চেউনি আলিআহোম স্বৰ্গদেউ চুতাম্লাৰ দিনত নিৰ্মিত চেউনি আলিটো১ এটা বিখ্যাত ঐতিহাসিক আলি। মধ্যযুগত নিৰ্মাণ কৰা এই আলিটো গোলাঘাট জিলাৰ কমাৰগাঁৱৰ ধোদৰ আলিৰ পৰা দেৰগাঁও, যোৰহাট,টীয়ক, জাঁজী হৈ শিৱসাগৰ জিলাৰ চামগুৰিত পুনৰ ধোদৰ আলিত মিলিছে। অৱশ্যে এই আলিটোৰ অধিকাংশ বৰ্তমান ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে মিলি গৈছে।২চেউনি শব্দৰ অৰ্থ হ'ল হাবি-বন কাটি ৰাস্তা মুকলি কৰি মাটিত চিন দিয়া কাৰ্য্য। এই আলিটো নিৰ্মাণ কৰাৰ আগতে অঞ্চলটো হাবি বননি আৰু পথাৰেৰে ভৰপূৰ আছিল। পাছত পথ নিৰ্মাণ কৰাৰ উদ্দেশ্যে হাবি বন কাটি চিন দিয়া কাৰ্য কৰা হয়। সেয়ে আলিটোৰ নাম চেউনি আলি হয়। ঐতিহাসিক তথ্য অনুসৰি আহোম স্বৰ্গদেউ চুতাম্লাৰ দিনত আহোম ৰাজবিষয়া বাদুলী ফুকনৰ তত্ত্বাৱধানত ১৬৫০ চনত এই পথটো বন্ধোৱা হৈছিল।৩
তথ্যসূত্ৰ
- ↑ aamarasom.com/detail-news/2679
- ↑ অসমৰ ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেউনি আলি” প্ৰবন্ধৰ সংশোধন ৫১০৯০২ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।