ড° গুণাৰাম খনিকৰ (২২ মাৰ্চ, ১৯৪৯ - ৭ জানুৱাৰী, ২০১৬) অসমৰ এগৰাকী প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ।১২ তেখেত গোলাঘাট জিলাৰ তেতেলীতলৰ “ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ” (Regional Research And Training Centre On Indian Traditional Treatment চমুকৈ RRTCITT)ৰ প্ৰতিষ্ঠাতা আৰু পৰিচালন সঞ্চালক আছিল।৩ তেখেতে প্ৰস্তুত কৰি উলিওৱা বহুমূত্ৰ, বুকুৰ ধপধপনি, উচ্চ ৰক্তচাপ, পিত্তৰোগ, পেটৰ ঘাঁ, মেলিনা, কেঁচুমুৰীয়া, মৃগী, মেদবহুলতা, বাতবিষ আদি ৰোগৰ বন দৰৱে দেশ-বিদেশত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।৪
জন্ম আৰু শিক্ষা জীৱন
ড° গুণাৰাম খনিকৰৰ জন্ম হয় ১৯৪৯ চনৰ ২২ মাৰ্চ তাৰিখে গোলাঘাট জিলাৰ আঠগাঁও মৌজাৰ চকৰধৰা গাঁৱত। তেখেতৰ পিতৃৰ নাম চন্দ্ৰ খনিকৰ আৰু মাতৃৰ নাম দেৱেশ্বৰী খনিকৰ। গুণাৰাম খনিকৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত বিজ্ঞানৰ স্নাতক পৰ্যায়লৈকে শিক্ষা গ্ৰহণ কৰে আৰু ২০০১ চনত ইমানেহ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ইন ইমানেহপেথিক (এম ৱাই) ডিগ্ৰী গ্ৰহণ কৰে।৫
কৰ্মজীৱন
কৃষকৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা খনিকৰে সৰুৰে পৰাই বনৌষধিৰ বিভিন্ন গছ-বনৰ লগত চিনাকি হোৱাৰ লগতে নানা ধৰণৰ সহজলভ্য বনদৰৱ শিকিবলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত তেখেতে মাক-দেউতাকৰ পৰা প্ৰচুৰ প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হয়।২ সৰুৰে পৰাই খনিকৰে বনৌষধি চৰ্চা কৰিলেও ১৯৭০ চনৰ পৰাহে একাণপতীয়াকৈ বনৌষধিৰ চিনাক্তকৰণ, অধ্যয়ন, সংগ্ৰহ, সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰ আদি ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ কাম আৰম্ভ কৰে। বনৌষধিৰ বিষয়ত খনিকৰৰ ৪৩ খন কিতাপ আৰু ১০০০ টাতকৈও অধিক লেখা বিভিন্ন বাতৰি কাকত, আলোচনী, স্মৰণিকা আদিত প্ৰকাশ পাইছে।৫ ইয়াৰ উপৰিও তেখেতে অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শন কেন্দ্ৰৰ যোগেদি বনৌষধি আৰু বনদৰৱৰ প্ৰচাৰ কৰি আহিছিল। বনৌষধি বিষয়ক কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সভা আৰু প্ৰদৰ্শনীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি খনিকৰে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৯৭ চনত অসম চৰকাৰে তেখেতক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছিল। তেখেতক ভাৰতৰ ৩৫০ টাতকৈও অধিক চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু বনৌষধিৰ ৰজা, বনৌষধিৰ সম্ৰাট, মানৱ-মিত্ৰ, মানৱতাবাদী, ভেষজ ৰত্ন, বনৌষধিৰ বিশেষজ্ঞ, বনৌষধিৰ বিজ্ঞানী, বনৌষধিৰ আচাৰ্য আদি উপাধিৰে বিভূষিত কৰিছে।৬ ২০০১ চনত আহমেদাবাদৰ নেশ্যনেল ইন'ভেচন ফাউণ্ডেচনে তেখেতক ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰে। ২০০৩ চনত তেখেতে পি এইচ্ছ ডি ডিগ্ৰী লাভ কৰে।
১৯৯২ চনত তেখেতে গোলাঘাটৰ তেতেলীতলত ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি বনৌষধিৰ প্ৰচাৰ, প্ৰসাৰ, সংৰক্ষণ, গৱেষণা আদিৰে জনসাধাৰণলৈ সেৱা আগবঢ়াই আহিছিল।৭ তেখেতে ভলেণ্টৰী হেলথ্ অচ’চিয়েচন অৱ অসমৰ চিনিয়ৰ প্ৰগেম অফিচাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
মৃত্যু
২০১৬ চনৰ ৭ জানুৱাৰী বুধবাৰে নিশা হৃদৰোগত ভোগাত গুণাৰাম খনিকৰক গুৱাহাটীৰ ডাউন টাউন হস্পিটেলত ভৰ্তি কৰোৱা হয়। তাতে তেখেতে মৃত্যু বৰণ কৰে।৮
গ্ৰন্থ
- সহজ লভ্য বন দৰবৰ গুণ
- ৰোগ নিৰাময় আৰু সৌন্দৰ্য চৰ্চাত বন দৰবৰ গুণাগুণ
- ৰোগৰ পথ্য আৰু অপথ্য
বাহ্যিক সংযোগ
- Herbal research institution planned at Golaghat
- First mobile hospital of herbal medicine in Asom
- The Herbalist
তথ্যসূত্ৰ
- ↑ (Wednesday, March 26, 2014). Herbal research institution planned at Golaghat. assam tribune
- ↑ Rahul Karmakar,. (Apr 04, 2012). Sons of the soil. Hindustan Times
- ↑ Dibya J Borthakur. (Sun, 03/08/2014). Herbal medicine workshop at Raha. assam times
- ↑ Herbal Medicine for heart palpitation/ Herbal medicine for malaria etc.. National Innovation Foundation
- ↑ লেখক পৰিচিতি, ৰোগ নিৰাময় আৰু সৌন্দৰ্য চৰ্চাত বন দৰবৰ গুণাগুণ, বিদ্যা ভৱন, নৱেম্বৰ ২০১৩
- ↑ লেখক পৰিচিতি, ডঃ গুণাৰাম খনিকৰ, সহজলভ্য বন-দৰৱৰ গুণ, পুথিতীৰ্থ প্ৰকাশন
- ↑ গুণাৰাম খনিকৰৰ সৈতে হোৱা সাক্ষাৎকাৰ, অচিনাকি অসম, বৈদ্যুতীন সংবাদ মাধ্যম dy365
- ↑ A vacuum indeed: Gunaram Khanikhar dead. NE24
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুণাৰাম খনিকৰ” প্ৰবন্ধৰ সংশোধন ৫২১৯১৯ (৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।