ইণ্ডোনেছিয়াৰ ব্যক্তি
২৪ প্ৰবন্ধ
-
টিকা (গায়িকা)
কাৰ্তিকা জাহজা (ইংৰাজী: Kartika Jahja; জন্ম: ১৯ ডিচেম্বৰ ১৯৮০), টিকা নামেৰে বেছি পৰিচিত, টিকা আৰু দ্য ডিছিডেণ্টছ বেণ্ডৰ এগৰাকী স্বতন্ত্ৰ গায়িকা আৰু গীতিকাৰ। তেওঁ লিংগ আৰু যৌনতাৰ বিষয়ৰ লেখিকা, অভিনেত্ৰী, উদ্যোগী, সমাজকৰ্মী। ২০১৬ চনৰ নৱেম্বৰ মাহত তেওঁ " BBC 100 Women " তালিকাত স্থান লাভ কৰে।
-
টিকা ব্ৰাভানি
ৰতু টিকা ব্ৰাভানি (জন্ম: ডেনপাছাৰ, ১৭ ফেব্ৰুৱাৰী ১৯৯০) ইণ্ডোনেছিয়াৰ এগৰাকী অভিনেত্ৰী আৰু মডেল। তেওঁ বান্টেনী আৰু মিনাংকাবাউ বংশৰ সন্তান।
-
ৰজা ছান্না
ছান্না খ্ৰীষ্টীয় অষ্টম শতিকাৰ আৰম্ভণিতে ইণ্ডোনেছিয়াৰ জাভা শাসন কৰা এজন ৰজা আছিল। কাংগাল শিলালিপি (খ্ৰীষ্টপূৰ্ব ৭৩২) অনুসৰি জাভা দ্বীপটো বহুদিনৰপৰা এই জ্ঞানী আৰু গুণী ৰজাৰ শাসনৰ অধীনত আছিল। কিন্তু তেওঁৰ মৃত্যুৰ পাছত ৰাজ্যখন অৰাজক হৈ পৰিল।
-
আলি ছাদিকিন
আলী ছাদিকিন ১৯৭৭ চনৰপৰা ১৯৮১ চনলৈকে ইণ্ডোনেছিয়াৰ ফুটবলএছ'চিয়েচনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় বিপ্লৱৰ সময়ত তেওঁ ইণ্ডোনেছিয়াৰ নৌসেনাৰ পূৰ্বৰ পিপলছ ছিকিউৰিটি এজেন্সীৰ নৌসেনাত যোগদান কৰে আৰু অপাৰেচন প্ৰডাক্ট আৰু অপাৰেচন ক্ৰাইৰ সময়ত ডাচসকলৰ বিৰুদ্ধে যুদ্ধ কৰে।
-
ইন্তান পাৰামাদিথা
ইন্তান পাৰামাদিথা এগৰাকী ইণ্ডোনেছিয়ান নাৰীবাদী লেখিকা তেওঁক সাহিত্যৰাজি “লিংগ আৰু যৌনতা, সংস্কৃতি আৰু ৰাজনীতি”ৰ ওপৰত কেন্দ্ৰিত।
-
উইডজি থুকুল
উইডজি থুকুল (ইংৰাজী: Widji Thukul; জন্ম: ২৬ আগষ্ট ১৯৬৩) এজন ইণ্ডোনেছিয়ান কবি আৰু সমাজকৰ্মী। তেওঁৰ ৰচনা ৰাজনৈতিক সমালোচনাত্মক আছিল। তেওঁ প্ৰায়েই ইণ্ডোনেছিয়া চৰকাৰ আৰু দেশৰ সামাজিক অৱস্থাৰ সমালোচনা কৰিছিল। ১৯৯৮ চনৰপৰা তেওঁ নিৰুদ্দেশ হৈ আছে।
-
কেভিন লিলিয়ানা
কেভিন লিলিয়ানা জুনাইডি (জন্ম ৫ জানুৱাৰী ১৯৯৬) এগৰাকী উপস্থাপক আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ২০১৭ চনৰ মিছ ইণ্টাৰনেশ্যনেলৰ বিজয়ী। তেওঁ প্ৰথম ইণ্ডোনেছিয়ান আৰু মুছলমান মহিলা যিয়ে মিছ ইণ্টাৰনেশ্যনেল বিজয়ী, আৰু ইণ্ডোনেছিয়াৰ প্ৰথমগৰাকী মহিলা যিয়ে চাৰিটা প্ৰধান আন্তঃৰাষ্ট্ৰীয়…
-
গুছমিয়াটি ছুইদ
গুছমিয়াটি ছুইদ (Gusmiati Suid, ১৯৪২–২০০১) এগৰাকী ইণ্ডোনেছিয়ান নৃত্যশিল্পী আৰু নৃত্য পৰিচালক আছিল, যিয়ে সুমাত্ৰা, মালয় আৰু মিনাঙৰ পৰম্পৰাগত নৃত্যৰ বিশেষজ্ঞ আছিল। তেওঁ পাডাং পাঞ্জাঙৰ ASKI Performing Arts Academy ত অধ্যয়ন কৰি পিছলৈ নৃত্যৰ অধ্যাপনা কৰে।
-
গুণধৰ্ম
