অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতা বালী

গীতা বালী (জন্ম হৰকীৰ্তন কৌৰ; ১৯৩০ ‒ ২১ জানুৱাৰী ১৯৬৫) হিন্দী ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। বালীক ভাৰতীয় চিনেমাৰ ইতিহাসৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ ভিতৰৰ এগৰাকী বুলি ধৰা হয়, বালীয়ে দ্য কবলাৰ (১৯৪২) ছবিৰে শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু সুহাগ ৰাত (১৯৪৮) ছবিৰে প্ৰথম সফলতা লাভ…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৫৮১ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

গীতা বালী (জন্ম হৰকীৰ্তন কৌৰ; ১৯৩০ ‒ ২১ জানুৱাৰী ১৯৬৫) হিন্দী ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। বালীক ভাৰতীয় চিনেমাৰ ইতিহাসৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ ভিতৰৰ এগৰাকী বুলি ধৰা হয়, বালীয়ে দুটা দশকৰো অধিক সময়ৰ কেৰিয়াৰত ৭৫খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। তেওঁ দুবাৰকৈ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল।১

বালীয়ে দ্য কবলাৰ (১৯৪২) ছবিৰে শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু সুহাগ ৰাত (১৯৪৮) ছবিৰে প্ৰথম সফলতা লাভ কৰিছিল। বড়ী বেহেন (১৯৪৯)ত কাম কৰাৰ পিছত বালীয়ে বাৱৰে নেইন (১৯৫০), আলবেলা (১৯৫১), বাজী (১৯৫১), জাল (১৯৫২), আনন্দ মথ (১৯৫২) বচন (১৯৫৫), মিলাপ (১৯৫৫), ফাৰাৰ (১৯৫৫), জেইলৰ (১৯৫৮) আৰু মিষ্টাৰ ইণ্ডিয়া (১৯৬১) আদি ছবিৰে ৫০ৰ দশকৰ এগৰাকী আগশাৰীৰ মহিলা অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। বচনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল।

১৯৫৫ চনত বালীয়ে অভিনেতা শাম্মি কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, যাৰ সৈতে তেওঁৰ অভিনেতা আদিত্য ৰাজ কাপুৰকে ধৰি দুটা সন্তান আছে। ১৯৬৫ চনত স্মলপক্স ৰোগত আক্ৰান্ত হৈ বালিৰ মৃত্যু হয়।২

আদি জীৱন

গীতা বালীৰ জন্ম হৈছিল ১৯৩০ চনত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ অমৃতসৰত হৰিকীৰ্তন কৌৰ নামেৰে। তেওঁৰ এগৰাকী জ্যেষ্ঠ ভগ্নী হৰিদৰ্শন কৌৰ, যাৰ কন্যা অভিনেত্ৰী যোগীতা বালী।৩ বালীয়ে শাস্ত্ৰীয় নৃত্য, অশ্ব চালনা আৰু গতকাৰ প্ৰশিক্ষণ লাভ কৰিছিল।৪

কেৰিয়াৰ

বালীয়ে শিশু অভিনেত্ৰী হিচাপে, ১২ বছৰ বয়সত, দ্য কবলাৰ (১৯৪২) ছবিৰ জৰিয়তে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে। বদনামি (১৯৪৬) ছবিত মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। বালীয়ে ৭৫খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।৫ সুহাগ ৰাত (১৯৪৮) আৰু বড়ি বেহেন (১৯৪৯) ছবি তেওঁৰ প্ৰথম সফলতা আছিল।৬৭৮ ১৯৫০ চনত বালী তাৰকা হিচাপে পৰিগণিত হয়। তেওঁ হ’বলগীয়া দেওৰেক ৰাজ কাপুৰৰ সৈতে বাউৰে নেইন (১৯৫০)৯ আৰু হ’বলগীয়া শহুৰেক পৃথ্বীৰাজ কাপুৰৰ সৈতে আনন্দমঠ ছবিত কাম কৰিছিল আৰু দুয়োখনেই সফল হৈছিল।১০ কাপুৰ পৰিয়ালত বিয়া হৈ ছবিজীৱন ত্যাগ কৰা আন অভিনেত্ৰীসকলৰ দৰে নহৈ বালীয়ে মৃত্যুৰ আগলৈকে অভিনয় কৰি থাকিল। বালীয়ে সুৰিন্দৰ কাপুৰক প্ৰযোজক হোৱাত সহায় কৰিছিল।১১১২

বালীয়ে তেওঁৰ কমিক টাইমিং আৰু অভিনেত্ৰী হিচাপে তেওঁৰ দখলৰ বাবে বহুলভাৱে পৰিচিত আছিল।১৩ বালীয়ে দেৱ আনন্দৰ সৈতে পৰ্দাত শ্ৰেষ্ঠ যুটী আছিল, যাৰ সৈতে তেওঁ বাজী (১৯৫১), জাল (১৯৫২), ফেৰী (১৯৫৪), মিলাপ (১৯৫৫), ফাৰাৰ আৰু পকেট মাৰ (১৯৫৬)কে ধৰি কেইবাখনো সফল ছবিত কাম কৰিছিল।১৪১৫১৬ বচন (১৯৫৫)ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।১৭

