অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ৰঞ্জন ৰশ্মি

ৰঞ্জন ৰশ্মি ক্ষুদ্ৰ তৰঙ্গ বিশিষ্ট এক ধৰণৰ ত্বৰিক চৌম্বিক বিকিৰণ। ইয়াৰ আন এক নাম এক্স-ৰে (X-ray)। ৰঞ্জনৰশ্মিৰ তৰঙ্গ দৈৰ্ঘ্য (সাধাৰণতে ১০-০.০১ নেন'মিটাৰ) সাধাৰণ পোহৰতকৈ অনেক কম কাৰণে ইয়াক খালি চকুৰে দেখা নাযায়। ১৮৯৫ চনত উইলিয়াম ৰণ্টজেনে এই ৰশ্মিৰ আৱিষ্কাৰ কৰে।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৬২২ শব্দ · ৩ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ৰঞ্জন ৰশ্মি ক্ষুদ্ৰ তৰঙ্গ বিশিষ্ট এক ধৰণৰ ত্বৰিক চৌম্বিক বিকিৰণ। ইয়াৰ আন এক নাম এক্স-ৰে (X-ray)। ৰঞ্জনৰশ্মিৰ তৰঙ্গ দৈৰ্ঘ্য (সাধাৰণতে ১০-০.০১ নেন'মিটাৰ) সাধাৰণ পোহৰতকৈ অনেক কম কাৰণে ইয়াক খালি চকুৰে দেখা নাযায়। ১৮৯৫ চনত উইলিয়াম ৰণ্টজেনে এই ৰশ্মিৰ আৱিষ্কাৰ কৰে। তৰঙ্গদৈৰ্ঘ্য যিমানেই চুটি হয় পদাৰ্থ ভেদ কৰাৰ ক্ষমতা সিমানেই বেছি হয়। চিকিৎসাক্ষেত্ৰত ৰোগনিৰ্ণয়ত যুগান্তকাৰী পৰিবৰ্তন আনিছে ৰঞ্জন ৰশ্মিয়ে।

accessdate=2007-12-03}}</ref>
accessdate=2007-12-03}}</ref>ছবি: Wilhelm Röntgen · Public domain

বৈশিষ্ট্য

এক্স-ৰে ছবি(ৰেডিঅ’গ্ৰাফ), taken by উইলিয়াম ৰণ্টজেন, of Albert von Kölliker's hand.
এক্স-ৰে ছবি(ৰেডিঅ’গ্ৰাফ), taken by উইলিয়াম ৰণ্টজেন, of Albert von Kölliker's hand.ছবি: Wilhelm Röntgen; current version created by Old Moonraker. · Public domain

এক্সৰে আৰু সাধাৰণ পোহৰৰ মাজত প্ৰধান পাৰ্থক্য হ'ল ইয়াৰ তৰঙ্গ দৈৰ্ঘ্য। সাধাৰণ পোহৰৰ তৰঙ্গ দৈৰ্ঘ্য 7x10-7m ৰ পৰা 4x10-7m পৰ্যন্ত। এক্সৰেৰ তৰঙ্গ দৈৰ্ঘ্য 10-8m ৰ পৰা 10-13m পৰ্যন্ত। সাধাৰণ পোহৰ দৃশ্যমান আৰু বিভিন্ন ৰঙত বিভক্ত হয়। কিন্তু এক্সৰে দৃশ্যমান নহয়। এক্সৰে উচ্চ ভেদন ক্ষমতাসম্পন্ন। এক্সৰেই আয়ন সৃষ্টিকাৰী বিকিৰণ গেছৰ মাজেদি সৰকি যোৱাৰ সময়ত গেছক আয়নিত কৰে, কিন্তু সাধাৰণ পোহৰে সেইটো নকৰে।

