গ্ৰেভিটী (Gravity) ২০১৩ চনত মুক্তিপ্ৰাপ্ত কল্প-বিজ্ঞান কাহিনীৰ ওপৰত আধাৰিত১ আৰু মহাকাশত সংঘটিত কাহিনীৰে নিৰ্মিত এখন ত্ৰিমাত্ৰিক (3D) শিহৰণকাৰী চলচ্চিত্ৰ।২৩ ছবিখনৰ পৰিচালনা, সহ-প্ৰযোজনা আৰু সহ-সম্পাদনা Alfonso Cuarón-ৰ। মূল চৰিত্ৰত অভিনয় কৰিছে ছান্দ্ৰা বুলক(ইংৰাজী ভাষা:Sandra Bullock) আৰু জৰ্জ ক্ল'নী(ইংৰাজী ভাষা:George Clooney)য়ে। কক্ষপথত পৰিভ্ৰমণৰত অৱস্থাতে ধ্বংসপ্ৰাপ্ত হোৱা এখন মহাকাশযানৰ দুগৰাকী মহাকাশচাৰীৰ চৰিত্ৰতো দুয়ো অভিনয় কৰিছে। মহাকাশযানখনৰ ধ্বংসৰ পিছত দুয়ো পৃথিৱীলৈ ঘূৰি আহিবলৈ কৰা প্ৰচেষ্টাৰে ছবিখনৰ কাহিনীভাগ বৰ্ণিত হৈছে।
Cuarón আৰু তেওঁৰ পুত্ৰ Jonás Cuarón-ই ছবিখনৰ কাহিনীভাগ ৰচনা কৰাৰ পিছত ইউনিভাৰ্চেল ষ্টুডিঅ'(ইংৰাজী ভাষা:Universal Studios)ত প্ৰস্তুত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। প্ৰকল্পটোৰ স্বত্ব ৱাৰ্ণাৰ ব্ৰাডাৰ্ছ(ইংৰাজী ভাষা:Warner Bros.)বিক্ৰী কৰাৰ পিছতহে এই প্ৰকল্পটোৱে গতি লয়। ষ্টুডিঅ'টোৱে বহুকেইগৰাকী অভিনেত্ৰীক ছবিখনৰ মূল চৰিত্ৰত অভিনয়ৰ বাবে অনুৰোধ জনাই ওচৰ চপাৰপি ছত শেষত ছান্দ্ৰা বুলকক সেই চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰে। মূল পুৰুষ চৰিত্ৰৰবাবে প্ৰথমে ৰ'বাৰ্ট ডাউনী জুনিয়ৰ (ইংৰাজী ভাষা:Robert Downey Jr.) জড়িত হৈছিল যদিও তেওঁ প্ৰকল্পটোৰ পৰা আতঁৰি যায় আৰু জ'ৰ্জ ক্ল'নীৰ দ্বাৰা সেই চৰিত্ৰ ৰূপায়িত হয়।
২০১৩ চনৰ ৭০ তম ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গ্ৰেভিটী ছবিখন প্ৰথম প্ৰদৰ্শিত হৈছিল। ৪ ইয়াৰ তিনিদিন পিছত টেলুৰাইছ চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ উত্তৰ আমেৰিকা প্ৰিমিয়াৰ সম্পন্ন হৈছিল। ২০১৩ চনৰ ৪ অক্টোবৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত ছবিখন মুক্তি দিয়া হয়। সমগ্ৰ বিশ্বজুৰি ছবিখনে দৰ্শক আৰু সমালোচকৰ বিপুল জনপ্ৰিয়তা আৰু প্ৰশংসা লাভ কৰে।৫ সমালোচক-দৰ্শক উভয়েই ইমানুৱেল লুবেজকি(Emmanuel Lubezki)ৰ চিনেমেট'গ্ৰাফী(cinematography), ষ্টিভেন প্ৰাইচ(Steven Price)ৰ সংগীত, কুৱেৰনৰ পৰিচালনা আৰু বুলকৰ অভিনয়ৰ উচ্চ প্ৰশংসা কৰে।
কাহিনীভাগ
এই ছবিখনৰ কাহিনীভাগ এছ টি এছ-১৫৭ (STS-157) নামৰ এক কাল্পনিক চাটল 'এক্সপ্ল'ৰাৰ' (Shuttle Explorer) ৰ মিছন বা অভিযানৰ ওপৰত আধাৰিত। ৬ ডক্টৰ ৰায়ান ষ্ট'ন ( Dr. Ryan Stone) ( অভিনেত্ৰী ছান্দ্ৰা বুলক) এগৰাকী মেডিকেল ইঞ্জিনিয়াৰ। ৭ তেওঁ মহাকাশ যান এক্সপ্লৰাৰেৰে প্ৰথমটো মহাকাশ অভিযানত অংশগ্ৰহণ কৰে। এই অভিযানত তেওঁৰ সংগী হ'ল প্ৰৱীণ মহাকাশচাৰী মেট কোৱালস্কি (Matt Kowalski) ( অভিনেতা জ'ৰ্জ ক্ল'নী)। মেটে তেওঁৰ অন্তিমটো মহাকাশ অভিযানত নেতৃত্ব বহন কৰিছে। হাবল মহাকাশ টেলিস্কোপ (Hubble Space Telescope) ৰ কিছু মেৰামতিৰ বাবে মহাকাশ পদচাৰণ ( Spacewalk)কৰি থকা অৱস্থাত এওঁলোকে হিউষ্টনত অৱস্থিত অভিযান নিয়ন্ত্ৰক ( Mission Control) ৰ পৰা জানিব পাৰে যে ৰাছিয়ান মিছাইলে কোনো পৰিত্যক্ত ছেটেলাইটত খুন্দা মৰাৰ ফলত শৃংখল বিক্ৰিয়া ( Chain reaction) হৈ মহাকাশ আবৰ্জনা ( Space debries) ৰ সৃষ্টি কৰিছে। বিপদৰ আশংকা কৰি অভিযান নিয়ন্ত্ৰকে এই অভিযানৰ ইমানতে সামৰিবলৈ নিৰ্দেশ দিয়ে। কিছুসময়ৰ পিছতে অভিযান নিয়ন্ত্ৰকৰ সৈতে সকলো যোগাযোগ ব্যহত হৈ পৰে। কিন্তু কোনোবাই শুনাৰ আশাত মহাকাশচাৰী সকলে বাৰ্তা দি থাকে।
