পৰিবেশ্য কলা
১৪ প্ৰবন্ধ
-
নৃত্য
নৃত্য হৈছে “সঙ্গীতৰ তালে-তালে এক নিৰ্দ্ধাৰিত লয়ত কৰা অঙ্গ সঞ্চালন আৰু দেহ-ভঙ্গি”ৰ দ্বাৰা প্ৰকাশ কৰা এক প্ৰকাৰৰ পৰিবেশ্য কলা। এই অঙ্গ সঞ্চালনসমূহৰ নান্দনিক আৰু প্ৰতীকী মূল্য থাকে।
-
থিয়েটাৰ
থিয়েটাৰ হৈছে দৰ্শকৰ সম্মুখত স্থাপিত মঞ্চ বা পটত অভিনীত নাটক। ই শিল্পমাধ্যমৰ (পৰিৱেশন কলা) এটি শাখা। দৰ্শক বা শ্ৰোতাৰ সন্মুখত পৰিৱেশন কৰা যিকোনো কলাকেই থিয়েটাৰ হিচাপে বিবেচনা কৰা হয় যদিও পৰিৱেশন কলা হিচাপে থিয়েটাৰত সক্ৰিয় অংশগ্ৰহণকাৰীৰ দ্বাৰা সৃষ্ট এক স্বয়ংসম্পূৰ্ণ নাটকৰ ওপৰত বিশেষভাবে গুৰুত্ব…
-
পুতলা নাচ
পুতলা নাচ (Marionette) হৈছে পুতলা বা পাপেট (Puppet)-সমূহক সূতা লগাই ওপৰৰ পৰা পৰিচালনা কৰা এক কলা।পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয়। পাচালী সাহিত্য নামৰ পাচালিকাৰ পৰা উদ্ভৱ হোৱা সাহিত্যৰ মূলো হৈছে এই পুতলা।পুতলা নাচত নৃত্য-গীত আৰু নাটকীয় মুদ্ৰাৰ সংযোগ ঘটে।
-
দৰবাৰী নাচ
দৰবাৰী নাচ (; (नाच; ناچ; nautch; नृत्य) ছোৱালী নৰ্তকীয়ে মোগলৰ ৰাজ-দৰবাৰত পৰিবেশন কৰা এটা জনপ্ৰিয় নাচৰ প্ৰকাৰ। এই কলা মোগল সাম্ৰাজ্যৰ শেষৰ ফালে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়ছোৱাত জাতিস্কাৰ হৈ পৰিছিল।
-
ছৌ নৃত্য
ছৌ নৃত্য (Chhau dance) এক অৰ্দ্ধ-শাস্ত্ৰীয়, ভাৰতীয় যুদ্ধনৃত্য। উৎপত্তি আৰু বিকাশৰ আধাৰত ছৌ নৃত্যৰ তিনিটা শৈলী দেখা যায়- পুৰুলিয়া ছৌ (পশ্চিম বংগ), ছেৰাইকেল্লা ছৌ (ঝাৰখণ্ড) আৰু ময়ুৰভঞ্জ ছৌ (উৰিষ্যা)। এই তিনিটা শৈলীৰ মাজৰ প্ৰধান পাৰ্থক্যটো হ’ল মুখাৰ ব্যৱহাৰ।
-
মূকাভিনয়
মূকাভিনয়ৰ অৰ্থ হৈছে মুখৰে শব্দ উচ্চাৰণ নকৰাকৈ বা সংলাপ নোকোৱাকৈ মনৰ ভাব প্ৰকাশ কৰা। নাট্যশিল্পৰ এক বিশেষ দিশ হৈছে এই মূকাভিনয়। এই পদ্ধতিৰ জৰিয়তে কোনো অভিনেতাই কোনো সংলাপ ব্যৱহাৰ নকৰাকৈ কেৱল দেহ ভঙ্গিমা আৰু মুখৰ অভিব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি অভিনয় কৰে।
-
ক'ৰিয়'গ্ৰাফী (নৃত্য)
ক'ৰিয়'গ্ৰাফী (Choreography) বুলিলে নৃত্যৰ সৃষ্টি আৰু পৰিচালনা কৰা কলাক বুজায়। এই শব্দটো গ্ৰীক শব্দ khoreia (নৃত্য) আৰু graphy (লিখা)ৰ পৰা আহিছে। এই অৰ্থমতে শব্দটোৱে আগতে নৃত্যৰ লিখিত নথিক বুজাইছিল।
-
চাৰ্কাছ