গুণধৰ্ম বা গুণদৰ্মাকৰ নাম ইণ্ডোনেছিয়াৰ মধ্য জাভাত থকা নৱম শতিকাৰ বৌদ্ধ ধৰ্মৰ স্মৃতিসৌধ বৰোবুদুৰৰস্থপতিবিদ হিচাপে দাবী কৰা হয়।
-
চিয়েম পিয়েট নিঅ'
চিয়েম পিয়েট নিঅ (ইংৰাজী: Siem Piet Nio; জন্ম: ১৯০৭, মৃত্যু: ১৯৮৬), যিয়ে হং লে হোৱা ছদ্মনামেৰে লিখা-মেলা কৰিছিল, এগৰাকী ইণ্ডোনেছিয়ান ভাষাৰ লেখিকা, আলোচনী সম্পাদক, সাংবাদিক আৰু ডাচ ইষ্ট ইণ্ডিজৰ নাৰী অধিকাৰ কৰ্মী আছিল। তেওঁ ১৯২০ আৰু ১৯৩০ৰ দশকত সক্ৰিয় আছিল।
-
ছেকৰ আয়ু আছমাৰা
ছেকৰ আয়ু আছমাৰা (ইংৰাজী: Sekar Ayu Asmara) এগৰাকী ইণ্ডোনেছিয়ান গীতিকাৰ, পৰিচালক, আৰু লেখিকা।
-
ট’এটি হেৰাটি
ট'এটি হেৰাটি ( Toeti Heraty, ২৭ নৱেম্বৰ ১৯৩৩ – ১৩ জুন ২০২১) এগৰাকী ইণ্ডোনেছিয়ান কবি আছিল। তেওঁক "সমসাময়িক ইণ্ডোনেছিয়াৰ আগশাৰীৰ কবিসকলৰ ভিতৰত একমাত্ৰ মহিলা কবি" হিচাপে বিশেষভাৱে উল্লেখ কৰা হয়।
-
ত্ৰী মহাৰাণী
ত্ৰী মহাৰাণী (কোট কেদিৰি, জাভা তিমুৰ, ৩১ আগষ্ট ১৯৭১) হৈছে ইণ্ডোনেছিয়াৰ একমাত্ৰ বিষাক্ত সাপৰ টক্সিনোলজি বিশেষজ্ঞ চিকিৎসক। তেওঁ ইণ্ডোনেছিয়াত সৰ্প দংশনৰ ঘটনাসমূহৰ তথ্য সংগ্ৰহৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল, কাৰণ এই ক্ষেত্ৰত চৰকাৰীভাৱে কোনো আনুষ্ঠানিক সংস্থা নাছিল।
-
দিতা কাৰাং
অনক আগুঙ আয়ু পুষ্পা আদিত্য কাৰাং (দিতা কাৰাং নামেৰে পৰিচিত; কোৰিয়ান: 디타카랑), এজন ইণ্ডোনেছিয়াৰ গায়িকা যিয়ে দক্ষিণ কোৰিয়াত কৰ্মজীৱন আৰম্ভ কৰিছে। তেওঁ দক্ষিণ কোৰিয়াৰ মহিলা আইডল দল ছিক্ৰেট নাম্বাৰৰ সদস্য হিচাপে জনাজাত, লগতে কে-পপ শিল্পত আইডল হিচাপে অভিষেক কৰা প্ৰথম ইণ্ডোনেছিয়ান মহিলা।
-
দেলিমা চিলালাহি
দেলিমা চিলালাহি উত্তৰ টাপানুলী, ইন্দোনেছিয়াৰ পৰিবেশ সংৰক্ষণ কৰ্মী। তেওঁ উত্তৰ সুমাত্ৰাত পৰম্পৰাগত অৰণ্য আৰু আদিবাসীৰ অধিকাৰ সংৰক্ষণৰ বাবে চেষ্টা চলাই আছে।
-
প্ৰেমানা প্ৰেমাদী
প্ৰেমানা ৱাৰ্দয়ন্তী প্ৰেমাদী (ইংৰাজী: Premana Wardayanti Premadi; জন্ম ১৩ জুলাই ১৯৬৪) এগৰাকী ইণ্ডোনেছিয়ান জ্যোতিৰ্বিজ্ঞানী। তেওঁ বান্দুং ইনষ্টিটিউট অৱ টেকন'লজীৰ এগৰাকী অধ্যাপক। তেওঁ ২০১৮ চনৰ পৰা বচা মানমন্দিৰৰ (Bosscha Observatory) মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
মাৰিছা চাৰ্তিকা মালাদেৱী
মাৰিছা চাৰ্তিকা মালাদেৱী (ইংৰাজী: Marisa Sartika Maladewi; জন্ম: ২৮ জুন ১৯৯৩) এগৰাকী ইণ্ডোনেছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে পুত্ৰী ইণ্ডোনেছিয়া লিংকুংগান ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল।
-
মেৰী থমাছ