অতি ক্ষিপ্ৰ গতিত অহা মহাকাশ আবৰ্জনাই 'এক্সপ্লৰাৰ' ত খুন্দা মাৰে আৰু মহাকাশচাৰী ষ্ট'ন চাটলৰ পৰা বিছিন্ন হৈ পৰে। কোৱালস্কিয়ে অতি সোনকালে ষ্ট'নক মহাকাশত পথ হেৰুৱাই ঘূৰি ফুৰাৰ পৰা উদ্ধাৰ কৰে আৰু দুয়ো মহাকাশ চাটললৈ উভতি যায়। তাত উপস্থিত হৈ তেওঁলোকে দেখা পাই যে আবৰ্জনাসমূহে চাটলৰ গুৰুতৰ ক্ষতিসাধন কৰিছে আৰু তাত থকা ক্ৰিউৰ সকলোৰে মৃত্যু হৈছে। তেওঁলোকে থ্ৰাষ্টাৰ পেক ( Thruster pack) ৰ সহায়ত প্ৰায় ১০০ কিলোমিটাৰ দুৰত্বত কক্ষপথত থকা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ( International Space Station, ISS) লৈ যাত্ৰা কৰে। কোৱালস্কিয়ে ধাৰণা কৰে যে মহাকাশৰ আবৰ্জনাই এটা পাক অতিক্ৰম কৰি পুনৰ তেওঁলোকৰ ওচৰ পাবলৈ ৯০ মিনিট সময় লাগিব।
ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ যাত্ৰা কৰি থকাৰ সময়ত দুয়িগৰাকী মহাকাশচাৰীয়ে ষ্ট'নৰ ব্যক্তিগত জীৱন আৰু মৃত জীয়েকৰ কথা আলোচনা কৰে। ষ্টেচন পাই দেওঁলোকে দেখে যে ক্ষতিসাধন হৈছে যদিও ষ্টেচনটো কাৰ্য্যক্ষম হৈ আছে। কিন্তু ষ্টেচনত থকা ক্ৰিউৰ সকলোৱে তাতে থকা চয়ুজ মডিউল (Soyuz module) ৰ দুখন মহাকাশ কেপচ্যুল (Capsule)ৰ এখনত ষ্টেচন এৰি গৈছে। অন্যটো কেপচ্যুলৰ পেৰাচ্যটটোও দুৰ্ঘটনাক্ৰমে ব্যৱহাৰ কৰি পেলোৱাৰ ফলত দ্বিতীয়টোৰে পৃথিৱীলৈ ঘূৰি যোৱাটো অসম্ভব হৈ উঠে। কোৱালস্কিয়ে পৰামৰ্শ দিয়ে যে দ্বিতীয়টো চয়ুজ কেপচ্যল ব্যৱহাৰ কৰি কাষৰীয়া চাইনিজ স্পেচ ষ্টেচন ' Tiangong' লৈ গৈ তাৰ মডিউলেৰে পৃথিৱীলৈ নিৰাপদে উভতি যাব পৰা হ'ব। বতাহ আৰু কাৱাজ ক্ষমতা ( air and maneuvering power) নথকাত দুয়ো আই এছ এছ ৰ কাষেদি পাৰ হৈ নোযোৱাকৈ নিজকে ধৰি ৰাখিবলৈ চেষ্টা কৰে। একাধিক চেষ্টাৰ পিছত ষ্ট'নৰ ভৰি এখন চয়ুজৰ পেৰাচ্যুটৰ ৰছীত জোঁটপোট লাগি ধৰে আৰু ষ্ট'নে কোৱালস্কিৰ কাপোৰৰ এডাল ৰছীত খামুচি ধৰিবলৈ সক্ষম হয়। ষ্ট'নৰ প্ৰতিবাদ আওকাণ কৰি কোৱালস্কিয়ে দুয়োৰে ভৰত ষ্টেচনৰ পৰা পুনৰ বিছিন্ন হৈ নাযাবৰ বাবে নিজকে ষ্ট'নৰ পৰা বিছিন্ন কৰি দিয়ে। ইয়াৰ ফলত ষ্ট'ন ষ্টেচনৰ ফালে টান খাই পৰে। আঁতৰি গৈ থকা অৱস্থাতে কোৱালস্কিয়ে ষ্ট'নক পৰৱৰ্ত্তী অভিযানৰ বাবে দিহা-পৰামৰ্শ আৰু উৎসাহ দিয়ে।
