আমেৰিকান উপন্যাস
১৪ প্ৰবন্ধ
-
টোৱাইলাইট (উপন্যাস)
টোৱাইলাইট হ'ল ষ্টিফেনি মেয়াৰ ৰচিত ভেম্পায়াৰ-ৰোমাঞ্চ বিষয়ক এক উপন্যাস। এইখন হ'ল টোৱাইলাইট শৃংখলাৰ প্ৰথমখনি উপন্যাস য'ত পাঠকৰ ১৭ বছৰীয়া ইজাবেলা "বেলা" স্বানৰ লগত পৰিচিতি ঘটে যিয়ে ফিনিক্স,এৰিজোনা এৰি ফোৰ্কছ,ৱাছিংটনলৈ আহি এডৱাৰ্ড কালেন নামৰ ভেম্পায়াৰ এজনৰ প্ৰেমত পৰি নিজৰ জীৱন বিপদাপন্ন কৰি তোলে।
-
নিউ মুন (উপন্যাস)
নিউ মুন (New Moon) ষ্টিফেনি মেয়াৰ ৰচিত টোৱাইলাইট শৃংখলাৰ দ্বিতীয়খনি কাল্পনিক ৰোমাণ্টিক উপন্যাস। উপন্যাসখনত ইজাবেলা স্বান আৰু ভেম্পায়াৰ এডৱাৰ্ড কালেনৰ প্ৰেমকাহিনীয়ে এক নতুন মোৰ লাভ কৰে।
-
ইক্লিপ্স (উপন্যাস)
ইক্লিপ্স (Eclipse) ষ্টিফেনি মেয়াৰৰ টোৱাইলাইট শৃংখলাৰ তৃতীয়খন উপন্যাস। ইয়াত বেলা স্বান আৰু ভেম্পায়াৰ প্ৰেমিক এডৱাৰ্ড কালেনৰ প্ৰেমৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকে।
-
দ্য অ'ল্ড মেন এণ্ড দ্য ছী
দি অ'ল্ড মেন এণ্ড দা ছী (ইংৰাজী: The Old Man and the Sea) ১৯৫২ চনত প্ৰকাশিত আমেৰিকান সাহিত্যিক আৰ্ণেষ্ট হেমিঙৱেই লিখা এখন উপন্যাস। তেওঁ ১৯৫১ চনত কিউবাত উপন্যাসখন ৰচনা কৰিছিল। এইটোৱেই তেওঁৰ নিজৰ জীৱনকালত প্ৰকাশিত শেষ উল্লেখযোগ্য কাল্পনিক সাহিত্যকৰ্ম।
-
ব্ৰেকিং ড'ন (উপন্যাস)
ব্ৰেকিং ড'ন (Breaking Dawn) আমেৰিকান ঔপন্যাসিকা ষ্টিফেনি মেয়াৰৰ টোৱাইলাইট শৃংখলাৰ চতুৰ্থ আৰু অন্তিমখনি উপন্যাস। তিনিটা খণ্ডত বিভক্ত এই উপন্যাসখনৰ প্ৰথম আৰু তৃতীয় খণ্ডটি বেলা স্বানৰ দৃষ্টিকোণৰ পৰা আৰু দ্বিতীয় খণ্ডটি জেকব ব্লেকৰ দৃষ্টিকোণৰ পৰা ৰচনা কৰা হৈছে।
-
দ্য স্কাই ইজ ফলিং (২০০১ উপন্যাস)
দ্য স্কাই ইজ ফলিং (The Sky Is Falling) হ'ল ২০০১ চনত আমেৰিকান সাহিত্যিক ছিডনী শ্বেলডনৰ দ্বাৰা ৰচিত এক উপন্যাস।
-
নাথিং লাষ্টছ ফৰেভাৰ (১৯৯৪ উপন্যাস)
