বঙালী গ্ৰন্থ
১৩ প্ৰবন্ধ
-
দেৱদাস
দেৱদাস শৰৎচন্দ্ৰ চট্টোপাধ্যায় ৰচিত এটি বঙালী ভাষাৰ উপন্যাস। ইয়াৰ মুখ্য চৰিত্ৰত থকা পাৰ্ব্বতী বা পাৰোৰ, দেৱদাসৰ প্ৰতি থকা গভীৰ অনুৰাগ, উৎকৃষ্ট প্ৰেমৰ উদাহৰণ। শৰৎচন্দ্ৰ চট্টোপাধ্যায় ১৯০০ চনত দেৱদাস ৰচনা সমাপ্ত কৰে যদিও ১৭ বছৰ পিছত অৰ্থাৎ ১৯১৭ চনত উপন্যাস প্ৰকাশিত কৰা হয়।
-
আনন্দমঠ
আনন্দমঠ উনবিংশ শতিকাৰ বিখ্যাত সাহিত্যিক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত এটি বঙালী উপন্যাস। ইয়াক বঙালী আৰু ভাৰতীয় সাহিত্যৰ অন্যতম গুৰুত্বূপূৰ্ণ উপন্যাস হিচাপে আখ্যা দিয়া হৈছে। ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্ আনন্দমঠ উপন্যাসৰ অংশ।
-
গীতাঞ্জলি (কাব্যগ্ৰন্থ)
গীতাঞ্জলি (গীতাঞ্জলি; Gitanjali) ৰবীন্দ্ৰনাথ ঠাকুৰে বাংলা ভাষাত ৰচনা কৰা এখন কাব্যগ্ৰন্থ। এইখন ১৫৭টা গীতিকবিতাৰ সংকলন। এইবিলাক মূলত: ভক্তিমূলক ৰচনা আৰু কবি আৰোপিত সুৰত অধিকাংশই গীত হৈ আছে। ১৯০৮-০৯ চনত ৰচিত এই কবিতাবিলাক ১৯১০ চনত গীতাঞ্জলি গ্ৰন্থাকাৰে প্ৰকাশিত হয়।
-
শ্ৰীকৃষ্ণকীৰ্তন
শ্ৰীকৃষ্ণকীৰ্তন এখন প্ৰাচীন নাট্যধৰ্মী গীতিকাব্য। ইয়াত মুঠ ১৩টা খণ্ড আৰু ৪১৮ টা গীত আছে। এই গ্ৰন্থখনৰ কবি বড়ু চণ্ডীদাস। গ্ৰন্থখন উদ্ধাৰ কৰিছিল বঙালী পণ্ডিত বসন্তৰঞ্জন ৰায়ে। বাঁকুৰা জিলাৰ এজন ব্ৰাহ্মণৰ ঘৰত এই পুথিখন উদ্ধাৰ হয়।
-
কপালকুণ্ডলা
কপালকুণ্ডলা ১৮৬৬ চনত প্ৰকাশিত এটি বঙালী ভাষাৰ উপন্যাস। সাহিত্য সম্ৰাট বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ইয়াৰ ৰচিয়তা। কপালকুণ্ডলাক বঙালী সাহিত্যত সাৰ্থক প্ৰেমৰ প্ৰথম উপন্যাস হিচাপে ইয়াক আখ্যা দিয়া হৈছে। কপালকুণ্ডলা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়দেৱ ৰচিত দ্বিতীয়খন উপন্যাস
-
ন হন্যতে
ন হন্যতে মৈত্ৰেয়ী দেৱীয়ে লিখা ১৯৭৪ চনত প্ৰকাশিত এখন আত্মজীৱনীমূলক উপন্যাস। এই উপন্যাসৰ বাবেই লেখিকাই ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। ৰোমানীয় দাৰ্শনিক মিৰ্চা এলিয়েডে লিখা তেওঁলোকৰ সম্পৰ্ক ভিত্তিক উপন্যাস লা নুই বেঙ্গলীৰ প্ৰতিক্ৰিয়া স্বৰূপে এই উপন্যাসত মৈত্ৰেয়ী দেৱীয়ে নিজৰ বিবৃতি তুলি…
-
পাগলী, তোমাৰ সঙ্গে