চাৰ্কাছ (Circus)-ৰ উৎপত্তি নতুন নহয়, ই বহু পুৰণি। আদিতে অৱশ্যে ইয়াক চাৰ্কাছ বোলা হোৱা নাছিল। প্ৰথম চাৰ্কাছ হৈছিল খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত ৰোমত। সেই সময়ত ৰোমানসকলৰ ৰজা আছিল তাৰ্কিনিয়াছ প্ৰিছকাছ (Tarquinus Priscus)।
-
নৌটংকী
নৌটংকী (Nautanki) দক্ষিণ এছিয়াৰ, বিশেষকৈ উত্তৰ ভাৰতৰ এক জনপ্ৰিয় লোকনাট্য শৈলী। বলীউদী চলচ্চিত্ৰ আগমনৰ পূৰ্বে নৌটংকীয়ে আছিল উত্তৰ ভাৰতৰ গ্ৰাম্য আৰু নগৰীয়া জীৱনৰ সৰ্বাধিক জনপ্ৰিয় বিনোদন মাধ্যম।
-
যাদু বিদ্যা
যাদু বিদ্যা এক অতি প্ৰাচীন বিদ্যা। হিন্দু ধৰ্ম্মাৱলম্বী দেশসমূহত এই বিদ্যা শঙ্কৰ-পাৰ্বতীৰ সৈতে জড়িত। কামৰূপৰ কামাখ্যা মাৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত। প্ৰকৃত যাদু বিদ্যা আহৰণ কাৰ্য্য সহজসাধ্য নহয় বুলি এই বিদ্যাৰ লগত জড়িত সকলে কয়।
-
কাঠপুতলি
কাঠপুতলি (Kathputli) ভাৰতৰ ৰাজস্থান ৰাজ্যত প্ৰচলিত পাৰম্পৰিক পুতলা নাচ অনুষ্ঠান। কাঠপুতলি পুতলা নাচৰ পুতলাবোৰ মোটা সূতা বা তাঁৰৰ সহায়ত নৃত্য কৰোৱা হয়। ই ভাৰতীয় পুতলা নাচৰ আটাইতকৈ জনপ্ৰিয় ৰূপ। সূতাৰ সহায়ত নৃত্য কৰোৱা বাবে এই পুতলাবোৰ মাত্ৰ এডাল সূতা বা তাঁৰৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰি।
-
ড্ৰেগ
ড্ৰেগ (Drag) শব্দটোৱে পুৰুষত্ব, নাৰীত্ব বা অন্য লিংগীয় অভিব্যক্তিৰ প্ৰকাশ কৰে। ড্ৰেগ কুইন হৈছে কোনো স্ত্ৰী অভিব্যক্তি প্ৰকাশক ব্যক্তি (বিশেষভাৱে পুৰুষ) আৰু ড্ৰেগ কিং হৈছে কোনো পুৰুষ অভিব্যক্তি প্ৰকাশক ব্যক্তি (বিশেষভাৱে মহিলা)। এই শব্দটোক ক্ৰিয়া পদ হিচাপে ব্যৱহাৰ কৰা হয়।
-
দৰ পূজা
দৰ-পূজা হৈছে একপ্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ পূজন। নাট্যসমল যুক্ত দৰ-পূজা, ‘শস্ত্ৰ -পূজন’ পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহকৰূপে গণ্য কৰা হয়। পুৰণি কালত কোচ-ৰজাসকলে ৰণ-যাত্ৰাৰ প্ৰাক মুহূৰ্তত দৰ পূজা উদযাপন কৰিছিল। কিন্তু ইয়াৰ দৰে বৰ্তমান দৰঙী ৰজাৰ বংশধৰসকলে দৰ-পূজা নকৰে।
-
মেথড অভিনয়
মেথড অভিনয় (Method acting) হৈছে অভিনয় প্ৰশিক্ষণ আৰু ৰিহাৰ্ছেল কৌশলৰ এক পৰিসৰ যিয়ে আন্তৰিক আৰু আবেগিকভাৱে অভিব্যক্তি প্ৰদৰ্শনক উৎসাহিত কৰিব বিচাৰে। ৰাছিয়ান অভিনেতা-পৰিচালক তথা নাট্যকৰ্মী কনষ্টানিন ষ্টেনিসলাভাস্কিয়ে তেওঁৰ ছাত্ৰসকলক অভিনয়ৰ কলা কৌশল শিকাবৰ বাবে মেথড অভিনয়ক প্ৰথমে ব্যৱহাৰ কৰিছিল।