অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জাভাস্ক্ৰীপ্ট

জাভাস্ক্ৰীপ্ট (JavaScript) হৈছে এটা প্ৰগ্ৰামিং ভাষা। এইছটিএমএল (HTML) আৰু চিএছএছ (CSS)-ৰ সমান্তৰালকৈ ই ৱেব প্লেটফৰ্মৰ এটা মূল প্ৰযুক্তি। বিশ্বজুৰি ব্যৱহৃত ৱেবছাইটৰ ৯৯% ক্লায়েণ্ট চাইড ৱেবপৃষ্ঠাৰ আচৰণৰ বাবে ‘জাভাস্ক্ৰীপ্ট’ ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২২ মে’ ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জাভাস্ক্ৰীপ্ট (JavaScript) হৈছে এটা প্ৰগ্ৰামিং ভাষা। এইছটিএমএল (HTML) আৰু চিএছএছ (CSS)-ৰ সমান্তৰালকৈ ই ৱেব প্লেটফৰ্মৰ এটা মূল প্ৰযুক্তি। বিশ্বজুৰি ব্যৱহৃত ৱেবছাইটৰ ৯৯% ক্লায়েণ্ট চাইড ৱেবপৃষ্ঠাৰ আচৰণৰ বাবে ‘জাভাস্ক্ৰীপ্ট’ ব্যৱহাৰ কৰা হয়।১

ৱেব ব্ৰাউজাৰবোৰৰ এটা সুকীয়া জাভাস্ক্ৰীপ্ট ইঞ্জিন থাকে, যিয়ে ক্লায়েণ্টৰ কোডবোৰ চলায়। এই ইঞ্জিনবোৰ কেতবোৰ চাৰ্ভাৰ আৰু বিভিন্ন এপ্লিকেচনতো ব্যৱহাৰ কৰা হয়। নন-ব্ৰাউজাৰ ব্যৱহাৰৰ বাবে, আটাইতকৈ জনপ্ৰিয় ৰানটাইম ছিষ্টেম হৈছে Node.js.

জাভাস্ক্ৰীপ্ট হৈছে এটা উচ্চ-স্তৰৰ, প্ৰায়ে Just-in-time-compiled ভাষা, যিয়ে ECMAScript standard অনুসৰণ কৰে।২ ইয়াত dynamic typing, prototype-based object-orientation, আৰু first-class functions আছে। ই multi-paradigm, যাৰ অৰ্থ হৈছে ই event-driven, functional, আৰু imperative programming styles-ক সমৰ্থন কৰে। ইয়াত text, dates, regular expressions, standard data structures, আৰু Document Object Model (DOM)-ৰ সৈতে কাম কৰিবলৈ APIs আছে।

ECMAScript standard-এ নেটৱৰ্কিং, ষ্ট’ৰেজ বা গ্ৰাফিক্স আদিত ইনপুট/আউটপুট (I/O)-ৰ কোনো ধৰণৰ সুবিধা অন্তৰ্ভুক্ত নকৰে। ব্যৱহাৰিক ক্ষেত্ৰত, ৱেব ব্ৰাউজাৰ বা অন্যান্য ৰানটাইম ছিষ্টেমে I/O ৰ বাবে JavaScript API প্ৰদান কৰে।

জাভা আৰু জাভাস্ক্ৰীপ্ট নাম দুটা বাক্যবিন্যাস (চিনটেক্স)-ত একে যেন লাগিলেও, দুয়োটা ভাষাই বেলেগ আৰু ডিজাইনৰ ক্ষেত্ৰতো বহু পাৰ্থক্য আছে।

ইতিহাস

১৯৯৩ চনত গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ (Graphical User Interface) যুক্ত প্ৰথম জনপ্ৰিয় ৱেব ব্ৰাউজাৰ, Mosaic মুকলি কৰে। এই ৱেব ব্ৰাউজাৰৰে মুখ্য ডেভেলপাৰসকলে পাছলৈ নেটস্কেপ কৰ্পোৰেশ্বন প্ৰতিষ্ঠা কৰি ১৯৯৪ চনত অধিক উন্নত ব্ৰাউজাৰ নেটস্কেপ নেভিগেটৰ (Netscape Navigator) মুকলি কৰে। ই সোনকালে অধিক ব্যৱহৃত ব্ৰাউজাৰ হৈ পৰে৷৩