পাগলী, তোমাৰ সঙ্গে হৈছে বঙালী কবি জয় গোস্বামীৰ ৪৩টা কবিতাৰ সংকলন, যি জানুৱাৰী ১৯৯৪-ত আনন্দ প্ৰকাশনদ্বাৰা প্ৰকাশিত হৈছিল। ২০০০ চনত, এইখন কাব্য সংকলনৰ বাবে জয় গোস্বামীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
পুনশ্চ (কাব্য সংকলন)
পুনশ্চ হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এখন কাব্য সংকলন। এইখন কাব্য সংকলন ১৯৩২ চনত প্ৰকাশিত হৈছিল। এই কাব্য সংকলনৰ অন্তৰ্গত কবিতাসমূহৰ যোগেদি তেওঁ মানৱ জীৱন আৰু মৃত্যু সম্পৰ্কীয় মানুহৰ সমস্যাসমূহ ব্যক্ত কৰিছিল। এই কাব্য সংকলনখনত মুঠ ৫০টা কবিতা আছে।
-
বিষাদ সিন্ধু
বিষাদ সিন্ধু ( Ocean of Sorrow; বিষাদ সিন্ধু) হৈছে প্ৰথম আধুনিক বাংলা ছিয়া লেখক আৰু ঔপন্যাসিক মিৰ মোছাৰফ হুছেইনৰ বাংলা মহাকাব্য উপন্যাস। বাংলা সাহিত্যৰ কেন্দ্ৰীয় গ্ৰন্থ হিচাপে গণ্য কৰা আৰু হুছেইনৰ উত্তম সাহিত্যিক কৃতিত্ব হিচাপে গণ্য কৰা এই উপন্যাসখনত মুহাম্মদৰ নাতি-নাতিনীৰ জীৱনৰ ছিয়া সংস্কৰণৰ…
-
অৰণ্যেৰ অধিকাৰ
অৰণ্যেৰ অধিকাৰ (প্ৰথম প্ৰকাশ:১৯৭৭) হ'ল মহাশ্বেতা দেৱী ৰচিত বাংলা উপন্যাস। এইখন উপন্যাসৰ বাবে মহাশ্বেতা দেৱীয়ে ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনত ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ জীৱন আৰু যুদ্ধৰ বৰ্ণনা কৰা হৈছে।
-
গণদেবতা
গণদেবতা হ'ল বাংলা ভাষাৰ অন্যতম কথাসাহিত্যিক তাৰাশংকৰ বন্দ্যোপাধ্যায় ৰচিত এখন বিখ্যাত আৰু জনপ্ৰিয় উপন্যাস। ১৯৪২ খ্ৰীষ্টাব্দত প্ৰকাশিত মহাকাব্যিক পটভূমিৰ এই উপন্যাসখনৰ বিষয়বস্তু বিভাজনোত্তৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা আৰু স্বাধীনতা আন্দোলন তথা ঔদ্যোগীকৰণৰ পৰিপ্ৰেক্ষিতত গ্ৰাম্য সমাজৰ বিৱৰ্তন।
-
প্যাৰাডক্সিক্যাল ছাজিদ
প্যাৰাডক্সিক্যাল ছাজিদ (প্যাৰাডক্সিক্যাল সাজিদ) হৈছে বাংলাদেশী লেখক আৰিফ আজাদৰ দ্বাৰা ৰচিত ইছলাম বিষয়ক উপন্যাসৰ ধাৰাবাহিক। ইছলামিক বিশ্বাসৰ বিৰুদ্ধে বিভিন্ন প্ৰশ্নৰ উত্তৰত সাজিদ নামৰ চৰিত্ৰ এটাৰ টীকাত সজোৱা চুটিগল্পৰ সংকলন।
-
হ য ব ৰ ল (বাংলা গ্ৰন্থ)
হ য ব ৰ ল (বাংলা: হ য ব ব় ল), হ'ল সুকুমাৰ ৰায়ৰদ্বাৰা ৰচিত এখন শিশু ৰম্য ৰচনা। হ জ ব ৰ লক বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ ননছেন্স (বাংলাত আজেবাজে) গল্প হিচাপে গণ্য কৰা হয়। ইয়াৰ ধাৰা, কলাত্মক যোগ্যতা আৰু শৈলীক উজ্জ্বল কৰিবলৈ ইয়াক সঘনাই এলিছ ইন ৱাণ্ডাৰলেণ্ডৰ সৈতে তুলনা কৰা হয়।