ভাৰতৰ মহিলা সংগঠন
৮ প্ৰবন্ধ
-
সৰ্ব ভাৰতীয় মহিলা সন্মিলন
সৰ্ব ভাৰতীয় মহিলা সন্মিলন (All India Women's Conference) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এক বেচৰকাৰী সংগঠন। মহিলা আৰু শিশুসকলৰ বাবে শৈক্ষিক প্ৰচেষ্টা উন্নত কৰাৰ বাবে ইয়াক ১৯২৭ চনত মাৰ্গাৰেট কাজিনছে প্ৰতিষ্ঠা কৰিছিল। নাৰী অধিকাৰৰ লগত জড়িত সমস্যাৰ মোকাবিলা কৰাৰ বাবে ইয়াৰ পৰিসৰ সম্প্ৰসাৰিত কৰি আহিছে।
-
সদৌ অসম লেখিকা সমাৰোহ সমিতি
সদৌ অসম লেখিকা সমাৰোহ সমিতি অসমৰ এক বেচৰকাৰী সংগঠন যিয়ে সাহিত্যৰ জৰিয়তে অসমৰ নাৰী সমাজৰ বিকাশৰ হকে কাম কৰি আহিছে। ১৯৭৪ চনত স্থাপিত হোৱা এই সমিতিৰ সৰ্বমুঠ শাখাৰ সংখ্যা দুশতকৈও অধিক। সংগঠনটিৰ মুখ্য কাৰ্যালয় তেজপুৰত অৱস্থিত।
-
ক্ৰান্তিকাৰী মহিলা আদিবাসী সংগঠন
ক্ৰান্তিকাৰী মহিলা আদিবাসী সংগঠন ( Revolutionary Adivasi Women's Organisation ) ভাৰতৰ এটা নিষিদ্ধ মহিলা সংগঠন। আদিবাসী মহিলা সংঘ ক্ৰান্তিকাৰী আদিবাসী মহিলা সংগঠন (KAMS) পূৰ্বসুৰী। ১৯৮৬ চনত মাওবাদীয়ে আদিবাসী মহিলা সংঘ ভেটি স্থাপন কৰিছিল।
-
গুলাবি গেং
গুলাবি গেং (হিন্দী শব্দ গুলাবিৰ অৰ্থ "গুলপীয়া") হৈছে এটি সজাগ গোট বা দল। দলটো প্ৰথমে উত্তৰ প্ৰদেশৰ বান্দা জিলাত ব্যাপক ঘৰুৱা উৎপীড়ন আৰু মহিলাৰ বিৰুদ্ধে হোৱা অন্যান্য হিংসাৰ বিৰুদ্ধে থিয় দিবলৈ বুলি সৃষ্টি হৈছিল। প্ৰাৰম্ভিক পৰ্যায়ত দলটোৰ নেতৃত্ব দিছিল সম্পত পাল দেৱীয়ে।
-
দুৰ্গা বাহিনী
দুৰ্গা বাহিনী ( Durga Vahini ) হৈছে বিশ্ব হিন্দু পৰিষদৰ (VHP) মহিলা শাখা। ইয়াক ১৯৯১ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হৈছে সাধ্বী ৰিথম্বৰা। বিশ্ব হিন্দু পৰিষদৰ মতে দুৰ্গা বাহিনীৰ উদ্দেশ্য হৈছে অধিক মহিলাক প্ৰাৰ্থনা সভা আৰু সাংস্কৃতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা।
-
প্ৰজেক্ট নন্হী কলী
প্ৰজেক্ট নানহী কলী হৈছে এক ভাৰতীয় বেচৰকাৰী সংস্থা যিয়ে ভাৰতবৰ্ষৰ দৰিদ্ৰ কিশোৰী সকলৰ বাবে শিক্ষাৰ অধিকাৰ আৰু অগ্ৰগতিত সমৰ্থন কৰে।
-
শ্ৰী মহিলা গৃহ উদ্যোগ লিজ্জত পাপড়
শ্ৰী মহিলা গৃহ উদ্যোগ লিজ্জত পাপড় (Shri Mahila Griha Udyog Lijjat Papad) দ্ৰুতগতিত সম্প্ৰসাৰিত বিভিন্ন উপভোক্তা সামগ্ৰীৰ উৎপাদনৰ সৈতে জড়িত মহিলা সমবায়; যাৰ জনপ্ৰিয় নাম লিজ্জত। সংস্থাটোৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰি সবলীকৰণ কৰা।
-
ৱৰ্কিং উইমেনছ ফ'ৰাম
ৱৰ্কিং উইমেনছ ফ’ৰাম (সংক্ষেপে ডব্লিউডব্লিউএফ) হৈছে দক্ষিণ ভাৰতৰ এটা মহিলাকেন্দ্ৰিক সংস্থা। ইয়াক ১৯৭৮ চনত জয়া অৰুণাচলমে মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)ত প্ৰতিষ্ঠা কৰে। এই সংস্থাৰ মুখ্য লক্ষ্য হৈছে দক্ষিণ ভাৰতৰ দুখীয়া আৰু অনানুষ্ঠানিক খণ্ডত কাম কৰা মহিলাসকলক আৰ্থ-সামাজিকভাৱে সক্ষম কৰা।