অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়ৱন্তীবেন মেহতা

জয়ৱন্তীবেন মেহতা (:Joyawantiben Mehta; ২০ ডিচেম্বৰ ১৯৩৮ – ৭ নৱেম্বৰ ২০১৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জনতা পাৰ্টিৰ সদস্যা আছিল তেখেত। ১৯৭৮ চনত মহাৰাষ্ট্ৰৰ বিধানসভালৈ নিৰ্বাচিত আৰু ১৯৮৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৬২ চনত প্ৰথম ৰাজনীতিত প্ৰৱেশ কৰে।

হালনাগাদ: ৬ মাৰ্চ ২০২৫ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

জয়ৱন্তীবেন মেহতা (:Joyawantiben Mehta; ২০ ডিচেম্বৰ ১৯৩৮ – ৭ নৱেম্বৰ ২০১৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জনতা পাৰ্টিৰ সদস্যা আছিল তেখেত। ১৯৭৮ চনত মহাৰাষ্ট্ৰৰ বিধানসভালৈ নিৰ্বাচিত আৰু ১৯৮৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল।

১৯৬২ চনত প্ৰথম ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৬৮ চনত বম্বে পৌৰ নিগমৰ পৌৰসভাৰ সদস্য নিৰ্বাচিত হয়। পিছত তেওঁ পুনৰ নিৰ্বাচিত হৈ ১০ বছৰ পৌৰসভাৰ কাউন্সিলাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে।

১৯৭৫ চনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ সময়ত তেওঁ ১৯ মাহৰ কাৰাবাস খাটিবলগা হৈছিল। ১৯৭৮ চনত মহাৰাষ্ট্ৰৰ বিধানসভালৈ নিৰ্বাচিত হোৱা জয়ৱন্তীবেনে ১৯৮৫ চনলৈকে অপেৰা হাউছ সমষ্টিৰ পৰা ২টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৮০ চনত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হয় আৰু ১৯৮৮ চনত তেওঁক সৰ্বভাৰতীয় সম্পাদক হিচাপে নিযুক্তি দিয়া হয়।

১৯৮৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হয়। ইয়াৰ পিছত ১৯৯৬ আৰু ১৯৯৯ চনত পুনৰ নিৰ্বাচিত হৈ ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ বাজপেয়ী চৰকাৰত ক্ষমতাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে।

জয়ৱন্তীবেনে ১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈ বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি আৰু তাৰ পিছত ১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১

১৯৮৯ চনত নৱম লোকসভাত মুম্বাই উত্তৰ-পূৱ সমষ্টি আৰু ১৯৯৬ আৰু ১৯৯৯ চনত মুম্বাই দক্ষিণ সমষ্টিৰ একাদশ আৰু ত্ৰয়োদশ লোকসভাত প্ৰতিনিধিত্ব কৰিছিল।

মৃত্য়ু

২০১৬ চনৰ ৭ নবেম্বৰত ৭৭ বছৰ বয়ষত তেখেত স্বৰ্গগামী হয়।

তথ্যসূত্ৰ

  1. ↑ (7 November 2016). Former Union minister Jayawantiben Mehta passes away. The New Indian Express

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ৱন্তীবেন মেহতা” প্ৰবন্ধৰ সংশোধন ৪৮৭৯৪৩ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।