অক্সিজেন ক্ৰমাৎ শেষ হৈ অহা অৱস্থাত ষ্ট'নে এয়াৰলক (airlock) ৰে আই এছ এছৰ ভিতৰত প্ৰবেশ কৰিবলৈ সক্ষম হয়। কিন্তু দুৰ্ঘটনাক্ৰমে আৰম্ভ হোৱা এক অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবৰ বাবে তেওঁ ক্ষিপ্ৰতাৰে চয়ুজ মডিউলেৰে আই এছ এছ এৰিবলৈ বাধ্য হয়। কিন্তু পেৰাচ্যটৰ ৰছীত সংযুক্ত হৈ থকাৰ বাবে চয়ুজ ৰৈ যায়। ষ্ট'নে মহাকাশতে খোজ দি ৰছীবোৰ বিছিন্ন কৰিবলৈ চেষ্টা কৰে। সেইসময়তে মহাকাশ আবৰ্জনাসমূহ পুনৰ পায়হি আৰু ষ্টেচনৰ বিস্তৰ ক্ষতি সাধন কৰে। ষ্ট'নে চয়ুজক চীনা ষ্টেচনৰ সৈতে মিলাবলৈ সক্ষম হয় কিন্তু জানিব পাৰে যে ইন্ধন শেষ হোৱাৰ পথত। পৃথিৱীৰ অভিযান নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে কিন্তু তাৰ পৰিৱৰ্ত্তে কোনো চীনা মাছমৰীয়াৰ কথোপকথনহে শুনিবলৈ পায়। ষ্ট'নে ক্ৰমাৎ আশা এৰিবলৈ বাধ্য হৈ কেবিনৰ অক্সিজেন যোগান বন্ধ কৰি দিয়ে। সংজ্ঞা হেৰুৱাৰ উপক্ৰম হোৱাৰ মূ্হৰ্ত্তত বাহিৰৰ পৰা কোৱালস্কিৰ প্ৰবেশ ঘটে। আশাহত হোৱাৰ বাবে ষ্ট'নক ককৰ্থনা কৰি তেওঁ চয়ুজৰ লেণ্ডিং কৰিব পৰা ৰকেটৰ সহায় ল'বলৈ পৰামৰ্শ দিয়ে। সংজ্ঞা লাভ কৰি ষ্ট'নে উপলব্ধি কৰে যে কোৱালস্কিৰ আগমণ বাস্তব নাছিল। কিন্তু ই তেওঁক পুনৰ চেষ্টা কৰিবলৈ প্ৰেৰণা দিয়ে।
ষ্ট'নে চয়ুজ কেপচ্যুলক ষ্টেচনৰ পৰা বিছিন্ন কৰিব নোৱাৰি 'explosive decompression' প্ৰক্ৰিয়াৰে নিজকে ইয়াৰ পৰা মুক্ত কৰে আৰু অগ্নি নিৰ্বাপক (fire extinguisher) ক makeshift thruster হিচাপে ব্যৱহাৰ কৰি 'Tiangong' পায়হি। মহাকাশ আবৰ্জনাই কক্ষচ্যুত কৰা Tiangong য়ে অস্বাভাৱিক ক্ষিপ্ৰতাৰে আঁতৰি যাবলৈ ধৰে। ষ্ট'ন Shenzhou নামৰ কেপচ্যুলত প্ৰবেশ কৰাৰ সময়তে Tiangong বিভক্ত হ'বলৈ আৰম্ভ কৰে। এই কেপচ্যুলে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবেশ কৰাৰ সময়ত ষ্ট'নে অভিযান নিয়ন্ত্ৰকৰ মাত শুনিবলৈ পায়। অৱশেষত কেপচ্যুলটোৱে এটা হৃদত অৱতৰণ কৰে, কিন্তু এক ইলেক্ট্ৰিক অগ্নিকাণ্ডৰ বাবে ষ্ট'নক ততাতৈয়াকৈ নিজকে মুকলি কৰিবলৈ বাধ্য হয়। কেপচ্যুলৰ দুৱাৰ খোলাৰ লগে লগে হৃদৰ পানী দ্ৰুত গতিত ইয়াৰ ভিতৰত প্ৰবেশ কৰে আৰু ই ডুবিবলৈ লয়। অৱশেষত ষ্ট'নে মহাকাশচাৰীৰ পোছাকযোৰ খুলি পেলোৱাত সাঁতুৰি ওপৰলৈ আইবলৈ সক্ষম হয়। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ উপলব্ধিৰে ষ্ট'নে পাৰৰ বালিত কম্পিতভাৱে খোজ পেলায়।
কলা-কুশলী
- ছান্দ্ৰা বুলক(Sandra Bullock): ড॰ ৰায়ান ষ্ট'নৰ ভূমিকাত- এগৰাকী মেডিকেল ইঞ্জিনীয়াৰ আৰু মিছন বিশেষজ্ঞ যি মহাকাশলৈ প্ৰথমবাৰৰ বাবে যাত্ৰা কৰিছে।
- জৰ্জ ক্লুনী(George Clooney): লেফটেনেণ্ট মেট ক'ৱলস্কিৰ ভূমিকাত- দলটোৰ কমাণ্ডাৰ। তেওঁ এগৰাকী প্ৰৱীণ মহাকাশচাৰী। এই এক্সপ্ল'ৰাৰ মিছনৰ পিছতেই তেওঁ অৱসৰ গ্ৰহণ কৰাৰ কথা। তেওঁ নিজৰ বিষয়ে কাহিনী কৈ আৰু সহযাত্ৰী দলৰ সৈতে ধেমালি কৰি ভাল পায়। কিন্তু সহ-মহাকাশচাৰী জীৱন ৰক্ষা কৰিবলৈ তেওঁ বদ্ধপৰিকৰ।
- এড হেৰিছ(Ed Harris) (কণ্ঠ): টেক্সাছ, হিউষ্টিনত থকা মিছন নিয়ন্ত্ৰণৰ দায়িত্বত।
- অৰ্ত ইগ্নেছুছেন(Orto Ignatiussen) (কণ্ঠ): Aningaaq-ৰ ভূমিকাত। তেওঁ গ্ৰীনলেণ্ডৰ ইনউইট গোষ্ঠী(Greenlandic Inuit)ৰ মাছমৰীয়া যি ষ্ট'নৰ দ্বাৰা এটা ৰেডিঅ' বাৰ্তা ধৰিছিল।
