অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

লংলিট বিভ্ৰান্তি পথ

লংলিট বিভ্ৰান্তি পথ (Longleat maze) হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল বিভ্ৰান্তি পথ। গ্ৰীচত খ্ৰীষ্টপূৰ্ব ১২০০ তে সজা এনে বিভ্ৰান্তি পথৰ ভগ্নাৱশেষ পোৱা গৈছে।

হালনাগাদ: ২ মে’ ২০২০ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

লংলিট বিভ্ৰান্তি পথ (Longleat maze) হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল বিভ্ৰান্তি পথ। গ্ৰীচত খ্ৰীষ্টপূৰ্ব ১২০০ তে সজা এনে বিভ্ৰান্তি পথৰ ভগ্নাৱশেষ পোৱা গৈছে১।

বিভ্ৰান্তি পথৰ উদেশ্য

বিভ্ৰান্তি পথ বা "লেবিৰিন্থ" বোৰ হ'ল মূলতঃ আমোদ-প্ৰমোদৰ বাবে সজা, এঠাইৰপৰা আন এঠাইলৈ থকা অজস্ৰ পথ। আচল পথ মাত্ৰ এটা বা দুটাহে,বাকীবোৰ প্ৰকৃত পথৰ দৰে লাগিলেও কিছু দূৰত গৈ বন্ধ হৈ গৈছে বা আন ঠাইতহে ওলাইছেগৈ।

বিভ্ৰান্তি পথৰ নিৰ্মাণশৈলী

১৬,০০০ মান জোপোহা গছেৰে এই পথবোৰ পৃথক কৰা হৈছে। ইংলেণ্ডৰ উইল্টছায়াৰৰ লংলিট হাউছত এই পথটোৰ ডিজাইন কৰিছিল গ্ৰেগ ব্ৰাইটে। ১৯৭৮ চনত এই পথটো জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়। প্ৰথমে ই ১১৬ মিটাৰ দৈৰ্ঘ্য আৰু ৫৭ মিটাৰ প্ৰস্থৰ এটা আয়তীয় ক্ষেত্ৰ আগুৰি আছিল আৰু ইয়াৰ পথবোৰৰ মুঠ দৈৰ্ঘ্য আছিল ২.৭ কিলোমিটাৰ। ইয়াত ছখন কাঠৰ দলং আছিল। এতিয়া অৱশ্যে এই বিভ্ৰান্তি পথৰ এলেকাটো আৰু অলপ বহলোৱা হৈছে। বিভ্ৰান্তি পথটো দুটা ভাগত বিভক্ত। গড় হিচাপে ডেৰ ঘণ্টামান সময়ত এটা মূৰৰপৰা আনটো মূৰত ওলাবগৈ পাৰি। অৱশ্যে তাৰ মাজতে পথ ভুল কৰাৰ সম্ভাৱনাও যথেষ্ট।২

তথ্যসূত্ৰ

  1. ↑ জ্ঞানাঞ্জন, প্ৰান্তিক, খণ্ড ২০১২ (১৬ - ৩০ এপ্ৰিল) ৩১শ বছৰ (১০ম সংখ্যা) পৃষ্ঠা - ২০
  2. ↑ www.atlasobscura.com/places/longleat-hedge-maze

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যপথ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লংলিট বিভ্ৰান্তি পথ” প্ৰবন্ধৰ সংশোধন ২২৪৯২৮ (২ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।