বালীয়ে স্বামী শাম্মী কাপুৰৰ সৈতে মিছ কোকাকোলা (১৯৫৫), ৰঙ্গীণ ৰাতেঁ (১৯৫৬) আদি ছবিত কাম কৰিছিল, (য'ত তেওঁ এটা গীত গাইছিল) আৰু কফি হাউচ (১৯৫৭)ত অভিনয় কৰিছিল।১৮ তেওঁৰ আন উল্লেখযোগ্য ছবিসমূহ হ'ল দুলাৰী (১৯৪৯), নিশানা (১৯৫০), আলবেলা (১৯৫১), আলবেলি (১৯৫৫), কবি (১৯৫৫)।১৯ ১৯৬৩ চনত তেওঁৰ শেষৰখন ছবি আছিল জব ছে তুমহে ডেখা হাই।

ব্যক্তিগত জীৱন আৰু মৃত্যু

১৯৫৫ চনত বালীয়ে অভিনেতা শাম্মী কাপুৰক লগ পাইছিল, মিছ কোকাকোলা ছবিৰ সময়ত। ৰঙ্গীণ ৰাতেঁ ছবিখনৰ শ্বুটিংৰ সময়ত তেওঁলোকৰ প্ৰেমত পৰিছিল, য’ত তেওঁ মুখ্য অভিনেতা আছিল আৰু তেওঁ কেমিঅ’ৰ চৰিত্ৰত অভিনয় কৰিছিল। চাৰি মাহৰ পিছত মুম্বাইৰ মালাবাৰ পাহাৰৰ ওচৰৰ বাংগাংগা মন্দিৰত বিবাহপাশত আৱদ্ধ হয়।২০ বিয়াৰ এবছৰৰ পাছত ১৯৫৬ চনৰ ১ জুলাইত মুম্বাইৰ শিৰোডকাৰ হস্পিতালত তেওঁলোকৰ এটি পুত্ৰ আদিত্য ৰাজ কাপুৰৰ জন্ম হয়। পাঁচ বছৰৰ পাছত ১৯৬১ চনত তেওঁলোকৰ এগৰাকী কন্যা কাঞ্চন কাপুৰৰ জন্ম হয়।২১২২

১৯৬৫ চনৰ ২১ জানুৱাৰীত ৩৫ বছৰ বয়সত স্মলপক্স ৰোগত আক্ৰান্ত হৈ বালীৰ মৃত্যু হয়।২৩ মৃত্যুৰ পিছত কাপুৰে ১৯৬৯ চনৰ ২৭ জানুৱাৰীত গুজৰাটৰ ভোজাপাৰাৰ নীলা দেৱীক বিয়া কৰায়, যি বালীৰ সন্তানৰো যত্ন লয়।২৪২৫

শিল্পকলা আৰু উত্তৰাধিকাৰ

"মই তেওঁক আমাৰ এগৰাকী মহান শিল্পী বুলি গণ্য কৰোঁ। তেওঁৰ দৰে কোনোৱে পৰিৱেশন কৰা নাছিল। তেওঁ বহুমুখী প্ৰতিভাৰ আছিল। যেতিয়া তেওঁ উদ্যোগটোত প্ৰৱেশ কৰিছিল তেতিয়া সকলোৱে তেওঁৰ কথা লিখি থৈ গৈছিল। মই তেওঁক বিশ্বাস কৰি তাৰকা কৰি তুলিলোঁ।"২৬
— —গীতা বালীৰ বিষয়ে পৰিচালক কেদাৰ শৰ্মা

বালীক ভাৰতীয় চিনেমাৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।১ ২০২২ চনত তেওঁক আউটলুক ইণ্ডিয়াৰ "৭৫ গৰাকী শ্ৰেষ্ঠ বলীউড অভিনেত্ৰী" তালিকাত স্থান দিয়া হয়।২৭ ৫০ৰ দশকৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী বালীয়ে ১৯৫১, ১৯৫২ আৰু ১৯৫৩ চনত বক্স অফিচ ইণ্ডিয়াৰ "শীৰ্ষ অভিনেত্ৰী" তালিকাত স্থান লাভ কৰিছে।২৮ বালী আছিল কাপুৰ পৰিয়ালৰ প্ৰথম মহিলা, যিয়ে বিয়াৰ পিছত অভিনয় এৰি দিয়া নাছিল।২৯

