অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গল্প চিৰিজ

অসমীয়া সংবাদপত্ৰ আলোচনী আদিৰ মাজত স্বাধীনতাপূৰ্বৰ সময়ত গল্প চিৰিজ নামে এখন অসমীয়া ভাষাৰ মাহেকীয়া আলোচনী প্ৰকাশ পাইছিল। ১৯৩০ চনত যোৰহাটৰ অন্নদা সাহিত্য মন্দিৰৰ পৰা প্ৰকাশ পোৱা আলোচনীখনৰ সম্পাদক আছিল, বিপিন চন্দ্ৰ বৰুৱা।

হালনাগাদ: ২৬ মাৰ্চ ২০২৪ ৩০৬ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অসমীয়া সংবাদপত্ৰ আলোচনী আদিৰ মাজত স্বাধীনতাপূৰ্বৰ সময়ত গল্প চিৰিজ নামে এখন অসমীয়া ভাষাৰ মাহেকীয়া আলোচনী প্ৰকাশ পাইছিল। ১৯৩০ চনত যোৰহাটৰ অন্নদা সাহিত্য মন্দিৰৰ পৰা প্ৰকাশ পোৱা আলোচনীখনৰ সম্পাদক আছিল, বিপিন চন্দ্ৰ বৰুৱা। নিজ অৰ্থ ব্যয় কৰি বিপিন চন্দ্ৰ বৰুৱাই উক্ত আলোচনীখন উলিয়াইছিল আৰু সেই সময়ত বাঁহী আৰু আৱাহন নামৰ আলোচনী দুখন জনপ্ৰিয়তাৰ শিখৰত থকা সময়তে কেৱল গল্পৰ আলোচনী এখন প্ৰকাশ পোৱাটো উল্লেখযোগ্য বিষয় আছিল।

গল্প চিৰিজৰ সৈতে জড়িত লোক

গল্প চিৰিজৰ সম্পাদক আচিল বিপিন চন্দ্ৰ বৰুৱা। তেওঁক বিভিন্ন কামত সহায় কৰিছিল, প্ৰভাতৰ সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী, পইচাৰ সম্পাদক মৌলবী পজিৰুদ্দিন আহমেদ, মিলনৰ সম্পাদক বিনন্দ চন্দ্ৰ বৰুৱা, মিত্ৰদেৱ মহন্ত, জীৱেশ্বৰ বৰুৱা, মৌলবী কেৰামত আলি আদি লোকে।১

গল্প চিৰিজৰ বৈশিষ্ট্য

গল্প চিৰিজ আলোচনীখনৰ কলেৱৰ সৰু আছিল। মুঠ পৃষ্ঠা সংখ্যা আছিল, ৩২ টা। প্ৰথম সংখ্যাটিৰ ৰচনাসমূহ আছিল, মাতৃহীন, দেশপ্ৰেম, মেতোৰ, দানশীল দম্পতী আৰু মালতী। আন আন আলোচনীৰ তুলনাত গল্পসমূহ হাতী মাৰি ভূৰুকাত ভৰোৱাৰ দৰে সৰু কলেৱৰৰ যদিও এইবোৰ উদ্দেশ্য সংস্কাৰধৰ্মী আৰু সংবেদনশীল। ছপাখানা সম্বন্ধে প্ৰথম শিক্ষা লাভ কৰা লোক বুলি জনাজাত প্ৰতাপচন্দ্ৰ তালুকদাৰৰ দ্বাৰা যোহাটৰ এছিয়াটিক প্ৰিণ্টিং ৱৰ্কছত ’গল্প চিৰিজ’ ছপা কৰা হৈছিল। প্ৰতি বছৰে প্ৰতিটো সংখ্যাত প্ৰকাশিত গল্পৰ লগত সংগতি ৰাখি সম্পাদকে দুখনকৈ মুঠ ২৪খন ছবি প্ৰকাশ কৰিছিল। ছবিবোৰ প্ৰকাশ কৰা বাবে আলোচনীখন ব্যয়বহুল হোৱা স্বত্বেও দাম ধাৰ্য কৰিছিল মাত্ৰ দুটকা চাৰি অনা। গল্প চিৰিজৰ গল্পসমূহ চুটি আৰু নাটকীয়তা প্ৰকাশ পোৱা ধৰণৰ। গল্পসমূহৰ ভাষাৰ গাঁথনি সৰল আছিল। ২

উল্লেখযোগ্য লেখা

আলোচনীখন মূলতঃ গল্পৰ আলোচনী হ’লেও নাটক আৰু আলোচনামূলক প্ৰবন্ধ আদিও পিছলৈ প্ৰকাশ কৰা হৈছিল। গোপাল গোস্বামীৰ “মকতমা’’ ঘনশ্যাম চলিহাৰ প্ৰবন্ধ “কবি’’, নাটকীয় ৰূপৰ গল্প, “বাহিৰ ভিতৰ’’ বা “বক্তাৰ বিপদ’’ আদি প্ৰকাশিত হৈছিল। মিত্ৰদেৱ মহন্ত, কমলেশ্বৰ চলিহা, মুনীন্দ্ৰনাথ বৰকটকী, শ্ৰীশ্ৰীৰাম দাস আদি সাহিত্যিকৰ গল্পই ’গল্প চিৰিজ’ত ঠাই পাইছিল। উইলিয়াম চিদনী পোৰ্টাৰৰ এটা গল্পৰ আধাৰত লিখা লক্ষেশ্বৰ শৰ্মাৰ “দানশীল দম্পতী’’, টলষ্টয়ৰ ৰচনাৰ আৰ্হিত লিখা “বুঢ়াতকৈ ল’ৰা জ্ঞানী’’, চিৰিকাভৰ অনুকৰণত লিখা “দন’’ ইংৰাজ কবি ক’লৰিজৰ ৰচনাৰ ঠাঁচত লিখা “বুঢ়া নাৱিক’’ মিত্ৰদেৱ মহন্তৰ “বিহু চোলা’’, কমলেশ্বৰ চলিহাৰ “পিশাচৰ প্ৰেম’’, শ্ৰীশ্ৰীৰাম দাসৰ “শামূকৰ পেটত মাণিক’’ মুনীন্দ্ৰ বৰকটকীৰ “অভাগিনীৰ ধন’’ আদি গল্প চিৰিজৰ উল্লেখনীয় লেখা।৩

তথ্যসূত্ৰ

  1. ↑ সম্পাদকৰ বক্তব্য, গল্প চিৰিজ, প্ৰথম বছৰ, প্ৰথম সংখ্যা, ১৯৩০ চন
  2. ↑ অসমৰ সংবাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন, প্ৰসন্ন কুমাৰ ফুকন, পৃ:নং; ১৩০, প্ৰকাশক: অশ্বিনীকুমাৰ বৰঠাকুৰ, মধুপ্ৰকাশ, ১৯৯৪
  3. ↑ অসমৰ সংবাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন, প্ৰসন্ন কুমাৰ ফুকন, পৃ:নং; ১৩০, প্ৰকাশক: অশ্বিনীকুমাৰ বৰঠাকুৰ, মধুপ্ৰকাশ, ১৯৯৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গল্প চিৰিজ” প্ৰবন্ধৰ সংশোধন ৪১৪৫৬৩ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।