অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতা কাপুৰ

গীতা কাপুৰ (Geeta Kapur) (জন্ম-৫ জুলাই ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় নৃত্য পৰিচালক (কৰিঅ'গ্ৰাফাৰ) আৰু টেলিভিছন ব্যক্তিত্ব৷ তেখেত সাধাৰণতে হিন্দী ছবি জগতৰ লগত জড়িত৷ গীতা কাপুৰে টেলিভিছনযোগে সম্প্ৰচাৰিত হোৱা একাধিক নৃত্যৰ ৰিয়েলিটি শ্ব' যেনে- ডান্স ইণ্ডিয়া ডান্স, ছুপাৰ ডান্সাৰ, ইণ্ডিয়া কে মস্ত কলন্দৰ…

হালনাগাদ: ২৫ জুন ২০২৬ ৪০১ শব্দ · ২ মিনিট সংগৃহীত ৪৪
সংশোধনৰ পৰামৰ্শ

গীতা কাপুৰ (Geeta Kapur) (জন্ম-৫ জুলাই ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় নৃত্য পৰিচালক (কৰিঅ'গ্ৰাফাৰ) আৰু টেলিভিছন ব্যক্তিত্ব৷ তেখেত সাধাৰণতে হিন্দী ভাষা ছবি জগতৰ লগত জড়িত৷ গীতা কাপুৰে টেলিভিছনযোগে সম্প্ৰচাৰিত হোৱা একাধিক নৃত্যৰ ৰিয়েলিটি শ্ব' যেনে- ডান্স ইণ্ডিয়া ডান্স, ছুপাৰ ডান্সাৰ, ইণ্ডিয়া কে মস্ত কলন্দৰ আৰু ইণ্ডিয়া'ছ বেষ্ট ডান্সাৰত বিচাৰক হিচাপে কাম কৰিছে৷

কৰ্মজীৱন

বলিউডৰ এগৰাকী প্ৰসিদ্ধ কৰিঅ'গ্ৰাফাৰ ফাৰাহ খানৰ দলত যোগ দি গীতা কাপুৰে পোন্ধৰ বছৰ বয়সতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে৷ ১পৰৱৰ্তী সময়ত গীতা কাপুৰে ফাৰাহ খানৰ সহযোগী হিচাপে বহুকেইখন ছবিত কাম কৰে৷ তাৰে ভিতৰত কুচ কুচ হোতা হ্যেয়, দিল তো পাগল হ্যেয়, কভি খুছি কভি গম, মোহব্বতে, কল হো না হো, মে হু না, ওম শান্তি ওম, মুম্বাই ড্ৰিমছ (২০০৪)ৰ বিষয়ে উল্লেখ কৰিব পাৰি৷২ ইয়াৰ পিছত গীতা কাপুৰে ফিজা (২০০০), অশোকা (২০০১), সাথিয়া (২০০২), হেই বেবি (২০০৭), থোড়া প্যাৰ থোড়া মেজিক (২০০৮), আলাদিন (২০০৯), টিছ মাৰ খান (২০১০), শীলা কি জৱানী (২০১০), তেৰে নাল লাভ হো গয়া (২০১১) আৰু শ্বিৰিন ফাৰহাদ কি ট' নিকল পড়ি (২০১২)ত মুখ্য নৃত্যপৰিচালক হিচাপে কাম কৰে৷৩৪ ২০১৩ চনৰ পেপছি আইপিএলৰ উদ্বোধনী অনুষ্ঠানকে ধৰি গীতা কাপুৰে বহুকেইখন বঁটাপ্ৰদান অনুষ্ঠান আৰু সংগীত সমাৰোহৰ (যেনে-টেম্পটেছন ৰিল’ডেড) নৃত্য পৰিচালনা কৰিছে৷

