অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ক'লা আকুহী বগ

ক'লা আকুহী বগ (Red-naped Ibis বা Indian Black Ibis, বৈজ্ঞানিক নাম-Pseudibis papillosa) ভাৰত উপমহাদেশত বিস্তৃত হৈ থকা এবিধ জলচৰ প্ৰজাতিৰ চৰাই৷

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

ক'লা আকুহী বগ১ (Red-naped Ibis বা Indian Black Ibis, বৈজ্ঞানিক নাম-Pseudibis papillosa) ভাৰত উপমহাদেশত বিস্তৃত হৈ থকা এবিধ জলচৰ প্ৰজাতিৰ চৰাই৷

বিৱৰণ

ক'লা আকুহী বগ মধ্যমীয়া আকাৰৰ জলচৰ চৰাই৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৬৮ ছে:মি:, ডেউকাৰ দৈৰ্ঘ্য ৩৮ ছে;মি: আৰু নেজ ১৬-১৯ ছে:মি দীঘল হয়৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন প্ৰায় একে হয়৷ পূৰ্ণবয়স্ক ক'লা আকুহী বগৰ ঠোঁট দীঘল, মোকোটা খোৱা আৰু ক'লা বৰণৰ হয়৷ মূৰ অংশ ক'লা আৰু তাতে ৰঙচুৱা দাগ থাকে৷ ইয়াৰ ডেউকাৰ পাখিত কিছু বগা দাগ থাকে আৰু উৰন্ত অৱস্থাত ই স্পষ্ট হৈ উঠে৷ ইয়াৰ নেজ ক'লা বৰণৰ ৷ ক'লা আকুহী বগৰ চকু কমলা বা ৰঙা হোৱা দেখা যায়৷

পোৱালি ক'লা আকুহী বগৰ দেহটো গাঢ় মটীয়া বৰণৰ হোৱা দেখা যায়৷

বিতৰণ

ত এটা ক'লা আকুহী বগ]]

ক'লা আকুহী বগ সমগ্ৰ ভাৰত উপমহাদেশতে বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক প্ৰধানকৈ ভাৰত, পাকিস্তান, নেপাল, বাংলাদেশ তথা চীনত দেখা পোৱা যায়৷ খেতি-পথাৰৰ পৰা হানিকাৰক পোক-পতংগ বাচি খাই বাবে ইয়াক 'খেতিয়কৰ বন্ধু' বুলিও অভিহিত কৰা হয়৷

বাসস্থান

ক'লা আকুহী বগে সাধাৰণতে হ্ৰদ, নৈৰ কাষৰীয়া অঞ্চল, পানী-পূৰ্ণ খেতি-পথাৰ আদিত চৰে৷ ই জাকপাতি চৰিবলৈ পছন্দ কৰে৷

আচৰণ

ক'লা আকুহী বগ সাধাৰণতে খাদ্যৰ সন্ধান কৰোঁতে নীৰৱে থাকে৷ কিন্তু গধূলি জিৰণি লোৱাৰ পৰত ই যথেষ্ট হুলস্থুলীয়া হৈ পৰে৷ ইয়াৰ মাত ডাঙৰ৷

খাদ্য

ই প্ৰধানকৈ উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খাদ্য হিচাপে গ্ৰহণ কৰে৷ প্ৰাণীৰ ভিতৰত পোক-পতংগ, ফৰিং, মকৰা আদিয়ে প্ৰধান৷ ঋতু অনুযায়ী ইয়াৰ খাদ্য বেলেগ বেলেগ হয়৷

প্ৰজনন

ক'লা আকুহী বগে উত্তৰ ভাৰত মাৰ্চৰ পৰা অক্টোবৰ পৰ্যন্ত প্ৰজনন কৰে৷ ই নগৰ বা গাঁৱৰ দাঁতিকাষৰীয়া অঞ্চলৰ গছৰ ডালত বাহ সাজে৷

তথ্যসূত্ৰ

  1. ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384

সম্পৰ্কিত শ্ৰেণী

বকঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'লা আকুহী বগ” প্ৰবন্ধৰ সংশোধন ৫৪০৬৬৬ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।