| চিঠি | |
|---|---|
| প্ৰকাৰ | লিখিত যোগাযোগৰ পদ্ধতি |
| উদ্দেশ্য | বাৰ্তা, তথ্য, সংবাদ, মতামত আৰু অনুভূতিৰ আদান-প্ৰদান |
| প্ৰধান মাধ্যম | কাগজ, পেপিৰাছ আদি |
| ব্যৱহাৰ | ব্যক্তিগত, সামাজিক, প্ৰশাসনিক, বাণিজ্যিক, ৰাজনৈতিক আৰু সাহিত্যিক ক্ষেত্ৰসমূহত |
| সাহিত্যিক ৰূপ | পত্ৰসাহিত্য, পত্ৰোপন্যাস পত্ৰগল্প, পত্ৰ কবিতা |
| আধুনিক ৰূপ | ই-মেইল আৰু অন্যান্য ডিজিটেল যোগাযোগ |
| সম্পৰ্কিত বিষয় | ডাক, ডাকটিকট, সাহিত্য, ই-মেইল |
চিঠি (Letter) হৈছে কোনো ব্যক্তি, গোট বা প্ৰতিষ্ঠানলৈ লিখিতভাৱে বাৰ্তা, তথ্য, অনুভূতি, মতামত বা কোনো নিৰ্দিষ্ট বক্তব্য প্ৰেৰণ কৰাৰ এক মাধ্যম।১ চিঠি বা পত্ৰ সমাৰ্থক শব্দ৷ ‘পত্ৰ’ শব্দটোৰ মূল সংস্কৃত ভাষাৰ ‘পত্ৰং’ শব্দৰপৰা আহিছে৷ পত্ ধাতুত ‘ষ্ট্ৰণ্’ (পত্ৰং [ক্লী.] পততি বৃক্ষাৎ পৎ গতৌ ষ্ট্ৰণ্) প্ৰত্যয় সংযোগ হৈ ‘পত্ৰ’ৰ উৎপত্তি হৈছে৷২ ব্যক্তিৰ সৈতে ব্যক্তি বা জনসাধাৰণৰ মাজত যোগাযোগ ৰক্ষা কৰা, মনৰ ভাৱ আদান-প্ৰদান কৰা আৰু বাৰ্তা প্ৰেৰণ কৰাই হৈছে চিঠি-পত্ৰ আদান-প্ৰদানৰ মূল উদ্দেশ্য৷৩ চিঠি ব্যক্তিগত যোগাযোগৰ পৰা আৰম্ভ কৰি প্ৰশাসনিক, ৰাজনৈতিক, বাণিজ্যিক, কূটনৈতিক আৰু সাহিত্যিক কামতো ব্যৱহাৰ হৈ আহিছে। লিখিত যোগাযোগৰ ইতিহাসত চিঠিৰ এক গুৰুত্বপূৰ্ণ স্থান আছে।৪
ইতিহাস
লিখিত আকাৰে এটি সংবাদ (News) বা বাৰ্তা (Massage) এজন ব্যক্তি বা জনসাধাৰণৰপৰা আন এজন ব্যক্তি বা জনসাধাৰণলৈ পঠাবলৈ ব্যৱহাৰ কৰা যোগাযোগৰ আটাইতকৈ প্ৰাচীন মাধ্যম হৈছে চিঠি-পত্ৰ (Letter)।৫ জৰ্জ বুলাৰ (George Buhler)ৰ মতে সিন্ধু সভ্যতা (Indus Valley civilisation)ৰ দিনৰপৰা আধুনিক লিখন কলাৰ প্ৰমাণ পোৱা যায় যদিও তাৰো পাঁচ শতিকাৰ আগতে যোগাযোগৰ বাবে বাৰ্তা প্ৰেৰণৰ তথ্য পোৱা যায়। গৌতম বুদ্ধৰ কোনো এটা পূৰ্ণজন্মৰ জীৱন-কাহিনীৰ আধাৰত ৰচিত বৌদ্ধধৰ্মীয় গ্ৰন্থ ‘জাতক’ৰ বিভিন্ন খণ্ডবোৰত চিঠি-পত্ৰ, সংবাদ প্ৰেৰণৰ তথ্য আছে।৬ কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’, সম্ৰাট সম্ৰাট অশোকৰ শিলালিপি, ভৰতমুনিৰ ‘নাট্যশাস্ত্ৰ’, বাৎসায়নৰ ‘কামসূত্ৰ’ত চিঠি-পত্ৰ প্ৰেৰণ বা পত্ৰচৰ্চাই স্থান লাভ কৰিছে।
‘অৰ্থশাস্ত্ৰ’ৰ ‘ৰাজপ্ৰবিধি’ শীৰ্ষক প্ৰকৰণত ৰজা আৰু পাত্ৰ মন্ত্ৰীসকলৰ সৈতে চিঠি-পত্ৰৰ জৰিয়তে মন্ত্ৰণা তথা ৰাজকাৰ্য বিষয়ক আলোচনা কৰাৰ কথা আছে। মহাভাৰতৰ ‘নল-দময়ন্তীৰ উপাখ্যান’ত দময়ন্তীয়ে হাঁহৰ ঠেঙত ৰজা নললৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰামায়ণত অশোক বনত বন্দী হৈ থকা সীতাৰ কাষলৈ ৰজা ৰামে