অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চেলুলাৰ জে'ল

চেলুলাৰ জে'ল (Cellular Jail) ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত এখন প্ৰসিদ্ধ জে'ল। ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ ৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জে'ল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ নিৰ্মাণত খৰচ পৰিছিল ৫,১৭,৩৫২ টকা৷…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৩৭
সংশোধনৰ পৰামৰ্শ

চেলুলাৰ জে'ল (Cellular Jail) ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত এখন প্ৰসিদ্ধ জে'ল। ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ ৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জে'ল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ নিৰ্মাণত খৰচ পৰিছিল ৫,১৭,৩৫২ টকা৷ ১৯৭৯ চনত ছেলুলাৰ জে'লক ৰাষ্ট্ৰীয় স্মাৰকৰূপে (National Memorial) ঘোষণা কৰা হয়৷ ছেলুলাৰ জে'লক কলীয়া পানী বুলিও কয়১৷

গঠন প্ৰণালী

মূল আন্দামানৰ উত্তৰ-পূব অংশৰ সমুদ্ৰ তীৰত নিৰ্মিত বৃহৎ আৰু ঐতিহাসিক চেলুলাৰ জে'লৰ নামটো ইয়াৰ গঠনশৈলীৰপৰা আহিছে৷ ইয়াত প্ৰত্যেকটো কুঠৰী, অৰ্থাৎ চে'ল (Cell) অকলশৰীয়াকৈ নিৰ্মাণ কৰা হৈছিল৷ ইয়াত কোনো সমূহীয়া কোঠা (Dormitory) নাছিল৷ আৰম্ভনিতে ইয়াত থকা কুঠৰীৰ সংখ্যা ৬৯৮ টা আছিল৷ বৰ্তমান এই সংখ্যা কমি ২৯৬ টা হৈছেগৈ৷ খিৰিকিবিহীন আৰু মাত্ৰ তিনি মিটাৰ উচ্চতাৰ এই সংকীৰ্ণ কুঠৰী বা ছেলত বন্দীসকলৰ ওপৰত জে'ল কৰ্তৃপক্ষই অকথ্য অত্যাচাৰ চলাইছিল৷ তিনিমহলীয়া এই চেলুলাৰ জে'লৰ দ্বিতীয় মহলাৰ বেৰত ১৩ খন ফলকত তেনে ৩৩৬ জন ছহিদৰ নাম খোদিত হৈ আছে৷

তথ্যসূত্ৰ

  1. ↑ জ্ঞানাঞ্জন প্ৰান্তিক, খণ্ড ২০১৩ ( ১ - ১৫ জুন ) ৩২শ বছৰ (১৩শ সংখ্যা) পৃষ্ঠা নং ৩৭

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পৰ্যটনস্থলীস্থাপত্যভাৰতৰ বিশ্ব ঐতিহ্য আংশিক তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেলুলাৰ জে'ল” প্ৰবন্ধৰ সংশোধন ৩৮০৮৭৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।