Prize in Chemistry 2024. Nobel Media AB
- ↑ Press release: The Nobel Prize in Chemistry 2024. NobelPrize.org
- ↑ AI risk must be treated as seriously as climate crisis, says Google DeepMind chief · Technology · The Guardian. amp.theguardian.com
- ↑ (2024-10-09). Nobel prize win for Greek Cypriot scientist. Cyprus Mail
- ↑ Dancel, Raul. (2024-10-09). Nobel Chemistry laureate Demis Hassabis has Singapore in his blood. The Straits Times
- ↑ Gardner, Jasmine. (31 January 2014). Exclusive interview: meet Demis Hassabis, London's megamind who just sold his company to Google for £400m. London Evening Standard
- ↑ Ahmed, Murad. (30 January 2015). Lunch with the FT: Demis Hassabis. Financial Times
- ↑ Demis Hassabis, PhD Biography and Interview. www.achievement.org. American Academy of Achievement
- ↑ Hassabis, Demis. (5 December 2020). BBC Radio 4 Profiles, 7pm 5 December 2020. BBC Podcast
- ↑ Gibbs, Samuel. (28 January 2014). Demis Hassabis: 15 facts about the DeepMind Technologies founder. The Guardian
- ↑ 1995 Varsity Chess Match, Oxford v Cambridge – www.saund.co.uk/britbase/pgn/199503vars-viewer.h – BritBase
- ↑ 1996 Varsity Chess Match, Oxford v Cambridge – www.saund.co.uk/britbase/pgn/199603vars-viewer.h – BritBase
- ↑ 1997 Varsity Chess Match, Oxford v Cambridge – www.saund.co.uk/britbase/pgn/199703vars-viewer.h – BritBase
- ↑ Amiga-news.de - Video interview with DeepMind founder: First AI program on Amiga
- ↑ Gibbs, Samuel. (28 January 2014). Demis Hassabis: 15 facts about the DeepMind Technologies founder. The Guardian
- ↑ Amiga Power N°16, August 1992, PP65-67 amr.abime.net/issue_16_pages
- ↑ Time 100 AI 2023 – Demis Hassabis. TIME. Time
- ↑ Demis Hassabis on Desert Island Discs. Desert Island Discs. BBC
- ↑ Hassabis, Demis. (2014). Demis Hassabis Personal Website. demishassabis.com
- ↑ Hermida, Alfred. (3 September 2003). Game plays politics with your PC. BBC News
- ↑ Republic: The Revolution. Metacritic
- ↑ Evil Genius. Metacritic
- ↑ Remo, Chris. (14 July 2009). Rebellion Acquires Vivendi Licenses, Considers New Franchise Titles. Gamasutra
- ↑ Elixir Studios. IGN
- ↑ (2012). Turing centenary: Is the brain a good model for machine intelligence?. Nature. পৃ. 462–463
- ↑ Shead, Sam. (21 May 2017). The incredible life of DeepMind founder Demis Hassabis, the computer whiz who sold his AI lab to Google for £400 million. Business Insider
- ↑ Hassabis, D.; Kumaran, D.; Vann, S. D. (2007). Patients with hippocampal amnesia cannot imagine new experiences. Proceedings of the National Academy of Sciences. পৃ. 1726–31
- ↑ Hassabis, D.; Kumaran, D.; Maguire, E. A. (2007). Using Imagination to Understand the Neural Basis of Episodic Memory. The Journal of Neuroscience. পৃ. 14365–14374
- ↑ Hassabis, D.; Maguire, E. A. (2007). Deconstructing episodic memory with construction. Trends in Cognitive Sciences. পৃ. 299–306
- ↑ Carey, Benedict. (23 January 2007). Amnesiacs May Be Cut Off From Past and Future Alike. The New York Times
- ↑ The News Staff. (2007). BREAKTHROUGH OF THE YEAR: The Runners-up. Science. পৃ. 1844a–
- ↑ Hassabis, Demis; Maguire, Eleanor A. (12 May 2009). The construction system of the brain. Philosophical Transactions of the Royal Society B: Biological Sciences. পৃ. 1263–1271
- ↑ Schacter, Daniel L.; Addis, Donna Rose; Hassabis, Demis. (21 November 2012). The Future of Memory: Remembering, Imagining, and the Brain. Neuron. পৃ. 677–694
- ↑ Rowan, David. (22 June 2015). DeepMind: Inside Google's Super Brain. Wired
- ↑ Metz, Cade. (19 May 2016). What the AI Behind AlphaGo Can Teach Us About Being Human. Wired
- ↑ Simonite, Tom. (31 March 2016). How Google Plans to Solve Artificial Intelligence. MIT Technology Review
- ↑ Simonite, Tom. (25 February 2015). Google's AI Masters Space Invaders But Still Sucks at Pacman. MIT Technology Review
- ↑ (26 January 2015). DeepMind Technologies. Angel
- ↑ Gannes, Liz. (26 January 2014). Exclusive: Google to Buy Artificial Intelligence Startup DeepMind for $400m. Recode
- ↑ (26 January 2015). Google to Buy Artificial Intelligence Company DeepMind. Reuters
- ↑ Lomas, Natasha. (19 September 2019). Google completes controversial takeover of DeepMind Health. TechCrunch
- ↑ Koch, Christof. (19 March 2016). How the Computer Beat the Go Master. Scientific American
- ↑ Hassabis, Demis. (21 April 2017). The mind in the machine: Demis Hassabis on artificial intelligence. Financial Times
- ↑ Metz, Cade. (27 January 2016). In a Huge Breakthrough, Google's AI Beats a Top Player at the Game of Go. Wired
- ↑ Yan, Sophia. (12 March 2016). A Google Computer Victorious Over the World's Go Champion. CNN Money
- ↑ (29 October 2014). Google's Secretive DeepMind Startup Unveils a Neural Turing Machine. MIT Technology Review
- ↑ (20 July 2016). DeepMind AI Reduces Google Data Centre Cooling Bill by 40%. DeepMind
- ↑ (20 July 2016). DeepMind AI Reduces Google Data Centre Cooling Bill by 40%. DeepMind
- ↑ Cuthbertson, Anthony. (8 June 2016). Google's Big Red Button Could Save the World. Newsweek
- ↑ Hern, Alex. (5 July 2016). Google DeepMind pairs with NHS to use machine learning to fight blindness. The Guardian
- ↑ Sample, Ian. (2 December 2018). Google's DeepMind predicts 3D shapes of proteins. The Guardian
- ↑ Silver, David. (17 June 2016). Deep Reinforcement Learning. DeepMind Blog
- ↑ Burton-Hill, Clemency. (16 February 2016). The superhero of artificial intelligence: can this genius keep it in check?. The Observer
- ↑ Ahmed, Murad. (30 January 2015). Lunch with the FT: Demis Hassabis. Financial Times
- ↑ (7 February 2014). Exclusive interview: meet Demis Hassabis, London's megamind who just sold his company to Google for £400m. Evening Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেমিছ হাছাবিছ” প্ৰবন্ধৰ সংশোধন ৬৩৭২১৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।