প্ৰকাৰভেদ

  1. কোমল এক্সৰে (Soft X-ray): এক্সৰে যন্ত্ৰত কম বিভৱ পাৰ্থক্য প্ৰয়োগ কৰি যি এক্সৰে পোৱা যায় অৰ্থাৎ যি এক্সৰেৰ তৰঙ্গ দৈৰ্ঘ্য অপেক্ষাকৃত বেছি, ফলত ভেদন ক্ষমতা অপেক্ষাকৃত কম, তাকে কোমল এক্সৰে (Soft X-ray) বোলে।
  2. কঠিন এক্সৰে (Hard X-ray): এক্সৰে যন্ত্ৰত বেছি বিভৱ পাৰ্থক্য প্ৰয়োগ কৰি যি এক্সৰে পোৱা যায় অৰ্থাৎ যি এক্সৰেৰ তৰঙ্গ দৈৰ্ঘ্য অপেক্ষাকৃত কম, ফলত ভেদন ক্ষমতা অপেক্ষাকৃত বেছি, তাকে কঠিন এক্সৰে (Hard X-ray) বোলে।

একক

এক্সৰেৰ একক হল ৰণ্টজেন। এক ৰণ্টজেন বুলিলে সেই পৰিমাণৰ বিকিৰন বুজায় যি স্বাভাবিক চাপ আৰু তাপমাত্ৰাত এক মিলিমিটাৰ বায়ুত এক স্থিৰ বৈদ্যুতিক আধানৰ সমান আধান উৎপন্ন কৰিব পাৰি।

আবিষ্কাৰ

বিজ্ঞানী ৰণ্টজেনে তড়িৎক্ষৰন নলীত (discharge tube) 10-3mm পাৰদ চাপত বায়ুৰ মাজত তড়িৎৰক্ষনৰ পৰীক্ষা কৰিবলৈ গৈ লক্ষ্য কৰে যে, নলীৰ পৰা কিছু দূৰত অবস্থিত বেৰিয়াম প্লাটিনোচাইনাইড আবৃত পৰ্দাত প্ৰতিপ্ৰভাৰ সৃষ্টি হৈছে। পাছত তেওঁ আবিষ্কাৰ কৰে যে, তড়িৎক্ষৰন নলীৰ পৰা ক্যাথোড ৰশ্মি যেতিয়া নলীয়েদি গৈ দেৱালত পৰে তেতিয়া এই ৰশ্মিৰ উৎপত্তি হয়। তেওঁ এই ৰশ্মিৰ নাম ৰাখে এক্সৰে ৰশ্মি বা এক্সৰশ্মি।

সংজ্ঞা

দ্ৰুতগতিসম্পন্ন ইলেক্ট্ৰনে কোনো ধাতুক আঘাত কৰিলে তাৰ পৰা অতি ক্ষুদ্ৰ তৰঙ্গ দৈৰ্ঘ্যৰ আৰু উচ্চ ভেদন ক্ষমতা সম্পন্ন এক প্ৰকৃতিৰ বিকিৰণ উৎপন্ন হয়। এই বিকিৰণকে এক্সৰে বা এক্সৰশ্মি(X-Ray)বোলা হয়।

উৎপাদন

এক্সৰে টিউবৰ প্ৰধান অংশৰ চিত্ৰ
এক্সৰে টিউবৰ প্ৰধান অংশৰ চিত্ৰছবি: Roentgen-Roehre.svg: Hmilch derivative work: Coolth (talk) · Public domain

ফিলামেণ্টে F-ৰ ভিতৰেদি প্ৰবাহিত তড়িৎপ্ৰবাহ ক্যাথোড C-ক উত্তপ্ত কৰে। ইলেক্ট্ৰন তাপীয় নিঃসৰণ প্ৰক্ৰিয়াত ই এক্সৰে টিউবৰ প্ৰয়োজনীয় অংশ ক্যাথোডৰ পৰা মুক্ত হৈ আহে। তাৰপাছত এটা অতি উচ্চ বিভব প্ৰভেদ V-ৰ দ্বাৰা ইলেণ্ট্ৰন সমূহৰ ত্বৰিত হয় আৰু আ্যনোডৰূপী লক্ষবস্তু T-ত আঘাত কৰে। ফলত এক্সৰে উৎপন্ন হয়।