- পল শৰ্মা(Paul Sharma) (কণ্ঠ): শৰিফ ডাছাৰীৰ ভূমিকাত: এক্সপ্ল'ৰাৰত যাত্ৰা কৰা এগৰাকী ফ্লাইট ইঞ্জিনীয়াৰ। শৰিফৰ এগৰাকী পত্নী আৰু এটা সন্তান আছিল তেওঁ নিজৰ মহাকাশৰ পোছাকযোৰত পৰিয়ালৰ এখন আলোকচিত্ৰ লগাই ৰাখিছিল।
- এমী ৱাৰেণ(Amy Warren) (কণ্ঠ): এক্সপ্ল'ৰাৰৰ কেপ্টেইনৰ ভূমিকাত।
- বাছেঅ ছেভেজ(Basher Savage) (কণ্ঠ): ৰাছিয়ান মহাকাশ আস্থানৰ কেপ্টেইনৰ ভূমিকাত।
পটভূমি
বৰ্হিবিশ্বক পটভূমি হিচাপে লোৱা স্বত্বেও পৰিচালকে এই বোলছবিত ধ্বংসমুখী কোনো পৰিঘটনাৰ পৰৱৰ্ত্তী সময়ছোৱাৰ মানসিক অৱস্থা আৰু সংগ্ৰামী ভাবধাৰাৰ সুন্দৰভাবে প্ৰতিফলন ঘটাইছে। ৮৯১০১১ Cuarón য়ে ষ্ট'নৰ যোগেদি নিসংগতা আৰু হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ কেনেকৈ মনৰ স্পষ্টতা (clarity of mind),অধ্যবসায় ( persistence), প্ৰশিক্ষণ আদিৰ প্ৰয়োজন সেয়া ছবিখনত ফুটাই তুলিছে। ১
বোলছবিখনে ৰায়ানৰ জীয়েকৰ দুৰ্ঘটনাক্ৰমে হোৱা মৃত্যু, জীয়াই থকাৰ অদমনীয় হেঁপাহ আৰু উদ্ধাৰ হোৱাৰ অসম্ভাৱনীয় পৰিস্থিতি আদিৰ দ্বাৰা আধ্যাত্মিকতাৰ ধাৰণা অন্তৰ্ভুক্ত কৰিছে।৯১২
প্ৰডাক্স'ন
Alfonso Cuarón য়ে তেওঁৰ পুত্ৰ জ'নাছ (Jonás) সৈতে গ্ৰেভিটিৰ কাহিনীভাগ ৰচনা কৰে। Warner Bros. য়ে প্ৰজেক্টটোৰ কাম হাতত লয়। প্ৰথঞে এঞ্জেলিনা জ'লীয়ে এই প্ৰজেক্টৰ আগ্ৰহী হৈছিল যদিও ষ্টুদিঅ'ই ২০ মিলিয়ন ডলাৰ দিয়াত অক্ষমতা প্ৰকাশ কৰাত তেওঁ এই কাম বাদ দিয়ে। ১৩১৪১৫ তাৰপিছত এই বোলছবিৰ মুখ্য ভূমিকাত অভিনয় কৰাৰ বাবে স্কাৰলেট জ'হানছন (Scarlett Johansson), ব্লেক লাইভলি ( Blake Lively), নাটালিয়া পৰ্টমেন ( Natalie Portman) ৰ নাম প্ৰস্তাব কৰা হয়। কিন্তু বিভিন্ন কাৰণত এই কেইগৰাকী অভিনেত্ৰীয়ে এই প্ৰজেক্ট বাদ দিয়ে। .১৬১৭১৫১৮। অৱশেষত পৰিচালকে ছন্দ্ৰা বুলকৰ কাষ চাপে আৰু তেওঁ এই ভূমিকাত অভিনয় কৰাৰ বাবে সন্মতি প্ৰদান কৰে। ১৬
ফিল্মিং

গ্ৰেভিটিৰ প্ৰডাক্স'ন বাজেট আছিল $১০০ মিলিয়ন আৰু ইয়াৰ শ্বুটিং সম্পন্ন হৈছিল বিভিন্ন Arri Alexas সমূহত। বোলছবিখনৰ মূল চিত্ৰগ্ৰহণ আৰম্ভ হয় ২০১১ চনৰ মে মাহত।১৯ জীৱন্ত খণ্ড সমূহৰ শ্বুটিং হৈছিল যুক্তৰকাজ্যৰ পাইনউড আৰু শ্বেপাৰটন ষ্টুডিঅ'ত। (Pinewood and Shepperton Studios, United Kingdom).২০ কেপচ্যুলৰ অৱতৰণ কৰা অংশ এৰিযোনাৰ পাৱেল হৃদ ( Lake Powell, Arizona) ত কৰা হৈছিল।২১ ছান্দ্ৰা বুলক থা প্ৰয়ভাগ অংশ এটা বৃহৎ মেকানিকেল ৰিগ (giant mechanical rig)ৰ ভিতৰত সম্পন্ন কৰা হৈছিল। ২২
সংগীত
গ্ৰেভিটীৰ সংগীত ব্যৱস্থাপনা ষ্টিভেন প্ৰাইচৰ। ২০১৩ চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত ছবিখনৰ এটা ২৩ মিনিট দৈৰ্ঘ্যৰ ছাউণ্ডট্ৰেক মুক্তি দিয়া হৈছিল। ২৩ ২০১৩ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে এটা ছাউণ্ডট্ৰেক এলবাম ডিজিটেল মাধ্যমৰ জৰিয়তে মুক্তি দিয়াৰ পিছত একে বছৰৰে ১ অক্টোবৰ তাৰিখে WaterTower Music-ৰ দ্বাৰা সঁফুৰাৰ ৰূপত (physical formats) মুক্তি দিয়া হয়। ২৪ ছবিখনত অন্তৰ্ভুক্ত অন্য কেইটামান গীত হৈছে-২৫
- "Angels Are Hard to Find" by Hank Williams, Jr.
