গ্ৰামীণ বেংক হৈছে বাংলাদেশত প্ৰতিষ্ঠা হোৱা এক ক্ষুদ্ৰ বিত্তীয় বিশেষত্ব থকা সামূহিক উন্নয়ন বেংক।১২
ই বন্ধক প্ৰয়োজন নোহোৱাকৈ দৰিদ্ৰ লোকসকলক ক্ষুদ্ৰ ঋণ (মাইক্ৰ'ক্ৰেডিট বা "গ্ৰামীনক্ৰেডিট" নামেৰে জনাজাত) প্ৰদান কৰে।৩
গ্ৰামীণ বেংক হৈছে বিধিৱদ্ধ এক ৰাজহুৱা কৰ্তৃপক্ষ। ইয়াৰ জন্ম ১৯৭৬ চনত চিটাগং বিশ্ববিদ্যালয়ৰ অধ্যাপক মহম্মদ ইউনুছ এক গৱেষণা প্ৰকল্পৰ যোগেদি হৈছিল, যিয়ে গ্ৰাম্য দৰিদ্ৰ লোকসকলক বেংকিং সেৱা প্ৰদানৰ বাবে ঋণ প্ৰদান ব্যৱস্থা পৰিকল্পনাত নিযোজিত হৈছিল। ১৯৮৩ চনৰ অক্টোবৰ মাহত ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা গ্ৰামীণ বেংকক এক স্বতন্ত্ৰ বেংক হিচাপে কাম কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল।
২০০৩ চনৰ পৰা ২০০৭ চনৰ ভিতৰত বেংকটোৱে উল্লেখযোগ্য উন্নতি কৰিছিল। ২০২২ চনৰ জানুৱাৰী মাহলৈকে বেংকৰ পৰা মুঠ ঋণ লোৱা লোকৰ সংখ্যা প্ৰায় নিযুত, আৰু তাৰে ৯৬.৮১% মহিলা।৪ ১৯৯৮ চনত বেংকৰ "কম খৰচী গৃহ নিৰ্মাণ কাৰ্যসূচী"ৰ বাবে বিশ্ব বাসস্থান বঁটা লাভ কৰিছিল। ২০০৬ চনত বেংক আৰু ইয়াৰ প্ৰতিষ্ঠাপক মহম্মদ ইউনুছক যুটীয়াভাৱে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল।৫
বেংকৰ সফলতাই বিশ্বৰ ৬৪খনতকৈও অধিক দেশত একেধৰণৰ প্ৰকল্পসমূহক অনুপ্ৰাণিত কৰিছে, যাৰ ভিতৰত আছে বিশ্ব বেংকৰ গাঁৱলীয়া ধৰণৰ ঋণ প্ৰদান প্ৰণালীৰ বাবে বিত্তীয় সহযোগিতা।৬
ইতিহাস
১৯৭৪ চনত বাংলাদেশৰ দুৰ্ভিক্ষৰ সময়ত মহম্মদ ইউনুছে ৪২টা পৰিয়ালৰ এটা দলক ২৭ মাৰ্কিন ডলাৰৰ ব্যক্তিগত ঋণ প্ৰদান কৰি অনুপ্ৰাণিত হৈছিল। এই ঋণে তেওঁলোকক বিক্ৰীৰ বাবে সামগ্ৰী উৎপাদন কৰাত সহায় কৰিছিল, যাৰ ফলত তেওঁলোক শোষণমূলক ঋণৰ উচ্চ সুতৰ বোজাৰ পৰা মুক্ত হৈছিল।৭ ইউনুছে বিশ্বাস কৰিছিল যে এনে ঋণ যদি বৃহত্তৰ জনগণৰ বাবে উপলব্ধ কৰা হয় তেন্তে ব্যৱসায়ক উৎসাহিত কৰিব পৰা যাব আৰু বাংলাদেশৰ ব্যাপক গ্ৰাম্য দৰিদ্ৰতা হ্ৰাস কৰিব পৰা যাব।
ইউনুছে নিজৰ গৱেষণা আৰু অভিজ্ঞতাৰ পৰাই গ্ৰামীণ বেংকৰ নীতি প্ৰণয়ন কৰিছিল।৪ তেওঁ এক গৱেষণা প্ৰকল্প আৰম্ভ কৰি এটি ৰাষ্ট্ৰীয় বাণিজ্যিক বেংক আৰু চট্টগ্ৰাম বিশ্ববিদ্যালয়ৰ সৈতে যুটীয়াভাৱে কাম কৰি গ্ৰাম্য দৰিদ্ৰসকলৰ বাবে ঋণ আৰু বেংকিং সেৱা প্ৰদানৰ পদ্ধতি পৰীক্ষা কৰিছিল; যাৰ লক্ষ্য আছিল ক্ষুদ্ৰ ঋণ বৃদ্ধি কৰা। ১৯৭৬ চনত এই প্ৰকল্পৰ দ্বাৰা প্ৰথমবাৰৰ বাবে জোবৰা গাঁৱত সেৱা আগবঢ়োৱা হয়। পৰৱৰ্তী দুবছৰত এই প্ৰকল্পটোৱে অঞ্চলটোৰ অন্যান্য গাঁওসমূহলৈ সম্প্ৰসাৰিত হয়।৮ বাংলাদেশ বেংকৰ সহায়ত এই প্ৰকল্পটো ১৯৭৯ চনত টাংগাইল জিলালৈ (ৰাজধানী ঢাকাৰ উত্তৰত) সম্প্ৰসাৰণ কৰা হয়। পৰৱৰ্তী কেইবছৰমানৰ ভিতৰত এই প্ৰকল্পৰ সেৱা বাংলাদেশৰ অন্যান্য জিলালৈও সম্প্ৰসাৰিত হয়।৮