ধৰ্ম

  • এই ৰশ্মিয়ে সৰলৰেখাত গতি কৰে।
  • ই অত্যধিক ভেদন ক্ষমতাসম্পন্ন।
  • এক্সৰে তড়িৎচৌম্বক তৰঙ্গ, তড়িৎক্ষেত্ৰ বা চৌম্বকক্ষেত্ৰৰ দ্বাৰা ই বিচ্যুত নহয়।
  • ইয়াৰ তৰঙ্গ দৈৰ্ঘ্য তেনেই চুটি।
  • সাধাৰণ পোহৰৰ তুলনাত এক্সৰেৰ প্ৰতিফলন, প্ৰতিসৰণ, ব্যতিচাৰ, অপবৰ্তন আৰু পোলাৰায়ন হৈ থাকে।
  • ফটোগ্ৰাফিক প্লেটৰ ওপৰতো ইয়াৰ প্ৰতিক্ৰিয়া আছে।
  • এই ৰশ্মিৰ আলোক তড়িৎ ক্ৰিয়া আছে।
  • জিঙ্ক চালফাইড, বেৰিয়াম প্লাটিনোচাইনাইড প্ৰভৃতি পদাৰ্থত এই ৰশ্মিয়ে প্ৰতিপ্ৰভাৰ সৃষ্টি কৰে।
  • ই আয়ন সৃষ্টিকাৰী বিকিৰন।
  • ই আধান নিৰপেক্ষ।

ব্যৱহাৰ

চিকিৎসা-বিজ্ঞানত ইয়াৰ ব্যৱহাৰ:

  • স্থানচ্যুত হাড়, হাড়ত দাগ বা ফাঁট, ভাঙি যোৱা হাড়, শৰীৰৰ ভিতৰৰ যিকোনো অংগৰ বা হাওঁফাওঁৰ কোনো ক্ৰুতি, দাঁতৰ বিসংগতি ইত্যাদিৰ অবস্থান নিৰ্ণয়ত ব্যবহৃত হয়।
  • চিটি স্কেন হ’ল কম্পিউটাৰৰ সহায়ত ৰঞ্জন ৰশ্মিৰ দ্বাৰা গৃহীত চিত্ৰ সংৰক্ষিত কৰি ত্ৰিমাত্ৰিক বা প্ৰস্থছেদ চিত্ৰ বনোৱাৰ ব্যৱস্থা।
  • কেঞ্চাৰৰ চিকিৎসাত ৰঞ্জন ৰশ্মিৰ বিকিৰণ ব্যবহৃত হয়।
  • পৰিপাক (Digestive) নলীৰে খাদ্যবস্তুৰ গমন পথ অনুসৰণ, আলচাৰ নিৰ্ণয় ইত্যাদিৰ বাবে ব্যৱহাৰ কৰা হয়।

শিল্পত ব্যৱহাৰ:

  • ধাতব ঢালাইৰ দোষ ত্ৰুটিপূৰ্ণ ৱেল্ডিং, ধাতব পাতৰ গাঁত ইত্যাদি নিৰ্ণয়ত ব্যৱহৃত হয়।
  • কেলাস গঠন পৰীক্ষাত এক্সৰে ব্যৱহৃত হয় আৰু স্বৰ্ণকাৰসকলে ইয়াৰ সহায়ত আচল বা নকল গহনা চিনাক্ত কৰিব পাৰে।
  • টফি- লজেন্স, চিগাৰেট ইত্যাদিৰ মান ঠিকে আছে নে নাই বা টফি- লজেন্সত ক্ষতিকাৰক কিবা মিশ্ৰিত হৈছে নেকি তাক জনাৰ বাবে ব্যৱহৃত হয়।

অনুসন্ধান বিভাগত ব্যৱহাৰ:

  • কাঠৰ বক্স বা চামৰাৰৰ মোনাত বিস্ফোৰক লুকুৱাই ৰাখিলে তাক বিচাৰি উলিওৱাত ব্যৱহাৰ কৰা হয়।
  • কাষ্টম কৰ্মকৰ্তাসকলে চোৰাং মালৰ অনুসন্ধান কৰাত ব্যৱহাৰ কৰে।

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জন ৰশ্মি” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৭৭ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।