ৰেডিফ ডট কমৰ সুকন্যা ভাৰ্মাই উল্লেখ কৰিছে, "গীতা বালিৰ আচৰিত কমিক টাইমিং আৰু স্বাভাৱিক আচাৰ-ব্যৱহাৰে তেওঁক স্থিতিশীল, আত্মসচেতন সৌন্দৰ্য্যৰ সমাৱেশৰ মাজৰ পৰা আঁতৰাই ৰাখিছিল। তথাপি তেওঁ দৰ্শকৰ দুৰ্বল অংশত আঘাত কৰাত সমানেই পাকৈত আছিল।"৩০ দ্য কুইণ্টৰ মেঘা মাথুৰে তেওঁক তেওঁৰ সময়ৰ অন্যতম "আটাইতকৈ আকৰ্ষণীয় অভিনেত্ৰী" বুলি অভিহিত কৰে। তেওঁৰ পুত্ৰ আদিত্য ৰাজ কাপুৰে কয়, "যদি আপুনি শাম্মী কাপুৰে নৃত্য কৰা ধৰণটো চায়, তেন্তে সেইটোৱেই আছিল গীতা বালীৰ ব্যক্তিত্ব।৪’ দ্য প্ৰিন্টৰ পিয়া কৃষ্ণংকটিয়ে কয় যে, বালীৰ "পৰ্দাত মনোমোহা উপস্থিতি" আছিল আৰু লিখিছে, তেওঁ ট্ৰেজেডী, নাটক বা কমেডী যি ছবিয়েই হওক, বালী কেতিয়াও টাইপ চৰিত্ৰৰ ফান্দত পৰা নাছিল।''৩১

তথ্যসূত্ৰ

  1. ↑ Top heroines of Bollywood. ইণ্ডিয়া টুডে
  2. ↑ (24 January 2020). How Shammi Kapoor married Geeta Bali: She took out lipstick, asked him to apply it on her maang. India Today
  3. ↑ Saran, Sathya; Alvi, Abrar. (2008). Ten Years with Guru Dutt: Abrar Alvi's Journey. Penguin Books India. পৃ. 7, 43. ISBN 978-0-670-08221-6
  4. ↑ (21 January 2016). Geeta Bali's personality had the energy of Shammi Kapoor's dance. The Quint
  5. ↑ Subodh Kapoor. (2002). The Indian Encyclopaedia: Gautami Ganga -Himmat Bahadur. Cosmo Publications. পৃ. 2575–. ISBN 978-81-7755-266-9
  6. ↑ Top Earners 1946. Box Office India
  7. ↑ (August 1948). Our Review-"Geeta Bali's Sohag Raat". Filmindia. পৃ. 51
  8. ↑ NFAI adds Suraiya's 1949 film Bari Behen to collection 26 February 2017 Times of India, Retrieved 23 May 2020
  9. ↑ Ritu Nanda. (2002). Raj Kapoor: Speaks. Penguin Books India. পৃ. 198–. ISBN 978-0-670-04952-3
  10. ↑ Anand Math's song Vande Mataram - The World's Top Ten. BBC World Service
  11. ↑ (4 May 2009). Sonam Kapoor is a better actor than Anil Kapoor. Rediff.com
  12. ↑ Pandya, Sonal. (21 January 2017). 10 things you didn't know about Geeta Bali. Cinestaan
  13. ↑ Lokapally, Vijay. (9 December 2011). Milap (1955). The Hindu
  14. ↑ Kohli, Suresh. (14 June 2012). Blast from the past: Faraar (1955). The Hindu
  15. ↑ Bhatia, Uday. (7 September 2019). Who killed the Hindi gangster film?. mint
  16. ↑ (10 December 2011). Dev Anand saga: When Navketan went noir. The Times of India
  17. ↑ Kaur, Devinder Bir. (16 July 1999). Melodrama was his forte. The Tribune
  18. ↑ Deepa Gahlot. (1 January 2008). Shammi Kapoor: The Dancing Hero. SCB Distributors. পৃ. 82–. ISBN 978-81-8328-228-4
  19. ↑ Top Earners 1951. Box Office India
  20. ↑ (24 April 2021). Blast from the past: Shammi Kapoor and Geeta Bali's sudden marriage. Filmfare
  21. ↑ Parande, Shweta. (4 May 2010). Acting is in my genes: Aditya Raj Kapoor. CNN-IBN
  22. ↑ Ramesh Dawar. (1 January 2006). Bollywood Yesterday-Today-Tomorrow. Star Publications. পৃ. 1–. ISBN 978-1-905863-01-3
  23. ↑ Jain, Madhu. (2005). The Kapoors: the first family of Indian cinema. Penguin, Viking. ISBN 0670058378
  24. ↑ (25 September 2012). Neila Devi: I knew I'd always get second billing. Filmfare
  25. ↑ Shammi Kapoor. Junglee.org.in
  26. ↑ Kidar Sharma Interview. Rediff.com
  27. ↑ 75 Bollywood Actresses Who Ruled The Silver Screen With Grace, Beauty And Talent. Outlook India
  28. ↑ Top Actresses. Box Office India
  29. ↑ Bollywood Dynasties. NDTV India
  30. ↑ Remembering Geeta Bali: Hindi cinema's Little Ms Sunshine. Rediff.com
  31. ↑ Talented dancer with screen presence — Geeta Bali went from penury to cinematic pinnacle. The Print

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা বালী” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৭৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।