পৰিচালনা ব্যৱস্থা
ই বাংলাদেশ বেংকত তালিকাভুক্ত নহয়। বাংলাদেশৰ ৫টা অতালিকাভুক্ত বেংকৰ ভিতৰত ই অন্যতম।
পুঁজিৰ ব্যৱস্থা
"বেংকটোৱে বিভিন্ন উৎসৰ পৰা ধন লাভ কৰিছে, আৰু সময়ৰ লগে লগে মূল অৱদানকাৰীসকল স্থানান্তৰিত হৈছে।"৯ প্ৰাৰম্ভিক বছৰবোৰত দাতা সংস্থাসমূহে কম হাৰত মূলধনৰ শকত অংশ যোগান ধৰিছিল।৯ নব্বৈৰ দশকৰ মাজভাগত বেংকটোৱে বেছিভাগ ধন বাংলাদেশৰ কেন্দ্ৰীয় বেংকৰ পৰা লাভ কৰিবলৈ আৰম্ভ কৰে।৯ অতি শেহতীয়াকৈ গ্ৰামীন বেংকে বিত্তীয় উৎস হিচাপে বণ্ড বিক্ৰী আৰম্ভ কৰিছে।৯ বণ্ডসমূহক অন্তৰ্নিহিত ৰাজসাহায্য দিয়া হয়, কিয়নো ইয়াৰ নিশ্চয়তা বাংলাদেশ চৰকাৰে দিয়ে, তথাপিও ইয়াক বেংকৰ হাৰৰ আধাৰত বিক্ৰী কৰা হয়।৯ ২০১৩ চনত বাংলাদেশৰ সংসদে ‘গ্ৰামীন বেংক আইন’ গৃহীত কৰে, যিয়ে গ্ৰামীণ বেংক অধ্যাদেশ, ১৯৮৩ৰ ঠাইত চৰকাৰক বেংক পৰিচালনাৰ বাবে যিকোনো দিশত নিয়ম প্ৰণয়নৰ কৰ্তৃত্ব প্ৰদান কৰে।
অনুদান
২০১৬ চনত গ্ৰামীন আমেৰিকাই এক লাখৰ পৰা ২ লাখ ৫০ হাজাৰ ডলাৰৰ ভিতৰত অনুদান আগবঢ়াইছিল, আনহাতে গ্ৰেমীন ৰিচাৰ্চ নামৰ আন এটা গ্ৰামীণ শাখাই ক্লিণ্টন ফাউণ্ডেশ্যনক ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ ডলাৰৰ ভিতৰত অনুদান আগবঢ়াইছিল। যেতিয়া মহম্মদ ইউনুছ ওপৰত বাংলাদেশত এক অলাভজনক বেংকৰ তদাৰকী সম্পৰ্কীয় বিষয়ত তদন্ত চলি আছিল আৰু বেংকৰ ব’ৰ্ডৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল, তেতিয়া তেওঁ ক্লিণ্টন পৰিয়াললৈ এই বিষয়ত ‘সহায়ক’সকলৰ পৰা সহায় বিচাৰি লিখিছিল। অৱশেষত ইউনুছে গ্ৰামীণ বেংকৰ পৰিচালন সঞ্চালকৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল।১০১১
কৃতিত্ব আৰু বঁটা
২০০৬ চনত গ্ৰামীন বেংক আৰু মহম্মদ ইউনুছে যৌথভাৱে দৰিদ্ৰতা নিৰাময়ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে শান্তিৰ নোবেল বঁটা লাভ কৰে। তাৰ উপৰিও লাভ কৰিছে-
- আগাখান স্থাপত্য পুৰস্কাৰ: ১৯৮৯ (চুইজাৰল্যাণ্ড)
- কাজী মাহবুবউল্লাহ পুৰস্কাৰ: ১৯৯২ (বাংলাদেশ)
- ৰাজা বোঁদৱা আন্তৰ্জাতিক উন্নয়ন পুৰস্কাৰ: ১৯৯৩ (বেলজিয়াম)
