টাই-য়াই জনগোষ্ঠী (တႆး) বা ছান জনগোষ্ঠী যাক টাই লু'ঙ বুলিও জনা যায়, দক্ষিণ-পূৰ্ব এছিয়াৰ এটি টাই জনগোষ্ঠী। টাই-য়াই ম্যানমাৰৰ আটাইতকৈ বৃহৎ সংখ্যালঘু গোট আৰু প্ৰধানকৈ এই দেশৰ ছান ৰাজ্যত বাস কৰে, কিন্তু মণ্ডলে অঞ্চল, কাচিন ৰাজ্য, কায়াহ ৰাজ্য, সাগাইং অঞ্চল আৰু কাইন ৰাজ্যৰ কিছু অংশৰ লগতে চীন (দাই জনগোষ্ঠী), লাওচ, অসম আৰু মেঘালয় (আহোম জনগোষ্ঠী), কম্বোডিয়া, ভিয়েটনাম আৰু থাইলেণ্ডৰ সংলগ্ন অঞ্চলসমূহটো বাস কৰে।১ যদিও ১৯৩৫ পৰাই ম্যানমাৰত কোনো বিশ্বস্ত জনগণনা কৰা হোৱা নাই, ছান জনগোষ্ঠীৰ সংখ্যা প্ৰায় ৪–৬ মিলিয়ন বুলি অনুমান কৰা হৈছে, আৰু সিআইএ ফেক্টবুকৰ মতে, ম্যানমাৰত প্ৰায় ৫ মিলিয়নৰ অনুমান দিয়া হৈছে, যি ম্যানমাৰৰ সামগ্ৰিক জনসংখ্যাৰ প্ৰায় ১০%।২
'ছান' হৈছে ম্যানমাৰৰৰ সকলো টাই-ভাষী জনগোষ্ঠীৰে বাবে এটা সাধাৰণ শব্দ। ছান ৰাজ্যৰ ৰাজধানী হৈছে টাউংগিয়ে, যি ম্যানমাৰৰ পঞ্চম সৰ্ববৃহৎ চহৰ আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৩,৯০,০০০। আন মূল চহৰসমূহৰ ভিতৰত আছে থিবাও (এইচিপাৱ), লাশিও, কেঙটুং আৰু টাচিলিক।
নাম
ছান সকলে নিজকে উল্লেখ কৰিবলৈ ' টাই ' (တႆး) নাম ব্যৱহাৰ কৰে, যিটো চীনা ভাষাতো ব্যৱহৃত হয় (চীনা: 傣族; পিনয়িন: Dǎizú)।৩ 'ছান' (ရှမ်း) হৈছে মান ভাষাৰ এটা নাম; এই শব্দটো ইতিহাসিকভাৱে 'သျှမ်း' (hsyam:) ৰূপে লিখা হৈছিল, আৰু এই শব্দটো 'চিয়াম' শব্দৰ পৰা উদ্ভৱ হৈছে, যি থাইলেণ্ডৰ পূৰ্বৰ নাম। এই শব্দটো চীনা ভাষাতো গ্ৰহণ কৰা হৈছে (চীনা: 掸族; পিনয়িন: Shànzú)। থাইলেণ্ডত, ছান সকলক 'তাই য়াই' (ไทใหญ่, অৰ্থাৎ 'মহান তাই')৪ আৰু টাই য়ুৱান ভাষাত এনজিয়াও' (থাই: เงี้ยว) বুলি কোৱা হয।
মুখ্য উপবিভাগসমূহ
ছান সকলেৰ মুখ্য ঠালসমূহ হৈছে:
- টাই য়াই (ছান: တႆးယႂ်ႇ) বা থাই য়াই (থাই: ไทใหญ่); ' ছান প্ৰ'পাৰ', সকলোতকৈ বৃহৎ গোট, যাৰ দ্বাৰা সকলো ছান সকলক থাই ভাষাত চিনাক্ত কৰা হয়।
- টাই লু (ছান: တႆးလိုဝ်ႉ): ইয়াৰ ঐতিহ্যবাহী অঞ্চল হৈছে চীনৰ চিচুৱাংবান্না আৰু পূৱ ৰাজ্যসমূহ।
- টাই খুণ (শান: တႆးၶိုၼ်), টাই য়াইৰ এটা উপগোট, যি কেঙটুং অঞ্চলত অধিকাংশত বাস কৰে। কেঙটুং ৰাজ্যৰ পূৰ্বৰ শাসক পৰিয়াল এই গোটৰ অন্তৰ্গত আছিল।
- টাই নুৱা (শান: တႆးၼိူဝ်): 'উচ্চ' বা 'উত্তৰ টাই'। এই গোট শ্বেলি নদীৰ উত্তৰ দিশত বাস কৰে, মূলতঃ চীনৰ দেহং অঞ্চলত। ছান, লু, খুণ আৰু নুৱা ভাষাৰ বক্তাসকল চীনৰ দাই জাতিৰ অধিকাংশ গঠন কৰে।
অন্যান্য টাই ছান গোটসমূহ
ছান ৰাজ্য, উত্তৰ চাংগাই বিভাগ আৰু কাচিন ৰাজ্যত 'টাই' বুলি জনা বিভিন্ন জাতিগত গোট আছে। এই গোটসমূহৰ কিছু তিব্বতি-বৰ্মী, মন-খমেৰ আৰু অসমীয়া ভাষা কয়, যদিও সিহঁত ছান সমাজত মিশ্ৰিত হৈ পৰিছে।
