জ’মাট’ বা জ’মেট’ এটি ভাৰতীয় বহুজাতিক কোম্পানী। জ’মাট’ই চহৰে-চহৰে বিভিন্ন ৰেস্তোৰাঁক অনলাইন একত্ৰিত কৰে আৰু খাদ্য ডেলিভাৰী কৰে। কোম্পানীটো দীপিন্দৰ গোয়ল আৰু পংকজ চদ্দাই ২০০৮ চনত আৰম্ভ কৰিছিল।১২ জ’মাট’ৰ এপ্লিকেশ্যনৰ দ্বাৰা কোনো ৰেস্তোৰাঁৰ বিষয়ে তথ্য, মেন্যু আৰু খাদ্য-ক্ৰেতাই লিখা পৰ্যালোচনা চাব পৰা যায়। ২০২২-২৩ চনত ভাৰতৰ ১,০০০খন নগৰ-চহৰত অংশীদাৰ ৰেস্তোৰাঁসমূহৰ পৰা খাদ্য বিলিকৰণ উপলব্ধ হয়।৩৪
বিনিয়োগ
- ২০১০ৰ পৰা ২০১৩ৰ ভিতৰত জ’মাট’ই ইনফ’ এজৰ পৰা প্ৰায় ১৬.৭ নিযুত ইউ এছ ডলাৰ লাভ কৰিলে বিনিয়োগৰ ৰূপত।৫ ২০১৩ চনত ই চেকিয়া কেপিটেলৰ পৰা অতিৰিক্ত ৩৭ নিযুত ইউ এছ ডলাৰ গ্ৰহণ কৰিলে।৬
- ২০১৪ চনৰ নৱেম্বৰত জ’মাট’ই আন এক ৰাউণ্ড সমাপ্ত কৰিলে, আৰু টকা লাভৰ পাছৰ মূল্যায়ণ আছিল প্ৰায় ৬৬০ নিযুত ইউ এছ ডলাৰ।৭ ইনফ’ এজ আৰু ভাই কেপিটেলে আগভাগ লোৱা এই ৰাউণ্ডত চেকিয়া কেপিটেলেও অংশগ্ৰহণ কৰিছিল।৮
- ২০১৫ৰ এপ্ৰিলত ইনফ’ এজ, ভাই কেপিটেল আৰু চেকিয়া কেপিটেলে অতিৰিক্ত ৫০ নিযুত ইউ এছ ডলাৰৰ এটা ৰাউণ্ড সমাপ্ত কৰিলে।৯ তাৰ ঠিক পাছতেই, ছিংগাপুৰ চৰকাৰৰ টেমাছেক আৰু ভাই কেপিটেলে ৬০ নিযুত ইউ এছ ডলাৰ বিনিয়োগ কৰিলে কোম্পানীটোত।১০
- ২০১৮ৰ অক্টোবৰত ই ২১০ নিযুত ইউ এছ ডলাৰ বিনিয়োগ লভিলে আলিবাবাৰ সৈতে সম্বন্ধ থকা এণ্ট ফাইনেঞ্চিয়াৰ পৰা, যিয়ে ১০% মালিকী হস্তান্তৰ কৰিলে। জ’মাট’ৰ মূল্যায়ন ২ নিখৰ্ব ইউ এছ ডলাৰ হ’লগৈ ইয়াৰ ফলস্বৰূপে। একে বছৰেই, তাৰ আগতেও জ’মাট’ই এণ্ট ফাইনেঞ্চিয়েলৰ পৰা ১৫০ নিযুত ইউ এছ ডলাৰৰ বিনিয়োগ লাভ কৰিছিল।১১
- এণ্ট ফাইনেঞ্চিয়েলে পূৰ্বতে দিবলগীয়া ধন আহি নোপোৱাত ২০২০ চনৰ ছেপ্টেম্বৰত জ’মাট’ই ৬২ নিযুত ইউ এছ ডলাৰৰ বিনিয়োগ লাভ কৰিলে টেমাছেকৰ পৰা।১২
- ২০২০ চনৰ অক্টোবৰত ছিৰীজ জে-ত জ’মাট’ই ৫২ নিযুত ইউ এছ ডলাৰ বিনিয়োগ লভিলে আমেৰিকী প্ৰতিষ্ঠান ক’ৰাৰ পৰা।১৩১৪
- ২০২১ চনৰ ফেব্ৰুৱাৰীত টাইগাৰ গ্ল’বেল মেনেজমেণ্ট আৰু আন চাৰি বিনিয়োগকাৰীৰ পৰা জ’মাট’ই ২৫০ নিযুত ইউ এছ ডলাৰ বিনিয়োগ লাভ কৰিলে।১৫১৬
বিত্তীয় তথ্য
| বৰ্ষ | ৰাজহ (কোটিত) | লাভ/ লোকচান (কোটিত) | মুঠ সম্পত্তি (কোটিত) |
|---|---|---|---|
| বিত্তীয় বৰ্ষ ২০১১ | 0 | -1.09 | গোপন |
| বিত্তীয় বৰ্ষ ২০১২ | 2 | -7.6 | |
| বিত্তীয় বৰ্ষ ২০১৩ | 12 | -10 | |
