গুৰচৰণ কৌৰ কোহলী, জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৩৭ চন এগৰাকী ভাৰতীয় ইতিহাসৰ অধ্যাপক আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা লেখক, অৰ্থনীতিবিদ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিধৱা পত্নী।১
প্ৰাথমিক জীৱন
গুৰচৰণৰ পিতৃৰ নাম চৰ্দাৰ চত্তৰ সিং, যিয়ে বাৰ্মা-অইলৰ অভিযন্তা আছিল আৰু মাতৃৰ নাম আছিল ভাগৱন্তী কৌৰ। গুৰচৰণ কৌৰ ঘৰৰ সাতজন ভাই-ভনীৰ ভিতৰত আছিল কনিষ্ঠ সন্তান। তেওঁৰ ১৯৩৭ চনৰ ১৩ ছেপ্তেম্বৰত চকৱালত জন্ম হৈছিল। তেওঁৰ চাৰিগৰাকী ভগ্নী আৰু দুজন ভাতৃ আছে। তেওঁৰ পূৰ্বপুৰুষৰ গাঁও আছিল ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ ঝেলুম জিলাৰ ঢক্কু (বৰ্তমান পাকিস্তানৰ পঞ্জাবত)।
কৌৰ কীৰ্তন গোৱাৰ গুণৰ বাবে দিল্লীৰ শিখ সম্প্ৰদায়ৰ মাজত পৰিচিত আছিল আৰু জলন্ধৰ ৰেডিঅ'তো তেওঁ অনুষ্ঠান কৰিছে।২
পিছৰ জীৱন
২০০৪ চনত মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা ৰাজ্যিক ভ্ৰমণৰ সময়ত তেওঁৰ লগত দেশ-বিদেশৰ বহু ঠাই ভ্ৰমণ কৰিছে। পৰিয়ালটোৱে বহুলাংশে প্ৰচাৰ মাধ্যমৰ পৰা বাহিৰত আছে। তেওঁলোকৰ তিনিগৰাকী কন্যা – উপিন্দৰ, দমন আৰু অমৃত। তেওঁলোক তিনিওৰে সফল অথচ অৰাজনৈতিক কেৰিয়াৰ আছে।৩ উপিন্দৰ কৌৰ অশোক বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক। তেওঁ ছয়খন গ্ৰন্থ ৰচনা কৰিছে, য'ত আছে প্ৰাচীন দিল্লী (১৯৯৯) আৰু প্ৰাচীন আৰু আৰম্ভণিৰ মধ্যযুগীয় ভাৰতৰ ইতিহাস (২০০৮)।৪ দমন কৌৰ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজ আৰু গুজৰাটৰ আনন্দৰ ইনষ্টিটিউট অৱ ৰুৰেল মেনেজমেণ্টৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু দ্য লাষ্ট ফ্ৰণ্টিয়াৰ: পিপল এণ্ড ফৰেষ্টছ ইন মিজোৰাম আৰু নাইন বাই নাইন উপন্যাসৰ লেখক।৫ অমৃত সিং আমেৰিকান চিভিল লিবাৰ্টিজ ইউনিয়নৰ এগৰাকী ষ্টাফ এটৰ্নী হিচাপে কৰ্মৰত।৬
তথ্যসূত্ৰ
- ↑ Manmohan Singh's pillar of support: Former PM's wife Gurcharan Kaur even wowed Vogue with her natural elegance. The Week
- ↑ (2009-01-10). A first lady for all seasons- Hindustan Times
- ↑ Dr. Manmohan Singh: Personal Profile. Prime Minister's Office, Government of India
- ↑ Raote, Rrishi. (10 October 2008). This Singh is King of History. Business Standard
- ↑ (28 January 2009). Meet Dr. Singh's daughter. Rediff.com
- ↑ Rajghatta, Chidanand. (21 December 2007). PM's daughter puts White House in the dock. ToI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৰচৰণ কৌৰ” প্ৰবন্ধৰ সংশোধন ৫৮৩৮৮১ (২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।