পুথিভঁৰাল
১০ প্ৰবন্ধ
-
দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডি.চি.ৰ কেপিটল হিলত (Capitol Hill) অৱস্থিত লাইব্ৰেৰী অব্ কংগ্ৰেছ (Library of Congress) পুথিভঁৰালৰ মজিয়াৰ কালি ২৬.১৪ হেক্টৰ (৬৪.৬ একৰ) আৰু ইয়াত থকা কিতাপৰ ৰেকবোৰ লগ লগালে দৈৰ্ঘ্য হ'বগৈ ৮৬০ কিলোমিটাৰ (৫৩৫ মাইল)।
-
পুথিভঁৰাল
পুথিভঁৰাল (Library) হৈছে এনে এক অনুষ্ঠান বা প্ৰতিষ্ঠান য'ত জ্ঞান-বিজ্ঞান, বুৰঞ্জী, দৰ্শন, সাহিত্য, কলা, গল্প-উপন্যাস, জীৱনী আদি নানা তৰহৰ ন-পুৰণি পুথি আৰু আলোচনী, বাতৰি কাকত আদি পঢ়াৰ কাৰণে সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰখা হয়। পুথিভঁৰালক গ্ৰন্থাগাৰো বোলা হয়।
-
ৱিকিচ'ৰ্ছ
ৱিকিচৰ্ছ বা ৱিকিউৎস (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি।
-
অসমীয়া ৱিকিউৎস
অসমীয়া ৱিকিউৎস (Assamese Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি।
-
কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল
কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল (K.K. Handiqui Library) হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাল। ই উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এক বৃহৎ আৰু সমৃদ্ধশালী গ্ৰন্থাগাৰ। বৰ্তমান এই পুথিভঁৰালত ২,৮০,০০০ তকৈও অধিক গ্ৰন্থ, গৱেষণা পত্ৰ (Theses) আৰু পুৰণি আলোচনী, বাতৰি-কাকত আদি সংৰক্ষণ হৈ আছে।
-
অনিতা উইলছন
অনিতা উইলছন (১৯৪৩ - ১৫ আগষ্ট ২০০৬) টুভালু চৰকাৰৰ প্ৰথম আৰ্কাইভিষ্ট/লাইব্ৰেৰিয়ান, লগতে হংকং চৰকাৰ আৰু ব্ৰিটিছ ৰাজপৰিয়ালৰ আৰ্কাইভিষ্ট।
-
কলকাতা লিটল মেগাজিন পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰ
কলকাতা লিটল মেগাজিন পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰ বা কলকাতা লিটল মেগাজিন লাইব্ৰেৰী এণ্ড ৰিচাৰ্চ চেণ্টাৰ (Kolkata Little Magazine Library And Research Center) হ'ল ভাৰতৰ কলকাতাত অৱস্থিত এক বিকল্প আৰু পৰীক্ষামূলক আলোচনীৰ ব্যক্তিগত মালিকানাধীন পুথিভঁৰাল।
-
চন্দ্ৰনাথ ৰাধিকাকান্ত সোঁৱৰণী পুথিভঁৰাল
চন্দ্ৰনাথ ৰাধিকাকান্ত সোঁৱৰণী পুথিভঁৰাল হৈছে ঐতিহ্যমণ্ডিত বাণ ৰঙ্গমঞ্চৰ পুথিভঁৰাল। চন্দ্ৰনাথ ৰাধিকাকান্ত সোঁৱৰণী পুথিভঁৰাল স্থাপন কৰা হয় ২০০৩ চনত। এই পুথিভঁৰালৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে নাটক, নাট্য ইতিহাস, নাট্য ইতিহাস বিজড়িত গ্ৰন্থ, ফটো বা আন কোনো তথ্য সমল আদিৰ বিজ্ঞান সন্মতভাৱে সংৰক্ষণৰ…
-
জনহিতৈষী পুথিভঁৰাল
জনহিতৈষী পুথিভঁৰাল হ'ল অসমৰ এখন ৰাজহুৱা পুথিভঁৰাল আৰু পঠন-সংস্কৃতিৰ প্ৰচাৰৰ সৈতে জড়িত সামাজিক-শৈক্ষিক অনুষ্ঠান। জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা, পঠন-সংস্কৃতিৰ প্ৰসাৰ আৰু নতুন পাঠক সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ২০২০ চনৰ ১৩ আগষ্টত এই পুথিভঁৰালটো আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়।
-
সুবাৰবন ৰিডিং ক্লাব
সুবাৰবন ৰিডিং ক্লাব (বাংলা: সুবাব়বন ব়ীডিং ক্লাব) ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ অন্যতম পুৰণি পুথিভঁৰাল। ১৮৮৮ চনত বেলিয়াঘাটা নৰকেলডাংগা অঞ্চলৰ নৰকল্ডাংগা হাইস্কুলৰ এটা সৰু কোঠাত সুবাৰবন ৰিডিং ক্লাব প্ৰতিষ্ঠা কৰা হয়।