সুচিত্ৰা কৃষ্ণমূৰ্তিৰ গীত 'দাম তাৰা', 'কুছ কুছ হোতা হ্যেয়'ৰ 'তুঝে য়াদ না মেৰি আয়ে', 'মে হু না' ছবিৰ 'গৰি গৰি'কে প্ৰমুখ্য কৰি কিছুমান গীতৰ দৃশ্যাংশত গীতা কাপুৰে গৌণ নেপথ্য নৃত্যশিল্পী হিচাপে ভুমুকি মাৰিছিল৷ সেইসমূহ দৃশ্যাংশত তেখেতে ধ্ৰুপদী আৰু আধুনিক নৃত্যশৈলীৰ মিশ্ৰণ ঘটাইছিল৷ ১৯৯০ৰ দশকৰ শেষৰফালে নায়কৰ দৰে ছবিত তেখেতে প্ৰদৰ্শন আগবঢ়ায়৷ কুছ কুছ লোচা হ্যেয় নামৰ ছবিখনতো তেখেতক দেখিবলৈ পোৱা যায়৷

২০০৮ চনত গীতা কাপুৰে টেলিভিছনৰ জগতত প্ৰৱেশ কৰে৷ জি টিভিযোগে সম্প্ৰচাৰিত হ'বলগীয়া "ডান্স ইণ্ডিয়া ডান্স"ৰ প্ৰথমটো সংস্কৰণত তেখেতক এগৰাকী বিচাৰক হিচাপে আমন্ত্ৰিত কৰা হয়৷ গীতা কাপুৰৰ সতীৰ্থ বিচাৰকদ্বয় আছিল কৰিঅ'গ্ৰাফাৰ টেৰেন্স লিৱিছ আৰু ৰেম' ডিছুজা৷ আনহাতে বলিউদৰ অভিনেতা মিথুন চক্ৰৱৰ্তীক প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড মাষ্টাৰৰ আসনত বহুওৱা হৈছিল৷ গীতা কাপুৰে "গীতা কি গেং" নামৰ দলটোক নৃত্য শিকাইছিল৷৫

২০০৯ চনত গীতা কাপুৰ "ডান্স ইণ্ডিয়া ডান্স"ৰ দ্বিতীয়টো সংস্কৰণলৈ আহে৷ টেৰেন্স লিৱিছ আৰু ৰেমো ডিছ'জা এইবাৰো তেখেতৰ সতীৰ্থ বিচাৰক আৰু প্ৰশিক্ষক হয়৷ তেওঁলোকে সৰ্বমুঠ ১৮গৰাকী প্ৰতিযোগীক বিভিন্ন নৃত্যশৈলী শিকায় আৰু প্ৰশিক্ষণ দিয়ায়৷ তাৰে ভিতৰত কণ্টেম্পৰাৰি, বলিউড, হিপ-হপ আদি আছিল৷৬

পৰৱৰ্তী সময়ত গীতা কাপুৰে ফাৰাহ খান আৰু সন্দীপ ছোপাৰকাৰৰ লগত ডিআইডি লিটল মাষ্টাৰছ নামৰ আন এটি নৃত্যৰ ৰিয়েলিটি অনুষ্ঠানত দেখা দিয়ে৷ অনুষ্ঠানটোত ফাৰাহ খান আৰু সন্দীপ বিচাৰক হিচাপে জড়িত হৈছিল৷ কৰিঅ'গ্ৰাফাৰ মৰ্জি পেষ্ট'নজী আৰু ৰাজীৱ সুৰ্তীৰ লগত তেখেত ডিআইডি ডাবলছ নামৰ অনুষ্ঠানটোত বিচাৰকৰ আসনত বহে৷ বৰ্তমান গীতা কাপুৰে শিল্পা শেট্টী আৰু অনুৰাগ বসুৰ লগত ছনি টিভিত "ছুপাৰ ডান্সাৰ ছেপটাৰ ৪" নামৰ প্ৰতিযোগিতাখনিত বিচাৰকৰ ভূমিকা পালন কৰি আছে৷

তথ্যসূত্ৰ

  1. ↑ Kaur, Ravneet. (20 March 2009). Geeta Kapoor makes you dance!. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ PLANET BOLLYWOOD Glittering excess rules in Broadway's new 'Bombay Dreams' New York Daily News, 25 April 2004
  3. ↑ Dance India Dance, Watch Geeta Kapur Being Honored in April 18 Episode
  4. ↑ Saltz, Rachel. (2012). Geeta Kapoor. The New York Times. Baseline & All Movie Guide
  5. ↑ Dance India Dance Season 1. zee5
  6. ↑ Bhirani, Radhika. (31 December 2009). The reality of the small screen. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা কাপুৰ” প্ৰবন্ধৰ সংশোধন ৬১৪৩৭৬ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।