নাথিং লাষ্টছ ফৰেভাৰ (Nothing Lasts Forever) ১৯৯৪ চনত ছিডনী শ্বেলডন ৰচিত এখন থ্ৰিলাৰ উপন্যাস। পুৰুষ নিয়ন্ত্ৰিত এক বৃত্তিত তিনিগৰাকী মহিলা চিকিত্সকে নিজকে প্ৰমাণ কৰাৰ এক কাহিনী ইয়াত বৰ্ণিত হৈছে। তেওঁলোক তিনিওৰে এক নিজস্ব কাহিনী আছে।
-
আৰ ইউ এফ্ৰেইদ অৱ দ্য ডাৰ্ক? (উপন্যাস)
আৰ ইউ এফ্ৰেইদ অৱ দ্য ডাৰ্ক? (Are You Afraid of the Dark) বিখ্যাত ৰহস্য ঔপন্যাসিক ছিডনী শ্বেলডন ৰচিত এক থ্ৰিলাৰ উপন্যাস। ২০০৪ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনেই তেওঁৰ শেষ উপন্যাস।
-
ইফ টুমৰ' কামছ
ইফ টুমৰ' কামছ (If Tomorrow Comes) ১৯৮৫ চনত ছিডনী শ্বেলডন ৰচিত এক অপৰাধ-কাহিনী মূলক উপন্যাস। মিছা অপৰাধত জেললৈ যাবলগীয়া হোৱা এক সাধাৰণ মহিলাই কিদৰে পিছত তাইক জেললৈ পঠিওৱা সকলৰ ওপৰত প্ৰতিশোধ লয় আৰু এক পাকৈত ঠগ হৈ পৰে তাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে।
-
টু কিল এ মকিংবাৰ্ড
টু কিল এ মকিংবাৰ্ড (To Kill a Mockingbird) হৈছে আমেৰিকান লেখিকা হাৰ্পাৰ লীৰ দ্বাৰা ৰচিত এখন ইংৰাজী ভাষাৰ উপন্যাস। ১৯৬০ চনত প্ৰকাশিত উপন্যাসখন প্ৰকাশৰ লগে লগেই সফলতাৰ মুখ দেখে আৰু পুলিৎজাৰ বঁটা বুটলিবলৈ সক্ষম হয়।
-
টে'ল মী য়'ৰ ড্ৰীম্ছ
টেল মী য়ৰ ড্ৰীমছ ১৯৯৮ চনত আমেৰিকান লিখক ছিডনী শ্বেলডন ৰচিত এক মনোবিজ্ঞান ভিত্তিক, থ্ৰিলাৰ উপন্যাস।
-
লাষ্ট ফ'ৰ লাইফ
লাষ্ট ফ'ৰ লাইফ (Lust for Life) বিশ্ববিখ্যাত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ জীৱনৰ ওপৰত আধাৰিত এখন বিশ্ববিখ্যাত উপন্যাস। ১৯৩৪ চনত এইখন প্ৰকাশ হৈছিল আৰু এইখন লিখিছিল আৰভিং ষ্টনে।
-
ৰে'জ অৱ এঞ্জেল্ছ
ৰে'জ অৱ এঞ্জেল্ছ ১৯৮০ চনত প্ৰকাশিত ছিডনী শ্বেলডনৰ এক উপন্যাস। এই উপন্যাসখনত জেনিফাৰ পাৰ্কাৰ নামৰ এগৰাকী মহিলা আইনবিদৰ কাহিনী আছে যিয়ে এক ভুল বুজাবুজিৰ পৰিণতিত জীৱনৰ সকলো আশা-সপোন হেৰুৱাই পেলায়।
-
ৱিণ্ডমিলছ অৱ দ্য গডছ
ৱিণ্ডমিলছ অৱ দ্য গডছ হ’ল ১৯৮৭ চনত আমেৰিকান ঔপন্যাসিক ছিডনী শ্বেলডন ৰচিত এক ৰহস্যধৰ্মী উপন্যাস।