ৱেবৰ এই প্ৰাৰম্ভিক বৰ্ষত, ৱেব পৃষ্ঠাবোৰ স্থিৰ আছিল, ব্ৰাউজাৰত পৃষ্ঠা লোড হোৱাৰ পিছত গতিশীল আচৰণৰ ক্ষমতা নাছিল। বিকাশৰ পৰ্যায়ত ৱেব ডেভেলপমেণ্ট ক্ষেত্ৰখনৰ এই সীমাবদ্ধতাবোৰ আঁতৰাবলৈ ১৯৯৫ চনত নেটস্কেপে নেভিগেটৰত এটা প্ৰগ্ৰামিং ভাষা যোগ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে ইয়াৰ বাবে দুটা পথ অনুসৰণ কৰিছিল: জাভা ভাষা এম্বেড কৰিবলৈ ছান মাইক্ৰ’ছিষ্টেমছৰ সৈতে সহযোগ, আনহাতে স্কিম (Scheme) ভাষা এম্বেড কৰিবলৈ ব্ৰেণ্ডান আইচক নিয়োগ কৰা।৪

ইয়াৰ লক্ষ্য আছিল “সাধাৰণ লোকৰ বাবে এটা ভাষা”,৫ “নন-প্ৰগ্ৰামাৰসকলক গতিশীল, ইণ্টাৰেক্টিভ ৱেবছাইট সৃষ্টি কৰাত সহায় কৰা”।৬ নেটস্কেপ মেনেজমেণ্টে সোনকালে আটাইতকৈ ভাল বিকল্প হিচাপে আইচে এটা নতুন ভাষা উদ্ভাৱন কৰাৰ সিদ্ধান্ত লয়। যি বাক্যবিন্যাসত জাভাৰ দৰে আৰু স্কিম বা আন বৰ্তমানৰ স্ক্ৰীপ্টিং ভাষাসমূহৰ দৰে কম হোৱাকৈ সজোৱা।৭৪ যদিও নতুন ভাষা আৰু ইয়াৰ ইণ্টাৰপ্ৰিটাৰ ইমপ্লিমেনটেশ্বনক ১৯৯৫ চনৰ ছেপ্টেম্বৰ মাহত নেভিগেটৰ বিটাৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে “লাইভস্ক্ৰীপ্ট” (LiveScript) বুলি কোৱা হৈছিল, আনুষ্ঠানিক মুকলিৰ বাবে ডিচেম্বৰত ইয়াৰ নামটো “জাভাস্ক্ৰীপ্ট” (JavaScript)-লৈ সলনি কৰা হয়।৪৮৯

‘জাভাস্ক্ৰীপ্ট’ নামটো বাছনি কৰাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল, কাৰণ ই জাভাৰ সৈতে পোনপটীয়াকৈ একে। সেই সময়ত, ডট-কম বুম (dot-com boom) আৰম্ভ হৈছিল আৰু জাভা এটা জনপ্ৰিয় নতুন ভাষা আছিল, সেয়েহে আইচে জাভাস্ক্ৰীপ্ট নামটোক নেটস্কেপৰ এক মাৰ্কেটিং কৌশল বুলি গণ্য কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ Usage Statistics of JavaScript as Client-side Programming Language on Websites. W3Techs
  2. ↑ ECMAScript 2020 Language Specification
  3. ↑ Enzer, Larry. (August 31, 2018). The Evolution of the Web Browsers. Monmouth Web Developers
  4. ↑ Chapter 4. How JavaScript Was Created. speakingjs.com
  5. ↑ Fin JS. (June 17, 2016). Brendan Eich – CEO of Brave. YouTube
  6. ↑ "Netscape Communications Corp.", Browser enhancements. Encyclopædia Britannica 2006 Ultimate Reference Suite DVD
  7. ↑ Seibel, Peter. (September 16, 2009). Coders at Work: Reflections on the Craft of Programming. Apress. ISBN 978-1-4302-1948-4
  8. ↑ TechVision: Innovators of the Net: Brendan Eich and JavaScript
  9. ↑ Han, Sheon. (4 March 2024). JavaScript Runs the World—Maybe Even Literally. Wired

সম্পৰ্কিত শ্ৰেণী

প্ৰগ্ৰামিং লেংগুৱেজ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাভাস্ক্ৰীপ্ট” প্ৰবন্ধৰ সংশোধন ৬০৭৭৫২ (২২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।