টাই-আহোম জনগোষ্ঠী: টাই-আহোম ভাৰতৰ উত্তৰ-পূবৰ অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে, য'ত পৰম্পৰা মতে, তেওঁলোকে আহোম ৰাজ্য বা 'মুৱেং ডুন চুন খাম', স্থাপন কৰি প্ৰায় ৬০০ বছৰ (১২২৮–১৮২৬) পৰ্যন্ত শাসন কৰিছিল।
টাই মাও: শ্বেলি নদীৰ (নাম মাও) পাৰৰ অঞ্চলত বাস কৰা। চীনা ছান ভাষিক (টাই) মাও বুলি জনা হয়, যি মু'ঙ মাওৰ প্ৰাচীন ছান ৰাজ্যক উল্লেখ কৰে।
টাই খামতি: টাই খামতি হৈছে এটা আউটলায়াৰ গোট যিয়ে খামতি ভাষা কথা কয়। ঐতিহ্যগতভাৱে, তেওঁলোক ছান বসতিৰ উত্তৰ আৰু পশ্চিম দিশৰ সীমানা, যেনে পুতাও-অ, কাচিন ৰাজ্যত বাস কৰিছিল। টাই খামতীৰ অংশবিশেষ এটা ঠালে। এটা সময়ত মুঙ কাওং ছান দ্বাৰা শাসিত হৈছিল।
টাই লাইং, টাই লেং, বা ছান-নি (অৰ্থাৎ 'ৰঙা ছান'): এটি টাই গোট যিয়ে ম্যিতক্যিনা উত্তৰ দিশত কাচিন / ছান ৰাজ্যৰ সীমান্ত অঞ্চলত বাস কৰে।৫
টাই টিং: এটি গোট যিয়ে টিং আৰু চালৱীন নদীৰ মিলনত বাস কৰে, যি চীনা ইউনানৰ গেঙমা কাউণ্টিৰ পশ্চিম দিশৰ অতিৰিক্ত।
টাই টাও: টাওৰ অৰ্থ হৈছে 'তল' বা 'দক্ষিণ'। এই গোট দক্ষিণ ছান ৰাজ্যত বাস কৰে।
টাই নুই: এই ঠালটো কেঙটুং চহৰৰ দক্ষিণ আৰু পূৱৰ পৰা বাস কৰে।
টাই ফাকে: এই গোট তাই খামতীৰ সৈতে সম্পৰ্কিত, আৰু ভাৰতৰ অসমত উল্লেখযোগ্য উপস্থিতি আছে।
টাই চাʔ: টাই চাʔ সকলে ঙচাং (আচাং) ভাষাত কথা কয়, কিন্তু সিহঁত মূল সুঁতিৰ ছান সমাজৰ অংশ।
টাই লয়: টাই লয় পলাউং ভাষা কথা কয়, যি ডি'আং (বিশেষকৈ ইউনানৰ বুলেই উপভাষাৰ) সৈতে সাদৃশ্যিত আৰু চেলভাৰ পলাউংৰ সৈতে মিল আছে। তেওঁলোক মূল সুঁতিৰ ছান সমাজৰ অংশ।
টাই ডাম: যাক "কলা টাই" বুলি জনা যায়।
টাই ডন: যাক "বগা টাই" বুলি জনা যায়।
মেইংথা: এটা ছান গোট যিয়ে উত্তৰ বুৰ্মিছ ভাষাত কথা কয়।
তথ্যসূত্ৰ
- ↑ (July 20, 1998). History, Culture & Language. Encyclopedia Britannica
- ↑ (July 20, 1998). History, Culture & Language. Encyclopedia Britannica
- ↑ Moeng, Sao Tern. (1995). Shan-English Dictionary. Dunwoody Press. ISBN 0-931745-92-6
- ↑ (September 25, 2024). view=fulltext "CHAP. II. A Continuation of the Geographical Description of the Kingdom of Siam, with an Account of its Metropolis.". University of Michigan Library Digital Collections
- ↑ (January 24, 2012). သွ်မ္းနီလူမ်ဳိးတုုိ႔၏ အုုိးစည္ႏုုိင္ငံေတာ္ Country of Drum. သွ်မ္းနီလူငယ္
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাই-য়াই জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৪৩৮৩৭৫ (১৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।