গীতা হৰিহৰণ (Githa Hariharan; জন্ম: ১৯৫৪) নতুন দিল্লীত বসবাস কৰা এগৰাকী ভাৰতীয় লেখক। তেওঁৰ প্ৰথমখন উপন্যাস 'দ্য থাউজেণ্ড ফেচেচ অৱ নাইটে' ১৯৯৩ চনত, সৰ্বোশ্ৰেষ্ঠ প্ৰথম উপন্যাস শিতানত 'কমনৱেলথ ৰাইটাৰ্ছ্ প্ৰাইজ' লাভ কৰিছে। তেওঁৰ অন্যান্য সৃষ্টিৰ ভিতৰত চুটি গল্প সংকলন 'দি আৰ্ট অৱ ডায়িং' (১৯৯৩), উপন্যাস 'দ্য ঘষ্ট অৱ বাসু মাষ্টৰ' (১৯৯৪), 'হোৱেন ড্ৰীমচ্ ট্ৰেভেল' (১৯৯৯), 'ফিউজিটিভ হিষ্ট্ৰিজ' (২০০৯) আৰু 'আই হেভ বিকাম দ্য টাইড' (২০১৯) আৰু প্ৰবন্ধ সংকলন 'অলমষ্ট হ'ম: চিটিজ এণ্ড আডাৰ প্লেচেচ' (২০১৪) উল্লেখযোগ্য।
হৰিহৰণে ল'ৰা-ছোৱালীৰ কাৰণে গল্প লিখিছে আৰু সম্পাদনাও কৰিছে। তেওঁ 'ছ'ৰি, বেষ্ট ফ্ৰেণ্ড' (২০১২) নামৰ শিশুৰ বাবে ৰচিত এখন গ্ৰন্থৰ সহ-সম্পাদক। তেওঁ 'আ চাউথাৰ্ন হাৰভেষ্ট' (১৯৯৩), 'দ্য এছে কালেকচন ফ্ৰ'ম ইণ্ডিয়া টু পেলেষ্টাইন: এছেচ্ ইন চলিডেৰিটি' (২০১৪) সম্পাদনা কৰিছে আৰু 'বেটলিং ফ'ৰ ইণ্ডিয়া: আ চিটিজেনচ্ ৰিডাৰ' (২০১৯) সহ-সম্পাদনা কৰিছে।
শেহতীয়া কৰ্মৰাজি
তেওঁৰ শেহতীয়া উপন্যাস 'আই হেভ বিকাম দ্য টাইড' ভাৰতত ২০১৯ চনত প্ৰকাশ হয় আৰু শেহতীয়াকৈ সম্পাদনা কৰা 'বেটলিং ফ'ৰ ইণ্ডিয়া: আ চিটিজেনচ্ ৰিডাৰ' (চালিম ইউছুফিৰ সৈতে সহ-সম্পাদিত) কিতাপখন 'স্পিকিং টাইগাৰে' ২০১৯ চনত প্ৰকাশ কৰিছে।
প্ৰাৰম্ভিক জীৱন
গীতা হৰিহৰণৰ জন্ম ভাৰতৰ কোইম্বাটুৰত হৈছিল আৰু তেওঁ ডাঙৰ-দীঘল হৈছিল মুম্বাই আৰু মেনিলাত। এই দুখন মহানগৰতে তেওঁ পঢ়া-শুনা কৰিছিল আৰু শেষত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ তেওঁ পঢ়িবলৈ গৈছিল। তেওঁ ১৯৭৪ চনত, বম্বে বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্য আৰু দৰ্শন বিষয়ত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৭৭ চনত কনেকটিকাটৰ 'গ্ৰেজুৱেট স্কুল অৱ কৰ্পোৰেট এণ্ড পলিটিকেল কম্যুনিকেচন', ফেয়াৰফিল্ড বিশ্ববিদ্যালয়ৰপৰা 'কম্যুনিকেচন' বিষয়ত কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লয়। তেওঁ ১৯৭৯ৰপৰা ১৯৮৪ চনলৈ নিউয়ৰ্ক মহানগৰৰ 'ডব্লিউনেট চেনেল থাৰ্টিন'ত বিভাগীয় লেখক হিচাপে কাম কৰিছিল। তেওঁ সমাজ বিজ্ঞান, কল্পকাহিনী আৰু মহিলা বিষয়ক অধ্যয়নত 'অৰিয়েণ্ট লংম্যান'ৰ মুম্বাই, চেন্নাই আৰু নতুন দিল্লীৰ কাৰ্য্যালয়ত কাম কৰিছিল। ১৯৮৫ ৰপৰা ২০০৫ চনলৈ তেওঁ এগৰাকী স্বাধীন পেছাদাৰী সম্পাদক হিচাপে বিভিন্ন শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে কাম কৰিছিল।
