বাংলাদেশৰ শৈক্ষিক প্ৰতিষ্ঠান
৯ প্ৰবন্ধ
-
মুৰাৰিচাঁদ মহাবিদ্যালয়
মুৰাৰিচাঁদ মহাবিদ্যালয় (মুরারিচাঁদ মহাবিদ্যালয়) ব্ৰিটিছ শাসিত অসমৰ প্ৰথম মহাবিদ্যালয় আৰু বৰ্তমানৰ বাংলাদেশৰ চিলেট ডিভিজনৰো ই প্ৰথম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ই বাংলাদেশৰ সপ্তম পুৰণি মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৮৯২ চনত প্ৰতিষ্ঠা কৰা হৈছিল।
-
দেৱানবাগ শ্বৰীফ
দেৱানবাগ শ্বৰীফ হৈছে বাংলাদেশ ৰাজধানী ঢাকা অৱস্থিত চুফী ভিত্তিক ইছলামিক প্ৰতিষ্ঠান। ইয়াত মুহাম্মদী ইছলাম (হজৰত মুহাম্মাদ (ছ.)ৰ ইছলাম) ৰ নীতিবোৰ প্ৰচাৰ আৰু শিক্ষা দিয়ে। ইয়াক চুফী সম্ৰাট চৈয়দ মাহবুব এ খোদাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।
-
নটৰ ডেম কলেজ, ঢাকা
নটৰ ডেম কলেজ (নটব় ডেম কলেজ, Notre Dame College) বাংলাদেশৰ ঢাকাৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৪৯ চনত এইখন চেণ্ট গ্ৰেগৰী কলেজ হিচাপে স্থাপন কৰা হৈছিল। নটৰ ডেম কলেজত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা ডিগ্ৰী পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।
-
চিলেট মহিলা চিকিৎসা মহাবিদ্যালয়
চিলেট মহিলা চিকিৎসা মহাবিদ্যালয় (Sylhet Women's Medical College) (চমুকৈ SWMC) হৈছে ২০০৫ চনত স্থাপিত হোৱা বাংলাদেশৰ এখন ব্যক্তিগত চিকিৎসা বিদ্যালয়। এই বিদ্যালয়খন কেৱল মহিলা ছাত্ৰীসকলৰ বাবে।
-
জগন্নাথ হল
ঢাকা বিশ্ববিদ্যালয়ৰ জগন্নাথ হল বৌদ্ধ, খ্ৰীষ্টান, হিন্দুকে ধৰি ধৰ্মীয় সংখ্যালঘুৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্মিত এটা আৱাসগৃহ। ১৯২১ চনত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰপৰাই নিৰ্মিত তিনিটা মূল আৱাসগৃহৰ ভিতৰত ই অন্যতম, আৰু ইয়াক অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কলেজসমূহৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।
-
ঢাকা চেণ্ট্ৰেল ইউনিভাৰ্চিটি
ঢাকা চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছে বাংলাদেশৰ ঢাকাত অৱস্থিত এখন ফেডাৰেল ৰাজহুৱা গৱেষণা বিশ্ববিদ্যালয়। ৰাজধানীৰ সাতখন উল্লেখযোগ্য চৰকাৰী মহাবিদ্যালয় একত্ৰিত কৰি বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। ২০২৬ চনৰ ৮ ফেব্ৰুৱাৰীত জাৰি কৰা এখন অধ্যাদেশৰ জৰিয়তে ঢাকা চেণ্ট্ৰেল ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰা হয়।
-
নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল
নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল (নাসিব়নগব় আশুতোষ পাইলট উচ্চ বিদ্যালয়, Nasirnagar Ashutosh Pilot High School) বাংলাদেশৰ নাছিৰনগৰ, ব্ৰাহ্মণবাড়িয়াৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৩৭ চনত এইখন স্থাপন কৰা হৈছিল।
-
পুৰকুইল গাউছিয়া হাবিবিয়া কামিল মাদ্ৰাছা
পুৰকুইল গাউছিয়া হাবিবিয়া কামিল মাদ্ৰাছা হৈছে বাংলাদেশৰ ব্ৰাহ্মণবাড়িয়া জিলাৰ কছবা উপজিলাৰ মেহাৰী ইউনিয়নৰ পুৰকুইল গাঁৱত অৱস্থিত এখন এমপিঅ'-অনুমোদিত আলিয়া মাদ্ৰাছা। ইয়াৰ পূৰ্বৰ নাম আছিল পুৰকুইল গাউছিয়া হাবিবিয়া ছিনিয়ৰ মাদ্ৰাছা। এই মাদ্ৰাছাৰ EIIN নম্বৰ হৈছে 103359।
-
পোগোজ স্কুল
পোগোজ স্কুল (Pogose School) বাংলাদেশৰ প্ৰাচীনতম বিদ্যালয়ৰ ভিতৰত অন্যতম। ১৮৪৮ চনৰ ১২ জুনত প্ৰতিষ্ঠাত এই বিদ্যালয়খন ঢাকা চহৰত স্থাপিত দেশখনৰ প্ৰথম বেচৰকাৰী বিদ্যালয়। পোগোজ স্কুলৰ প্ৰতিষ্ঠা কৰে এন. পি. পোগোজ বা নিকি পোগোজ, যি আছিল এজন আৰ্মেনীয় ব্যৱসায়ী, জমিদাৰ তথা ঢাকাৰ এজন প্ৰভাবশালী ব্যক্তি।