অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জনহিতৈষী পুথিভঁৰাল

জনহিতৈষী পুথিভঁৰাল হ'ল অসমৰ এখন ৰাজহুৱা পুথিভঁৰাল আৰু পঠন-সংস্কৃতিৰ প্ৰচাৰৰ সৈতে জড়িত সামাজিক-শৈক্ষিক অনুষ্ঠান। জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা, পঠন-সংস্কৃতিৰ প্ৰসাৰ আৰু নতুন পাঠক সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ২০২০ চনৰ ১৩ আগষ্টত এই পুথিভঁৰালটো আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়।

হালনাগাদ: ২৮ আগষ্ট ২০২৬ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জনহিতৈষী পুথিভঁৰাল হ'ল অসমৰ এখন ৰাজহুৱা পুথিভঁৰাল আৰু পঠন-সংস্কৃতিৰ প্ৰচাৰৰ সৈতে জড়িত সামাজিক-শৈক্ষিক অনুষ্ঠান। জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা, পঠন-সংস্কৃতিৰ প্ৰসাৰ আৰু নতুন পাঠক সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ২০২০ চনৰ ১৩ আগষ্টত এই পুথিভঁৰালটো আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়।১

জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা

জনহিতৈষী পুথিভঁৰালৰ অন্যতম উল্লেখযোগ্য উদ্যোগ হৈছে জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা। ২০২৫ চনৰ ৭ ডিচেম্বৰত লখিমপুৰ নগৰৰ সমীপৱৰ্তী আজাদ অঞ্চলৰ নৱজ্যোতি ৰংগমঞ্চত এই এদিনীয়া গ্ৰন্থমেলাখন অনুষ্ঠিত হয়।২

গ্ৰন্থমেলাখন অসমৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হয়। অনুষ্ঠানটো বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক হোমেন বৰগোহাঞিৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছিল। এই উপলক্ষে আয়োজকসকলে ৭ ডিচেম্বৰক গ্ৰন্থ আৰু অধ্যয়ন দিৱস হিচাপে পালন কৰাৰ কথা উল্লেখ কৰে।৩

গ্ৰন্থমেলাৰ বৈশিষ্ট্য

গ্ৰন্থমেলাখনত বিভিন্ন বিষয়ৰ প্ৰায় ৪০,০০০খন গ্ৰন্থ সংগ্ৰহ কৰা হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইয়াত ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য পাঠকে বিনামূলীয়াকৈ নিজৰ পছন্দৰ গ্ৰন্থ সংগ্ৰহ কৰাৰ সুযোগ লাভ কৰে। সংবাদ প্ৰতিবেদন অনুসৰি, ২০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু পাঠকে গ্ৰন্থমেলাখনৰ পৰা গ্ৰন্থ সংগ্ৰহ কৰে।৪

গ্ৰন্থমেলাখন প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই উদ্বোধন কৰে।৫

অসমৰ বিভিন্ন স্থানৰ ব্যক্তি আৰু অনুষ্ঠানৰ পৰা গ্ৰন্থদান লাভ কৰি গ্ৰন্থমেলাখনৰ বাবে গ্ৰন্থ সংগ্ৰহ কৰা হৈছিল।৬

২০২৫ চনৰ গ্ৰন্থমেলাখনক আয়োজক তথা সংবাদ মাধ্যমৰ একাংশই বিশ্বৰ প্ৰথম বিনামূলীয়া গ্ৰন্থমেলা হিচাপে উল্লেখ কৰিছে।৭৮

লক্ষ্য আৰু উদ্দেশ্য

জনহিতৈষী পুথিভঁৰালৰ ঘোষিত উদ্দেশ্যসমূহৰ ভিতৰত আছে—

  • নাগৰিকৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা
  • পঠন-সংস্কৃতিৰ প্ৰসাৰ ঘটোৱা
  • নতুন পাঠক সৃষ্টি কৰা
  • আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীক প্ৰয়োজনীয় গ্ৰন্থ যোগান ধৰা
  • গ্ৰন্থদানৰ সামাজিক পৰম্পৰা গঢ়ি তোলা
  • গ্ৰাম্যাঞ্চলত পুথিভঁৰাল স্থাপনৰ বাবে উৎসাহিত কৰা
  • বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানত শৈক্ষিক কাৰ্যসূচী আয়োজন কৰা।

জড়িত ব্যক্তি

জনহিতৈষী পুথিভঁৰালৰ সৈতে জড়িত বিষয়ববীয়াসকলৰ ভিতৰত সভাপতি হিচাপে জীৱন্ত শইকীয়া আৰু সম্পাদক হিচাপে ঝৰ্ণা হাজৰিকাৰ নাম উল্লেখ কৰা হৈছে। এই পুথিভঁৰালৰ বিভিন্ন কাৰ্যসূচীৰ সৈতে সাংবাদিক আৰু কবি বুবুল হাজৰিকা, লেখিকা আৰু অধ্যাপিকা ড° বৰ্ণালী বৰা, শিক্ষয়িত্ৰী ইলা বৰুৱা, মৃণালী দেৱী, নিহা গগৈ, সুপ্ৰীতি বুঢ়াগোহাঁই, হীৰকজ্যোতি ডেকা আৰু বিশ্বজিত দত্তকে ধৰি কেইবাগৰাকী ব্যক্তি জড়িত হৈ থকা বুলি উল্লেখ কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ 'Free' book fair organised in northern Assam to encourage reading habit. Press Trust of India
  2. ↑ Lakhimpur to Host First-Ever “Zubeen Garg Free Book Fair,” A Celebration of Knowledge, Music, and the Joy of Reading. The Sentinel
  3. ↑ লখিমপুৰত বিশ্বৰ ভিতৰতে প্ৰথমখন বিনামূলীয়া গ্ৰন্থমেলাৰ আয়োজন. অসমীয়া প্ৰতিদিন
  4. ↑ 'Free' book fair organised in northern Assam to encourage reading habit. Press Trust of India
  5. ↑ 'Free' book fair organised in northern Assam to encourage reading habit. The Week
  6. ↑ World's First Free Book Fair: Igniting Reading Passion in Assam. Devdiscourse
  7. ↑ 'Free' book fair organised in northern Assam to encourage reading habit. Press Trust of India
  8. ↑ World's First Free Book Fair: Igniting Reading Passion in Assam. Devdiscourse

সম্পৰ্কিত শ্ৰেণী

পুথিভঁৰাললখিমপুৰ জিলাজুবিন গাৰ্গ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জনহিতৈষী পুথিভঁৰাল” প্ৰবন্ধৰ সংশোধন ৬৩৩১৪৩ (২৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।