- "Sinigit Meerannguaq" by Juaaka Lyberth
- "Destination Anywhere" by Chris Benstead and Robin Baynton
- "922 Anthem" by 922 (feat. Gaurav Dayal)
- "Ready" by Charles Scott (feat. Chelsea Williams)
ছবিখনৰ বেছিভাগ অফিচিয়েল ট্ৰেইলাৰতে ইষ্ট'নিয়ান সংগীত ব্যৱস্থাপক Arvo Pärt-ৰ ১৯৭৮ চনৰ Spiegel im Spiegel ব্যৱহৃত হৈছিল। ২৬
মুক্তি
গ্ৰেভিটী ত্ৰিমাত্ৰিক ৰূপ(3D film) ৰূপত আৰু IMAX 3D-ত ২০১৩ চনৰ ৪ অক্টোবৰ তাৰিখে মুক্তি দিয়া হৈছিল। ২৭ অক্টোবৰৰ ৪ ৰ পৰা ১০ তাৰিখলৈ উদযাপিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ সপ্তাহ(World Space Week)-ৰ আৰম্ভণিৰ দিনৰ সৈতে ছবিখনৰ মুক্তিৰ তাৰিখ একে দিনাই পৰিছিল। ছবিখন আদিতে ২০১২ চনৰ ২১ নৱেম্বৰত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও, বহুল উত্তৰ-নিৰ্মাণ স্তৰ(post-production )ৰ এফেক্টছ(effects) সম্পন্ন কৰিবৰ বাবে ইয়াৰ মুক্তিৰ তাৰিখ এবছৰ পিছুৱাই দিয়া হয়। ২৮
গ্ৰহণ
বক্স অফিচ
২০১৩ চনৰ ১৫ ডিচেম্বৰলৈকে, গ্ৰেভিটি য়ে উত্তৰ আমেৰিকাত মুঠ ২৫২,৭৬৭,০০০ ডলাৰ, অঅন্য দেশসমূহত ৩৮৯,৪০০,০০০ ডলাৰ আৰু বিশ্বজুৰি মুঠ ৬৪২,১৬৭,০০০ ডলাৰ আয় কৰিছে। ইয়াৰ দ্বাৰাই ই ২০১৩ চনত সৰ্বোচ্চ আয় কৰা সপ্তমখন বোলছবি ৰূপে পৰিগণত হৈছে।
সমালোচনা
গ্ৰেভেটিৰ প্ৰিমিয়াৰ হৈছিল আগষ্টৰ ২৮ তাৰিখে ৭০তম ভেনিচ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত। ইয়াত এই বোলছবিখনে সমালোচকৰ পৰা উচ্চ প্ৰশংসা পাবলৈ সক্ষম হয়। ২৯ Empire, Time আৰু Total Film আলোচনীয়ে গ্ৰেভিটিক ২০১৩ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ স্বীকৃতি দিয়ে। ৩০৩১৩২ ই এইবৰ্ষত IMDb ত সৰ্বোচ্চ ৰেটং পাবলৈও সক্ষম হয়।৩৩
বঁটা
| Awards | ||||
|---|---|---|---|---|
| Award | Year | Category | Recipients and nominees | Result |
| আফ্ৰিকান-আমেৰিকান ফিল্ম ক্ৰিটিকছ এছ'ছিয়েশ্বন (African-American Film Critics Association)৩৪ | ১৩ ডিচেম্বৰ, ২০১৩ | বৰ্ষটোৰ শে্ৰষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| এলায়েন্স অব ৱ'মেন ফিল্ম জাৰ্ণেলিষ্ট (Alliance of Women Film Journalists)৩৫ | ১৬ ডিচেম্বৰ, ২০১৩ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন (Alfonso Cuarón) | |||
| শ্ৰেষ্ঠ অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি(Emmanuel Lubezki) | |||
| শ্ৰেষ্ঠ সম্পাদনা | আলফ'নছ' কুৱেৰন আৰু Mark Sanger | |||
| শ্ৰেষ্ঠ সংগীত | ষ্টিভেন প্ৰাইচ | |||
| শ্ৰেষ্ঠ অভিনেত্ৰী (Kick Ass Award for Best Female Action Star) | ছান্দ্ৰা বুলক | |||
| Actress Defying Age and Agism | ||||
| মহিলা আইকন (AWJF Female Icon Award) | ছান্দ্ৰা বুলক | |||
| অবিস্মৰণীয় মুহূৰ্ত্তৰ বাবে বঁটা (Unforgettable Moment Award) | জৰ্জ ক্লুনীৰ প্ৰত্যাৱৰ্ত্তনৰ মুহূৰ্ত্ত | |||
| আমেৰিকান ফিল্ম ইন্সটিটিউটৰ ২০১৩ চনৰ বঁটা৩৬ | ১০ জানুৱাৰী, ২০১৪ | বৰ্ষটোৰ শীৰ্ষ দহখন চলচ্চিত্ৰ | ||
| ব'ষ্টন অনলাইন ফিল্ম ক্ৰিটিক্স এছ'ছিয়েছনৰ বঁটা৩৭ | ৭ ডিচেম্বৰ, ২০১৩ | বৰ্ষটোৰ শীৰ্ষ দহখন চলচ্চিত্ৰ | ||
| বষ্ট'ন ছছাইটি অব ফিল্ম ক্ৰিটিকছ (Boston Society of Film Critics)৩৮ | ৮ ডিচেম্বৰ, ২০১৩]] | শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফী | ইমানুৱেল লুবেজকি(Emmanuel Lubezki) | |
| সমালোচকৰ পছন্দৰ চলচ্চিত্ৰ বঁটা (Critics' Choice Movie Award)৩৯ | সমালোচকৰ পছন্দৰ চলচ্চিত্ৰ বঁটা|১৬ জানুৱাৰী, ২০১৪ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ কল্পবিজ্ঞান চলচ্চিত্ৰ (Sci-Fi Movie) | ||||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন (Alfonso Cuarón) | |||
| শ্ৰেষ্ঠ অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| এক্সন চলচ্চিত্ৰৰ শ্ৰেষ্ঠা অভিনেত্ৰী | ||||
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি(Emmanuel Lubezki) | |||
| শ্ৰেষ্ঠ আৰ্ট পৰিচালক (Best Art Direction) | এণ্ডি নিক'লছন (Andy Nicholson) আৰু ৰ'জি গডউইন (Rosie Goodwin) | |||
| শ্ৰেষ্ঠ সম্পাদনা | আলফ'নছ' কুৱেৰন আৰু Mark Sanger | |||
| শ্ৰেষ্ঠ ৰচক (Composer) | ষ্টিভেন প্ৰাইচ | |||
| শ্ৰেষ্ঠ ভিজুৱেল এফেক্ট | ||||
| ডেট্ৰ'ইট ফিল্ম ক্ৰিটিকছ ছ'ছাইটি (Detroit Film Critics Society)৪০ | ১৩ ডিচেম্বৰ, ২০১৩ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |||
