অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জুৰীয়া

জুৰীয়া অসমৰ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত এখন ঠাই। ঠাইখনৰ জনসংখ্যা প্ৰায় ১,৪৫,৭৬৩ জন৷ ইয়াৰে প্ৰায় ৬৮% লোকে ইছলামধৰ্মী আৰু বাকী হিন্দু আৰু অন্যান্য ধৰ্মীৰ লোক৷ ইয়াৰ লোকসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি লগতে মাছ উৎপাদনো ইয়াৰ এক উল্লেখযোগ্য জীৱিকা।

হালনাগাদ: ৪ জানুৱাৰী ২০২১ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

জুৰীয়া অসমৰ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত এখন ঠাই। ঠাইখনৰ জনসংখ্যা প্ৰায় ১,৪৫,৭৬৩ জন৷ ইয়াৰে প্ৰায় ৬৮% লোকে ইছলামধৰ্মী আৰু বাকী হিন্দু আৰু অন্যান্য ধৰ্মীৰ লোক৷ ইয়াৰ লোকসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি লগতে মাছ উৎপাদনো ইয়াৰ এক উল্লেখযোগ্য জীৱিকা। জুৰীয়াৰ ঠিক লগতে লাগি আছে লাওখোৱা অভয়াৰণ্য। ঠাইখন বহ্মপুত্ৰৰ পাৰতে হোৱা বাবে পানীৰ কোনো অসুবিধা নহয় আৰু ইয়াৰ কৃষি ভূমি একে কাৰণতেই যথেষ্ট সাৰুৱা। ইয়াত অসমৰ ভিতৰতে সৰ্ববৃহৎ মুছলমান সকলৰ কবৰস্থান আছে৷ জুৰীয়াত ৰৌমাৰি,চিতলমাৰিৰ দৰে বিখ্যাত বিল আছে।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুৰীয়া” প্ৰবন্ধৰ সংশোধন ২৫৭৮১২ (৪ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।