১৯৯৫ চনত হৰিহৰণে হিন্দু সংখ্যালঘু আৰু অভিভাৱকত্বৰ আইনখনক নাৰীৰ প্ৰতি বৈষম্যমূলক আখ্যা দি ইয়াৰ বিৰোধিতা কৰিছিল আৰু অভিভাৱকত্বৰ ওপৰত তেওঁ তৰা গোচৰটো ১৯৯৯ চনত উচ্চতম ন্যায়ালয় পাইছিলগৈ।১
কৰ্মজীৱন
হৰিহৰণে প্ৰথমে নিউয়ৰ্কৰ ৰাজহুৱা সম্প্ৰচাৰ প্ৰণালীত আৰু তাৰ পিছত ভাৰতত সম্পাদক হিচাপে প্ৰকাশন প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছিল।২ বৰ্তমান, তেওঁ এগৰাকী পূৰ্ণকালীন লেখক।৩
হৰিহৰণৰ কল্পকাহিনীসমূহ ফৰাছী, ইটালিয়ান, ডাচ, গ্ৰীক, উৰ্দ্দু, ভিয়েতনামী আদি বিভিন্ন ভাষালৈ অনুবাদ হৈছে। তেওঁ 'ভাৰতীয় লেখক মঞ্চ'ৰ প্ৰতিষ্ঠাপক সদস্য। এই মঞ্চখনে দুটা বিভাগৰ বাবে কাম কৰে, 'ভাৰতীয় সাংস্কৃতিক মঞ্চ'- যি সাংস্কৃতিক ৰাজনীতিৰ ওপৰত গুৰুত্ব দিয়ে; আৰু 'গুফ্টগু', এক অনলাইন পত্ৰিকা যিয়ে ভাৰতত বিভিন্ন সাংস্কৃতিক, শৈল্পিক আৰু শৈক্ষিক অনুশীলন প্ৰদৰ্শন কৰে।
হৰিহৰণৰ কিতাপ 'আ থাউজেণ্ড ফেচেচ অৱ নাইট' পৰম্পৰাত প্ৰাচ্যবাদী বিচাৰ সম্পৰ্কত মহিলাৰ স্থিতি সম্বন্ধীয়। হৰিহৰণে নিজে যুক্তৰাজ্যত পঢ়া-শুনা কৰি উলটি আহিছিল আৰু এই উপন্যাসখনৰ বিষয় হৈছে বিদেশৰপৰা প্ৰত্যাৱৰ্তন কৰা দেৱীৰ সমকালীন ভাৰতত বাস কৰাৰ উপায় বিচৰাৰ প্ৰয়াস।৪
গ্ৰন্থপঞ্জী
- আ থাউজেণ্ড ফেচেচ অৱ নাইট (১৯৯২)
- দি আৰ্ট অৱ ডায়িং (১৯৯৩)
- ''দ্য ঘষ্ট অৱ বাসু মাষ্টৰ' (১৯৯৪),
- ''হোৱেন ড্ৰীমচ্ ট্ৰেভেল' (১৯৯৯)
- দ্য ৱিনিং টীম (২০০৪)
- ফিউজিটিভ হিষ্ট্ৰিজ (২০০৯)
- আই হেভ বিকাম দ্য টাইড (২০১৯)
তথ্যসূত্ৰ
- ↑ SC redefined Hindu Guardianship Law. Indian National Bar Association
- ↑ Hariharan, Githa 1954 -. (1999). In The Cambridge Guide to Women's Writing in English
- ↑ www.rigzin.freeservers.com/indoanglianlit3.htm
- ↑ Mehrotra, Arvind. (2008). A Concise History Indian Literature in English. Permanent Black. ISBN 8178243024
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা হৰিহৰণ” প্ৰবন্ধৰ সংশোধন ৬৩৪৬২৮ (৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।