হনুমানক দূত হিচাপে নিয়োগ কৰি বাৰ্তা প্ৰেৰণ কৰিছে। ‘শ্ৰীমদ্ভাগৱত’ৰ দশম স্কন্ধত ৰুক্মিণীয়ে দ্বাৰকাৰ কৃষ্ণলৈ বেদনিধিৰ হাতত ‘পত্ৰ’ পঠিয়াইছে। ‘শ্ৰীমদ্ভাগৱত’আৰু পৰৱৰ্তী সময়ৰ শংকৰদেৱ বিৰচিত ‘কীৰ্তনঘোষা’ত উল্লেখ থকা মতে– কৃষ্ণই উদ্ধৱক ব্ৰজধামলৈ গোপিনীৰ খবৰ ল’বলৈ দূত হিচাপে নিয়োগ কৰিছিল। কালিদাসৰ ‘অভিজ্ঞানম্-শকুন্তলম্’ নাটকত শকুন্তলাই দূষ্যন্ত ৰজালৈ পদুম পাতত চিঠি লিখিছিল। সেইদৰে শকুন্তলা গৰ্ভৱতী অৱস্থাত দুষ্যন্তৰ ৰাজসভালৈ গৈ দূতৰ জৰিয়তে ৰজা দূষ্যন্তলৈ বাৰ্তা পঠিয়াইছিল।
চিঠিৰ প্ৰকাৰ
চিঠিৰ উদ্দেশ্য আৰু বিষয় অনুসৰি ইয়াৰ বিভিন্ন ৰূপ দেখা যায়। ব্যক্তিগত চিঠিত সাধাৰণতে পৰিয়াল, বন্ধু-বান্ধৱ বা পৰিচিত ব্যক্তিৰ সৈতে ব্যক্তিগত কথা-বতৰা, অনুভূতি আৰু অভিজ্ঞতা প্ৰকাশ কৰা হয়। আনহাতে চৰকাৰী বা প্ৰশাসনিক চিঠিত কোনো কাম, নিৰ্দেশ, আবেদন, তথ্য বা সিদ্ধান্ত আনুষ্ঠানিকভাৱে জনোৱা হয়। বাণিজ্যিক চিঠি ব্যৱসায়িক যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হয়। কূটনৈতিক চিঠি বা ৰাজনৈতিক পত্ৰৰ জৰিয়তে ৰাষ্ট্ৰ, শাসক বা ৰাজনৈতিক প্ৰতিষ্ঠানৰ মাজত যোগাযোগ স্থাপন কৰা হয়।৭
চিঠিৰ গঠন
এখন সাধাৰণ চিঠিত প্ৰেৰক আৰু প্ৰাপকৰ পৰিচয়, সম্ভাষণ, মূল বক্তব্য আৰু সামৰণি অংশ থাকে। চিঠিৰ উদ্দেশ্য অনুসৰি ইয়াৰ ভাষা আৰু গঠন সলনি হয়। ব্যক্তিগত চিঠিৰ ভাষা সাধাৰণতে আন্তৰিক আৰু কথোপকথনমূলক হ'ব পাৰে, আনহাতে চৰকাৰী বা ব্যৱসায়িক চিঠিৰ ভাষা অধিক আনুষ্ঠানিক হয়। প্ৰাচীন চিঠিসমূহতো কিছুমান নিৰ্দিষ্ট লিখন-পদ্ধতি আৰু সম্ভাষণৰ ব্যৱহাৰ দেখা যায়। আমৰ্ণা চিঠিসমূহৰ আৰম্ভণিতে ৰজাৰ উপাধি, প্ৰেৰক-প্ৰাপকৰ সম্পৰ্ক আৰু শুভেচ্ছা প্ৰকাশৰ নিৰ্দিষ্ট ৰূপ ব্যৱহাৰ কৰা হৈছিল।৮
চাওক
তথ্যসূত্ৰ
- ↑ dictionary.cambridge.org
- ↑ মহেশ্বৰ নেওগ. মহেশ্বৰ নেওগ (সম্পা.): সঞ্চয়ন. পৃ. পৃ.১৯৭
- ↑ Blake, Gary; Bly, Robert W. (1993). The Elements of Technical Writing. Macmillan Publishers. পৃ. 125. ISBN 0020130856
- ↑ The Amarna Letters. The Metropolitan Museum of Art
- ↑ ক্ষীৰোদ কুমাৰ গোস্বামী, প্ৰশান্ত ডেকা (সম্পা.). সেই চিঠিবোৰ গ্ৰন্থ. পৃ. পৃ.২
- ↑ গুণ বৰুৱা (অনু.): ভাৰতীয় ডাক. পৃ. পৃ.১০
- ↑ The Amarna Letters. The Metropolitan Museum of Art
- ↑ The Amarna Letters. The Metropolitan Museum of Art
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিঠি” প্ৰবন্ধৰ সংশোধন ৬৩৯৬০২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।