অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

মংগোল সাম্ৰাজ্য

মংগোল সাম্ৰাজ্য আছিল ইতিহাসৰ আটাইতকৈ বৃহৎ সংযুক্ত স্থলভাগ সাম্ৰাজ্য। ই ১৩শ শতিকাত চেংগিজ খানৰ নেতৃত্বত স্থাপিত হৈছিল আৰু ইয়াৰ বিস্তৃতি ইউৰোপৰ পৰা এছিয়া পৰ্যন্ত আছিল। সাম্ৰাজ্যটোৱে ব্যৱসায়, সংস্কৃতি আৰু ৰাজনৈতিক গঠন-প্ৰক্ৰিয়াত গভীৰ প্ৰভাৱ পেলাইছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মংগোল সাম্ৰাজ্য আছিল ইতিহাসৰ আটাইতকৈ বৃহৎ সংযুক্ত স্থলভাগ সাম্ৰাজ্য। ই ১৩শ শতিকাত চেংগিজ খানৰ নেতৃত্বত স্থাপিত হৈছিল আৰু ইয়াৰ বিস্তৃতি ইউৰোপৰ পৰা এছিয়া পৰ্যন্ত আছিল। সাম্ৰাজ্যটোৱে ব্যৱসায়, সংস্কৃতি আৰু ৰাজনৈতিক গঠন-প্ৰক্ৰিয়াত গভীৰ প্ৰভাৱ পেলাইছিল।১

স্থাপনা

১২০৬ চনত তেমুজিন নামৰ মংগোল নেতা তেওঁক “চেংগিজ খান” (সৰ্বোচ্চ নেতা) হিচাপে ঘোষণা কৰে। তেখেতে বিভিন্ন মংগোল গোত্ৰক একত্ৰিত কৰি এক সুশৃংখল সেনা গঠন কৰে আৰু ক্ৰমান্বয়ে উত্তৰ চীন, মধ্য এছিয়া, ইৰান, আৰু ইউৰোপলৈ আগবঢ়ে।২

চেংগিছ খানৰ পাছত

চেংগিজ খানৰ মৃত্যুৰ পিছত সাম্ৰাজ্যটো তেওঁৰ পুত্ৰসকলৰ মাজত বিভাজন কৰা হয়, যাৰ ফলত ইলখানাত, চাগাতাই খানাত, গোল্ডেন হৰ্ড, আৰু ইয়ুৱান ৰাজবংশ উদয় হয়। তেওঁৰ পাছত খুবিলাই খানে চীন দখল কৰি ইয়ুৱান ৰাজবংশ স্থাপন কৰে।৩

সংস্কৃতি আৰু বাণিজ্য

মংগোল সাম্ৰাজ্যৰ অধীনত ছিল্ক ৰোড সুৰক্ষিত হোৱাত ইউৰোপ আৰু এছিয়াৰ মাজৰ বাণিজ্য আৰু সাংস্কৃতিক আদান-প্ৰদান বৃদ্ধি পায়। এই সময়ছোৱাত মাৰ্ক’ প’ল’ আদিয়ে চীন ভ্ৰমণ কৰিছিল। সাম্ৰাজ্যটোৱে ধৰ্মীয় সহনশীলতা অৱলম্বন কৰিছিল।৪

পতন

১৪শ শতিকালৈকে মংগোল সাম্ৰাজ্য খণ্ড খণ্ড হৈ যায় আৰু স্থানীয় ৰাজবংশ আৰু শক্তিবোৰে তাত স্থান গ্ৰহণ কৰে। ইয়াৰ ভিতৰৰ সংঘাত আৰু বহিঃশত্ৰুৰ আক্ৰমণে পতন ত্বৰান্বিত কৰে।

ঐতিহ্য

মংগোল সাম্ৰাজ্যৰ ৰাজনৈতিক আৰু সামৰিক কৌশল, বাণিজ্যৰ বিকাশ, আৰু বহুজাতিক গঠনপদ্ধতিয়ে আধুনিক বিশ্বত গভীৰ প্ৰভাৱ পেলাইছে।

তথ্যসূত্ৰ

  1. ↑ Mongol Empire. Encyclopedia Britannica
  2. ↑ Weatherford, Jack. (2004). Genghis Khan and the Making of the Modern World. Crown. ISBN 978-0-609-80964-8
  3. ↑ Rossabi, Morris. (1988). Khubilai Khan: His Life and Times. University of California Press. ISBN 978-0-520-06740-6
  4. ↑ Allsen, Thomas T. (2001). Culture and Conquest in Mongol Eurasia. Cambridge University Press. ISBN 978-0-521-84664-9

সম্পৰ্কিত শ্ৰেণী

ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মংগোল সাম্ৰাজ্য” প্ৰবন্ধৰ সংশোধন ৬৩১৪১১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।