| GQ আলোচনীৰ বৰ্ষটোৰ ব্যক্তি৪১ | ৮ ডিচেম্বৰ, ২০১৩ | বৰ্ষটোৰ ভিজ'নেৰি (Visionary of the Year) | আলফ'নছ' কুৱেৰন | |
| গ'ল্ডেন গ্ল'ব বঁটা | ৭১ তম গ'ল্ডেন গ্লৱ বঁটা|১২ জানুৱৰী, ২০১৪ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |||
| শ্ৰেষ্ঠ অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| মৌলিক সংগীত | ষ্টিভেন প্ৰাইচ | |||
| হলিউড ফিল্ম ফেষ্টিভেল (Hollywood Film Festival)৪২ | ১৭ অক্টোবৰ, ২০১৩ | বৰ্ষটোৰ অভিনেত্ৰী | ছান্দ্ৰা বুলক | |
| হিউষ্ট'ন ফিল্ম ক্ৰিটিক্স ছ'ছাইটি (Houston Film Critics Society)৪৩ | ১৫ ডিচেম্বৰ, ২০১৩ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |||
| শ্ৰেষ্ঠা অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি(Emmanuel Lubezki) | |||
| শ্ৰেষ্ঠ মৌলিক সংগীত | ষ্টিভেন প্ৰাইচ | |||
| কানজাচ ফিল্ম ক্ৰিটিক্স চাৰ্ক'ল (Kansas City Film Critics Circle)৪৪ | ১৫ ডিচেম্বৰ, ২০১৩ | শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন (Tied with Steve McQueen for 12 Years a Slave) | |
| শ্ৰেষ্ঠ অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| লছ এঞ্জেলেছ ফিল্ম ক্ৰিটিক্স এছ'ছিয়েছন (Los Angeles Film Critics Association৪৫ | ৮ ডিচেম্বৰ, ২০১৩ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | (Tied with Her (film)) | |
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |||
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি | |||
| শ্ৰেষ্ঠ সম্পাদনা | আলফ'নছ' কুৱেৰন মাৰ্ক চেংগাৰ | |||
| National Board of Review of Motion Pictures৪৬ | ৪ ডিচেম্বৰ, ২০১৩ | চলচ্চিত্ৰ নিৰ্মাণত সৃষ্টিশীল উদ্ভাৱন (Creative Innovation in Filmmaking) | আলফ'নছ' কুৱেৰন | |
| শীৰ্ষ দহখন চলচ্চিত্ৰ | ||||
| নিউ ৱৰ্ক অনলাইন ফিল্ম ক্ৰিটিক্স৪৭ | ৮ ডিচেম্বৰ, ২০১৩ | শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি | |||
| অনলাইন ফিল্ম ক্ৰিটিক্স ছ'ছাইটি বঁটা৪৮ | ১৬ ডিচেম্বৰ, ২০১৩ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |||
| শ্ৰেষ্ঠ সম্পাদনা | আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ | |||
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি | |||
| Palm Springs International Film Festival৪৯ | ১৩ জানুৱাৰী, ২০১৪ | Desert Palm Achievement Award | ছান্দ্ৰা বুলক | |
| People's Choice Awards | ৮ জানুৱাৰি, ২০১৪ | Favorite Dramatic Movie | ||
| প্ৰিয় অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| প্ৰিয় চলচ্চিত্ৰ যুটি (Favorite Movie Duo) | ছান্দ্ৰা বুলক আৰু জৰ্জ ক্লুনী | |||
| Phoenix Film Critics Society৫০ | ১৭ ডিচেম্বৰ, ২০১৩ | শীৰ্ষ দহখন চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |||
| শ্ৰেষ্ঠা অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| শ্ৰেষ্ঠ মৌলিক স্ক্ৰীণপ্লে | আলফ'নছ' কুৱেৰন আৰু জ'নাচ কুৱেৰন | |||
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি | |||
| শ্ৰেষ্ঠ সম্পাদনা | আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ | |||
| শ্ৰেষ্ঠ প্ৰডাক্স'ন ডিজাইন | এণ্ডি নিক'লছন আৰু ৰ'জি গডউইন | |||
| শ্ৰেষ্ঠ ভিজুৱেল এফেক্ট | Chris Howell, Chris Lawrence, and Tim Webber | |||
| San Diego Film Critics Society৫১ | ১১ ডিচেম্বৰ, ২০১৩ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |||
| শ্ৰেষ্ঠা অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি | |||
| শ্ৰেষ্ঠ সম্পাদনা | আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ | |||
| শ্ৰেষ্ঠ মৌলিক সংগীত | ষ্টিভেন প্ৰাইচ | |||
| শ্ৰেষ্ঠ প্ৰডাক্সন ডিজাইন | এণ্ডি নিক'লছন আৰু ৰ'জি গডউইন | |||
| San Francisco Film Critics Circle৫২ | ১৩ ডিচেম্বৰ, ২০১৩ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |||
| শ্ৰেষ্ঠা অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| শ্ৰেষ্ঠ মৌলিক স্ক্ৰীণপ্লে | আলফ'নছ' কুৱেৰন আৰু জ'নাচ কুৱেৰন | |||
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি | |||
| শ্ৰেষ্ঠ সম্পাদনা | আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ | |||
| শ্ৰেষ্ঠ প্ৰডাক্স'ন ডিজাইন | এণ্ডি নিক'লছন আৰু ৰ'জি গডউইন | |||