| বিত্তীয় বৰ্ষ ২০১৪ | 36 | -37 | |
| বিত্তীয় বৰ্ষ ২০১৫ | 96.7 | -136 | |
| বিত্তীয় বৰ্ষ ২০১৬ | 185 | -492 | |
| বিত্তীয় বৰ্ষ ২০১৭ | 399 | -389 | |
| বিত্তীয় বৰ্ষ ২০১৮ | 466 | -103.68 | 1,374 |
| বিত্তীয় বৰ্ষ ২০১৯ | 1313 | -965.23 | 3,413 |
| বিত্তীয় বৰ্ষ ২০২০ | 2605 | -2367.16 | 2,900 |
| বিত্তীয় বৰ্ষ ২০২১ | 1994 | -812.82 | 8,704 |
তথ্যসূত্ৰ
- ↑ Zomato co-founder Pankaj Chaddah quits as it shuffles top management. Economic Times
- ↑ Deepinder Goyal, Founder & CEO, Zomato. www.indiainfoline.com
- ↑ Deepinder Goyal, Founder & CEO, Zomato. www.indiainfoline.com
- ↑ About Zomato. zomato.com
- ↑ Zomato to start its own delivery. www.nuffoodsspectrum.in
- ↑ (6 November 2013). Sequoia leads $37M funding round in Zomato. Vccircle.com
- ↑ Shahi, Twishy. Zomato raises US$60M from Vy Capital, Info Edge and Sequoia. e27
- ↑ (2016-03-05). Zomato raises $60 million from Vy Capital, Info Edge & Sequoia - timesofindia-economictimes
- ↑ (2015-12-08). Zomato raises Rs 311 crore from existing investors - timesofindia-economictimes
- ↑ (8 September 2015). Zomato raises $60 mn from Temasek and Vy Capital. Business Standard India
- ↑ (2018-10-13). Ant Financial puts another $210 million in Zomato. The Economic Times
- ↑ (2020-09-03). India's Zomato raises $62 million from Temasek. TechCrunch
- ↑ (2020-09-03). India's Zomato raises $62 million from Temasek. TechCrunch
- ↑ Tyagi, Gaurav; Upadhyay, Harsh. (14 October 2020). Exclusive: Zomato bags $52 Mn from Kora Investments. Entrackr
- ↑ (23 February 2021). https://www.thehindu.com/business/zomato-raises-250-million-in-funding-from-tiger-global-kora-and-others/article33910204.ece
- ↑ Choudhury, Saheli Roy. (2021-07-23). Shares of Indian food delivery start-up Zomato jump over 80% in market debut. CNBC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ'মাট'” প্ৰবন্ধৰ সংশোধন ৫১০৯১৪ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।