প্ৰগ্ৰামিং লেংগুৱেজ
৮ প্ৰবন্ধ
-
জাভা
জাভা (ইংৰাজী: Java) হ'ল এক Object-oriented কম্পিউটাৰৰ প্ৰগ্ৰামিং ভাষা। ইয়াৰ মূল উদ্দেশ্য হ'ল "write once, run anywhere" (WORA)। এবাৰ লিখি যিকোনো ঠাইতে চলোৱা। অৰ্থাৎ কোনো এপ্লিকেশ্যন এবাৰ লিখা হ'লে পুনৰ কম্পাইল নকৰাকৈয়ে যিকোনো প্লেটফৰ্মত চলা।
-
প্ৰগ্ৰামিং ভাষা
প্ৰগ্ৰামিং ভাষা বা প্ৰগ্ৰামিং লেংগুৱেজ (Programming language) হ’ল এটা কৃত্ৰিম ভাষা যাৰ দ্বাৰা কোনো এলগৰিথম প্ৰকাশ কৰিব পৰা যায় বা কম্পিউটাৰ প্ৰ’গ্ৰাম লিখিব পৰা যায়। এই ভাষাৰ দ্বাৰা কোনো এটা যন্ত্ৰৰ সৈতে সংযোগ স্থাপন কৰি তাক বিশেষ নিৰ্দেশ প্ৰদান কৰা হয়।
-
চি (প্ৰগ্ৰামিং লেংগুৱেজ)
চি (C) হ’ল বেল লেবৰটেৰিজত ১৯৬৯ ৰ পৰা ১৯৭৩ চনৰ কালছোৱাত ডেনিচ ৰিট্চী ৰ দ্বাৰা বিকাশিত এটা কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ। ই এজন প্ৰগ্ৰেমাৰক কম্পিউটাৰ আৰ্কিটেক্সাৰৰ হাই লেভেল লেংগুৱেজৰ পৰা ল' লেভেল লেংগুৱেজলৈকে এক বিস্তৃত পৰিসৰ প্ৰদান কৰে।
-
পাইথন
পাইথন এটা বহুল ভাবে প্ৰচলিত উচ্চস্তৰীয় প্ৰগ্ৰামিং ভাষা। সচৰাচৰ পাইথনত লিখা ক'ড সমূহ অন্যান্য প্ৰগ্ৰামিং ভাষাত লিখা ক'ডতকৈ অত্যন্ত চমু আৰু নিকা হয়। পাইথনৰ সৃষ্টিকৰ্তা হৈছে গুইড' ভান ৰসাম। এই প্ৰগ্ৰামিং ভাষা প্ৰথমে ১৯৯১ চনত মুকলি কৰা হৈছিল।
-
চি++
চি++ (C++) হ’ল এটি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং (OOP) ভাষা। ১৯৮০ চনত ডেনিচ কম্পিউটাৰ বিজ্ঞানী বিজাৰনে ষ্ট্ৰৌষ্ট্ৰাপ (Bjarne Stroustrup) -য়ে যুক্তৰাষ্ট্ৰৰ 'এ টি এণ্ড টি বেল লেৱৰ’টৰি'ত চি++ বিকাশ কৰে চি প্ৰগ্ৰামিং ভাষাৰ বিস্তাৰিত ৰূপৰ আধাৰত।
-
জাভাস্ক্ৰীপ্ট
জাভাস্ক্ৰীপ্ট (JavaScript) হৈছে এটা প্ৰগ্ৰামিং ভাষা। এইছটিএমএল (HTML) আৰু চিএছএছ (CSS)-ৰ সমান্তৰালকৈ ই ৱেব প্লেটফৰ্মৰ এটা মূল প্ৰযুক্তি। বিশ্বজুৰি ব্যৱহৃত ৱেবছাইটৰ ৯৯% ক্লায়েণ্ট চাইড ৱেবপৃষ্ঠাৰ আচৰণৰ বাবে ‘জাভাস্ক্ৰীপ্ট’ ব্যৱহাৰ কৰা হয়।
-
স্ক্ৰেচ্ছ্ (প্ৰগ্ৰামিং লেংগুৱেজ)
স্ক্ৰেচ (ইংৰাজীত-Scratch) এটা নতুন প্ৰগ্ৰামিং লেংগুৱেজ বা প্ৰগ্ৰাম সৃষ্টি কৰিবলৈ ব্যৱহৃত ভাষা যাৰ সহায়ত সাধু, খেল, এনিমেশ্যন আদি সৃষ্টি কৰিব পাৰি।
-
হেক প্ৰগ্ৰামিং লেংগুৱেজ
হেক ফেচবুকৰ হিপ-হপ ভাৰ্চুৱেল যন্ত্ৰৰ বাবে নিৰ্মিত পিএইচপিৰ এক উপভাষা। ভাষাটো বি-এচ-ডি লাইচেঞ্চৰ তলত খোলা উৎসৰ। হেকে ব্যৱহাৰকাৰীক প্ৰগতিশীল আৰু স্থায়ী, দুয়ো প্ৰকাৰৰ লিখনেই ব্যৱহাৰ কৰিবলৈ দিয়া। এনে ধৰণৰ লিখন পদ্ধতিক গ্ৰেজুৱেল টাইপিং বোলে আৰু এক্সনস্ক্ৰিপ্টৰ দৰে প্ৰগ্ৰামিং ভাষাটো ইয়াৰ ব্যৱহাৰ হৈছে।