| ছেটেলাইট বঁটা৫৩ | ৯ মাৰ্চ, ২০১৪ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |||
| শ্ৰেষ্ঠা অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি | |||
| শ্ৰেষ্ঠ সম্পাদনা | আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ | |||
| শ্ৰেষ্ঠ ভিজুৱেল এফেক্ট | Chris Howell, Chris Lawrence, and Tim Webber | |||
| শ্ৰেষ্ঠ মৌলিক সংগীত | ষ্টিভেন প্ৰাইচ | |||
| শ্ৰেষ্ঠ শব্দ পৰিচালনা | Glenn Freemantle, Niv Adiri, and Skip Lievsay | |||
| Screen Actors Guild Award৫৪ | ১৮ জানুৱাৰী, ২০১৪ | মুখ্য ভূমিকাত শ্ৰেষ্ঠ অভিনেত্ৰী | ছান্দ্ৰা বুলক | |
| St. Louis Gateway Film Critics Association৫৫ | ১৬ ডিচেম্বৰ, ২০১৩ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |||
| শ্ৰেষ্ঠা অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি | |||
| শ্ৰেষ্ঠ ভিউৱেল এফেক্ট | Chris Howell, Chris Lawrence, and Tim Webber | |||
| শ্ৰেষ্ঠ সংগীত | ষ্টিভেন প্ৰাইচ | |||
| Best Scene | The opening tracking shot | |||
| ভেনিচ চলচ্চিত্ৰ মহোৎসৱ৫৬ | ৭ ছেপ্টেম্বৰ, ২০১৩ | Future Film Digital Award | আলফ'নছ' কুৱেৰন | |
| Washington D.C. Area Film Critics Association৫৭ | ৯ ডিচেম্বৰ, ২০১৩ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ||
| শ্ৰেষ্ঠ পৰিচালক | আলফ'নছ' কুৱেৰন | |||
| শ্ৰেষ্ঠা অভিনেত্ৰী | ছান্দ্ৰা বুলক | |||
| শ্ৰেষ্ঠ আৰ্ট পৰিচালনা | এণ্ডি নিক'লছন আৰু ৰ'জি গডউইন | |||
| শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী | ইমানুৱেল লুবেজকি | |||
| শ্ৰেষ্ঠ সম্পাদনা | আলফ'নছ' কুৱেৰন আৰু মাৰ্ক চেংগাৰ | |||
| শ্ৰেষ্ঠ সংগীত | ষ্টিভেন প্ৰাইচ |
তথ্যসূত্ৰ
- ↑ Berardinelli, James. (October 3, 2013). Gravity – A Movie Review. ReelViews
- ↑ Chris Lackner. (September 27, 2013). Pop Forecast: Gravity is gripping space drama and it’s gimmick free. The Vancouver Sun
- ↑ Girl on a wire: Sandra Bullock talks about her new space drama, Gravity. South China Morning Post
- ↑ George Clooney and Sandra Bullock to open Venice film festival. BBC News
- ↑ www.metacritic.com/movie/gravity
- ↑ Robert Z. Pearlman. (October 1, 2013). 'Gravity' Movie Mission Patches Shaped by Real Space History. Space.com
- ↑ Staff. Gravity (2013). ইণ্টাৰনেট মুভি ডাটাবেছ
- ↑ Zoller Seitz, Matt. (October 4, 2013). Review: Gravity. RogerEbert.com
- ↑ (October 3, 2013). Gravity. The Miami Herald
- ↑ Hornaday, Ann. (October 3, 2013). "Gravity" works as both thrilling sci-fi spectacle and brilliant high art. The Washington Post
- ↑ Scott, A.O. (October 3, 2013). Between Earth and Heaven. The New York Times
- ↑ LaSalle, Mick. (October 4, 2013). "Gravity" review: powerful images – and drama. San Francisco Chronicle
- ↑ Brodesser-Akner, Claude. (February 25, 2010). Angelina Jolie Says No to Wanted 2, Killing the Sequel. 'Vulture. New York''. New York Media
- ↑ Sperling, Nicole. (February 26, 2010). Angelina Jolie out of 'Wanted 2': Follow-up project not a lock. Entertainment Weekly
- ↑ Kit, Borys. (August 11, 2010). Blake Lively, Scarlett Johansson vie for sci-fi film. Reuters. Thomson Reuters
- ↑ Kroll, Justin. (October 6, 2010). Sandra Bullock in talks for 'Gravity'. Variety
- ↑ Rosenberg, Adam. (April 27, 2013). Robert Downey Jr. In Talks To Star In 'Children Of Men' Director Alfonso Cuaron's 'Gravity'. MTV. Viacom Media Networks
- ↑ Fernandez, Jay A. (September 8, 2010). Natalie Portman offered lead in 3D survival story. Reuters. Thomson Reuters
- ↑ Fitzmaurice, Sarah. (June 9, 2011). Feeling broody? George Clooney gets snap happy with Sandra Bullock and her son Louis on set of new film. Daily Mail
- ↑ Gravity · Pinewood filming locations. Pinewood Group. Pinewood Studios
- ↑ What Is The Mind Blowing Connection Between GRAVITY And PLANET OF THE APES?. badass digest
- ↑ Cohen, David S; McNary, David. (3, September 2013). Alfonso Cuaron Returns to the Bigscreen After Seven Years With ‘Gravity’. Variety