মাৰিয়া এমিলিয়া থমাছ (১৭ ফেব্ৰুৱাৰী ১৮৯৬ – ১০ অক্টোবৰ ১৯৬৬),বা মেৰী থমাছ নামেৰে বেছি পৰিচিত, ইণ্ডোনেছিয়ান প্ৰথমগৰাকী মহিলা চিকিৎসক। ১৯২২ চনত স্কুল অৱ ট্ৰেইনিং অৱ নেটিভ ফিজিচিয়ান (STOVIA বা School tot Opleiding van Indische Artsen)ৰ পৰা ডিপ্লমা লাভ কৰে।
-
লক্ষ্মী পামুণ্টজাক
লক্ষ্মী পামুণ্টজাক (জন্ম ১৯৭১) এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক, কবি, সাংবাদিক আৰু খাদ্য সমালোচক। তেওঁ জাকাৰ্টাত বসবাস কৰে। ২০১৬ চনত, তেওঁৰ প্ৰথমখন উপন্যাস আম্বা/দ্য কুৱেশ্বন অৱ ৰেডৰ জাৰ্মান অনুবাদৰ বাবে লিবেৰাটুৰপ্ৰাইছ লাভ কৰে।
-
লেইলা চুদোৰী
লেইলা ছালিখা চুদোৰী (ইংৰাজী: Leila Salikha Chudori; জন্ম: ১২ ডিচেম্বৰ, ১৯৬২) এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখিকা আৰু চলচ্চিত্ৰ সমালোচক। তেওঁৰ নাম চুটিগল্প, উপন্যাস আৰু টেলিভিছন নাটকৰ বাবে জনাজাত। লেইলা শিশু অৱস্থাতেই সাহিত্যিক হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল।
-
সুকৰ্ণ
সুকৰ্ণ (জন্ম কুশন সুশ্ৰদিহাৰ্য ) (৬ জুন ১৯০১ – ২১ জুন ১৯৭০) ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু নেদাৰলেণ্ডৰ পৰা স্বাধীনতা লাভৰ বাবে সংগঠিত সফল সংগ্ৰামৰ নেতৃত্ব বহনকাৰী। তেওঁ ইণ্ডোনেছিয়ান জাতিৰ জনক হিচাপে স্বীকৃত। তেওঁ ১৯৪৫ চনৰ পৰা ১৯৬৭ চনলৈকে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আছিল।
-
সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তি
সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তি (Surastri Karma Trimurti; ১১ মে’ ১৯১২ – ২০ মে’ ২০০৮, যাক সাধাৰণতে এছ. কে. ত্ৰিমূৰ্তি বুলি জনা যায়) আছিল এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখিকা আৰু শিক্ষয়িত্ৰী। ত্ৰিমূৰ্তিয়ে ডাচ ইষ্ট ইণ্ডিজৰ বিপক্ষে ইণ্ডোনেছিয়াৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
-
হান্না কুৰ্ণিয়াৱতী
হান্না কুৰ্ণিয়াৱতী (ইংৰাজী: Hanna Kurniawati) এগৰাকী ইণ্ডোনেছিয়াত জন্মগ্ৰহণ কৰা কম্পিউটাৰ বিজ্ঞানী। তেওঁ ৰবটিক্সৰ বিভিন্ন শাখা যেনে মচন প্লেনিং, সিদ্ধান্ত গ্ৰহণৰ অনিশ্চয়তা আৰু ৰবটিক্সত ৰিনফৰ্চমেণ্ট লাৰ্নিঙৰ প্ৰয়োগ আদি বিষয়ত বিশেষজ্ঞ।
-
ৰাতিহ হাৰ্ডজোনো
ৰাতিহ হাৰ্ডজোনো ( Ratih Hardjono; জন্ম: ৬ ডিচেম্বৰ ১৯৬০) কম্পাছ নামৰ ইণ্ডোনেছিয়াৰ বাতৰি কাকতৰ এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখক আৰু এগৰাকী জনসংযোগ পৰামৰ্শদাতা। তেওঁৰ প্ৰথমখন কিতাপ 'হোৱাইট ট্ৰাইব অৱ এছিয়াত অষ্ট্ৰেলিয়াৰ সংস্কৃতি, ইতিহাস আৰু ৰাজনীতিৰ আলোচনা, ১৯৯৩ চনত প্ৰকাশ পায়।