- তুন আবদুল ৰাজাক পুৰস্কাৰ: ১৯৯৪ (মালয়েছিয়া)
- স্বাধীনতা দিবস পুৰস্কাৰ: ১৯৯৪ (বাংলাদেশ)
- বিশ্ব বসতি পুৰস্কাৰ: ১৯৯৭ (যুক্তৰাজ্য)
- গান্ধী শান্তি পুৰস্কাৰ: ২০০০ (ভাৰত)
- পিটাৰ্চবাৰ্গ পুৰস্কাৰ: ২০০৪ (আমেৰিকা যুক্তৰাষ্ট্ৰ)
- নোবেল শান্তি পুৰস্কাৰ: ২০০৬ (নৰৱে)
- এম সি সি আই ঢাকাৰ শতবৰ্ষ পদক পুৰস্কাৰ:২০১৪ (বাংলাদেশ)
- ইণ্টাৰন্যাশনাল ফাইন্যান্স মেগাজিনৰ "বেষ্ট কৰ্পোৰেট সোস্যাল ৰেসপন্সেবল বেংক পুৰস্কাৰ:২০১৪ (যুক্তৰাজ্য)
- আই সি এম এ বি'ৰ বেষ্ট কৰ্পোৰেট এৱাৰ্ড পুৰস্কাৰ:২০১৪ (বাংলাদেশ)
তথ্যসূত্ৰ
- ↑ (29 March 2017). https://www.theguardian.com/sustainable-business/2017/mar/29/we-are-all-entrepreneurs-muhammad-yunus-on-changing-the-world-one-microloan-at-a-timeCosic, Miriam (29 March 2017)
- ↑ (2 March 2015). About us. Grameem Bank"About us"
- ↑ What is Microcredit?. Grameen Bank"What is Microcredit?"
- ↑ Annual Report 2021
- ↑ (13 October 2006). The Nobel Peace Prize for 2006. The Nobel Peace Prize for 2006"The Nobel Peace Prize for 2006"
- ↑ Khandker; Baqui, M. A.; Khan Z. H. (1995). Grameen Bank: Performance and Sustainability. World Bank Publications. পৃ. vi. ISBN 978-0-8213-3463-8Khandker, Shahidur R.; Baqui, M. A.; Khan Z. H. (1995)
- ↑ Anand Giridharas; Keith Bradsher. Microloan Pioneer and His Bank Win Nobel Peace Prize. The New York Times (১৩ অক্টোবৰ ২০০৬)
- ↑ Rahman, Aminur. ((২০০১) [First published 1999]). Women and Microcredit in Rural Bangladesh: Anthropological Study of the Rhetoric and Realities of Grameen Bank Lending. Boulder, Colorado: Westview Press. পৃ. ৪. ISBN 978-0-8133-3930-6
- ↑ Morduch, Jonathan. (October 1999). The role of subsidies in microfinance: evidence from the Grameen Bank. Journal of Development Economics. পৃ. 240
- ↑ Dr Yunus 'donated' to Clinton Foundation. Dhaka Tribune
- ↑ (2011-05-13). Muhammad Yunus resigns from Grameen Bank. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰামীণ বেংক” প্ৰবন্ধৰ সংশোধন ৬৩২৭৮৪ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।