- ↑ (September 5, 2013). 'Gravity' Soundtrack Preview Highlights 23 Minutes Of Steven Price's Nerve-Rattling Score. Huffington Post
- ↑ (August 28, 2013). ‘Gravity’ Soundtrack Details. Film Music Reporter
- ↑ Gravity (2013) – Song Credits. Soundtrack.net
- ↑ Wickman, Forrest. (May 9, 2013). Trailer Critic: Alfonso Cuarón’s Gravity. Slate
- ↑ (April 25, 2010). UPDATE: Warner Bros. and IMAX Sign Up to 20 Picture Deal!. ComingSoon.net. CraveOnline
- ↑ Vary, Adam. (May 14, 2012). Sandra Bullock, George Clooney sci-fi drama 'Gravity' moved to 2013. Entertainment Weekly
- ↑ Trumbore, Dave. (August 28, 2013). GRAVITY Reviews Praise Sandra Bullock and George Clooney's Performances. Collider
- ↑ (December 3, 2013). The 50 Best Films of 2013. Empire
- ↑ (4 December 2013). Top 10 Best Movies. Time
- ↑ (11 December 2013). Best movies of 2013 - TotalFilm.com. Total Film
- ↑ IMDb - Year in Review - Top 10 Highest-Rated Films of 2013. ইণ্টাৰনেট মুভি ডাটাবেছ
- ↑ (December 13, 2013). African American Film Critics Name 12 Years a Slave Best Picture of the Year. Awards Daily
- ↑ (December 11, 2013). 2013 EDA Award Nominess. Alliance of Women Film Journalists
- ↑ (December 9, 2013). AFI Awards 2013. American Film Institute
- ↑ Chitwood, Adama. (December 7, 2013). 12 YEARS A SLAVE Sweeps Boston Online Film Critics Awards with Best Picture, Director, Actor, and Supporting Actress. Collider
- ↑ Davis, Clayton. (December 8, 2013). Boston Film Critics Society Gives ’12 Years a Slave’ 3 Awards, ‘Wolf’ Runner-Up in 5 Categories. The Awards Circuit
- ↑ 19TH ANNUAL CRITICS’ CHOICE MOVIE AWARDS NOMINATIONS
- ↑ Long, Tom. (December 9, 2013). Detroit Film Critics Society nominates top films. The Detroit News
- ↑ (December 8, 2013). Alfonso Cuaron: Visionary of the Year 2013. GQ
- ↑ Fienberg, Scott. (September 30, 2013). '12 Years a Slave' Director and Actress to be Honored at Hollywood Film Awards (Exclusive). The Hollywood Reporter
- ↑ (December 15, 2013). 12 Years a Slave wins Pic, Cuaron Director for Houston Film Critics. Awards Daily
- ↑ (December 15, 2013). 12 Years a Slave sweeps Kansas City critics. Awards Daily
- ↑ (December 8, 2013). ‘Gravity,’ ‘Her’ Tie for Best Picture With L.A. Film Critics. Variety
- ↑ (December 4, 2013). National Board of Review Chooses ‘Her’ as Best Film, Will Forte and Octavia Spencer Land Wins. The Awards Circuit
- ↑ Gray, Tim. (December 8, 2013). ’12 Years’ Tops New York Online Critics Awards. Variety
- ↑ (2013-12-09). Online Film Critics Announce Nominees; Miyazaki and To Surprise with Multiple Nominations. IndieWire
- ↑ De Coster, Ramzi. (November 21, 2013). Steve McQueen to Receive Director of the Year Award for '12 Years a Slave' at Palm Springs International Film Festival. Indiewire
- ↑ Pheonix Film Critics Society 2013 Award Nominations. Phoenix Film Critics Society
- ↑ (December 10, 2013). San Diego Film Critics Nominate Top Films for 2013. San Diego Film Critics Society
- ↑ Stone, Sasha. (December 13, 2013). San Francisco Film Critics Nominations. Awards Daily
- ↑ Kilday, Gregg. (December 2, 2013). Satellite Awards: '12 Years a Slave' Leads Film Nominees. The Hollywood Reporter
- ↑ Kilday, Gregg. (December 11, 2013). Screen Actors Guild Awards: '12 Years a Slave' leads Screen Actors Guild nominations. The Guardian
- ↑ আৰ্কাইভ কপি
- ↑ Official Awards of the 70th Venice Film Festival
- ↑ Stone, Sasha. (December 7, 2013). Washington DC Film Critics Announce Nominations. Awards Daily
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰে'ভিটী (২০১৩ বৰ্ষৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭০০৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।