অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ক'ভিড-১৯ বৈশ্বিক মহামাৰী

২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ প্ৰকোপ বা ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰী (2019–20 coronavirus pandemic) হৈছে বৰ্তমান বিশ্বজুৰি চলি থকা ক'ৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ক'ৰ'না ভাইৰাছ ৰোগ ২০১৯ৰ ঘটনা।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৪৯৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ প্ৰকোপ বা ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰী (2019–20 coronavirus pandemic) হৈছে বৰ্তমান বিশ্বজুৰি চলি থকা ক'ৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ ঘটনা।১ এই ৰোগৰ কাৰক হ'ল SARS-CoV-2 যি ২০১৯ বৰ্ষত চীনৰ হুবেই প্ৰান্তৰ ৱুহান চহৰত প্ৰথম চিনাক্ত হৈছিল। ২০২০ বৰ্ষৰ ১১ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই এই ঘটনাক বৈশ্বিক মহামাৰী হিচাপে ঘোষণা কৰিছে।২ ২০২০ বৰ্ষৰ ১৯ এপ্ৰিললৈ ২.২৪ মিলিয়নতকৈও অধিক লোক ইয়াৰ চিকাৰ হৈছে। ২০৯খন ৰাষ্ট্ৰ আৰু উপনিৱেশ এই প্ৰকোপৰ কবলত পৰিছে, ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, স্পেইন, চীন, কোৰিয়া আৰু ইৰানত ইয়াৰ প্ৰভাৱ সৰ্বাধিক। সমগ্ৰ বিশ্বত ইতিমধ্যে ১,৫৩,০০০তকৈ অধিক লোকৰ মৃত্যু ঘটিছে আৰু প্ৰায় ৫,৬৮,০০০ ৰোগীয়ে আৰোগ্য লাভ কৰিছে।৩৪

এই ভাইৰাছ প্ৰাথমিকভাৱে ইনফ্লুৱেঞ্জাৰ দৰেই হাঁচি আৰু কাহৰ দ্বাৰা সোঁচৰে।৫৬ এই বীজাণু সংক্ৰমিত হোৱাৰ পৰা সাধাৰণতে পাঁচ দিন, কেতিয়াবা দুইৰ পৰা ১৪ দিন শৰীৰত সুপ্ত অৱস্থাত থাকে, তাৰ পিছতহে ৰোগৰ লক্ষণবোৰে দেখা দিয়ে।৬৭ জ্বৰ, কাহ আৰু উশাহ ঘন হোৱা আদিয়েই হৈছে ৰোগৰ প্ৰাথমিক লক্ষণ।৬৭ জটিল অৱস্থাত নিউমনিয়া আৰু শ্বাস ৰোগৰ (acute respiratory distress syndrome) লক্ষণে দেখা দিয়ে। বৰ্তমান এই ৰোগৰ প্ৰতিষেধক বা বিশেষ ভাইৰাছনাশক চিকিৎসা উপলব্দ নহয়, যদিও ঔষধৰ অনুসন্ধান কৰি থকা হৈছে। বৰ্তমান ৰোগৰ লক্ষণসমূহ নিৰাময় আৰু সহায়কাৰী চিকিৎসাহে প্ৰদান কৰা হয়। হাত ধোৱা, আক্ৰান্ত লোকৰ পৰা আঁতৰত থকা আৰু সন্দেহজনক ব্যক্তিক নিৰীক্ষণ কৰা তথা ১৪ দিনলৈকে আচুতীয়াকৈ ৰখা আদি সুৰক্ষামূলক ব্যৱস্থাৰ দ্বাৰা এই ৰোগ সোঁচৰাত কিছু বাধা দিব পাৰি।৮৬

মৃত্যু

ৰোগৰ লক্ষণ দেখা দিয়াৰ ৬ পৰা ৪১ দিন, গড়ে ১৪ দিনৰ পিছত কিছু ৰোগীৰ মৃত্যু হোৱা দেখা যায়।৭

৫ মাৰ্চ ২০২০ লৈ এই ৰোগৰ আক্ৰমণত ৩,২০০ তকৈও অধিক লোকৰ মৃত্যু ঘটিছে। চীনৰ NHCৰ তথ্য মতে, মৃত্যহোৱা সকলৰ অধিকাংশই বয়সিয়াল ৰোগী – প্ৰায় ৮০% মৃত ৰোগীৰ বয়স ৬০ তকৈ অধিক, আৰু ৭৫% মৃত ৰোগীৰ পূৰ্বৰে পৰা হৃদ−ৰোগ আৰু মধুমেহ (diabetes)ৰ দৰে ৰোগত আক্ৰান্ত আছিল।৯

২০২০ চনৰ ৯ জানুৱাৰীত চীনৰ য়ুহানত প্ৰথমজন ৰোগীৰ মৃত্যু ঘটিছিল।১০ চীনৰ বাহিৰত ফিলিপাইনত প্ৰথমজন ৰোগীৰ মৃত্যু ঘটিছিল,১১১২ আৰু এছিয়াৰ বাহিৰত পেৰিছত প্ৰথমজন ৰোগীৰ মৃত্যু হৈছিল।১৩ ২৮ ফেব্ৰুৱাৰী ২০২০ৰ মতে, মূল চীনৰ বাহিৰত ইৰান, দক্ষিণ কোৰিয়া আৰু ইটালীত ডজনৰ অধিক লোকৰ মৃত্যু ঘটিছে।১৪১৫১৬ উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া, ছানমেৰিন’ স্পেইন আৰু ইৰাকতো কিছু লোকৰ মৃত্যু ঘটিছে১৭

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে ২০২০ চনৰ ৩ মাৰ্চলৈকে এই ৰোগৰ মৃত্যু হাৰ গোলকীয়ভাৱে ৩.৪% (চীনৰ বাহিৰত ১.৬%)।১৮১৯

উৰা বাতৰি আৰু ভুল তথ্য

কোনো প্ৰমাণ নথকাকৈয়ে,২০ অনলাইন ভূৱা প্ৰচাৰ চলিছে যে, যিসকল লোকে মাংস খাই, তেওঁলোকহে কৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। টুইটাৰত "#NoMeat_NoCoronaVirus" বুলি লেখা প্ৰকাশ কৰাৰ ধাৰা এটাও আৰম্ভ হোৱা দেখা গৈছে।২১ এনে দাবী অসাৰ প্ৰতিপন্ন কৰি কমি যোৱা বিক্ৰী পুনৰ ঘূৰাই আনিবলৈ হায়দৰাবাদৰ কিছু পশুপালকৰ অনুষ্ঠানে এখন "কুকুৰা আৰু কণী মেলা" আয়োজন কৰে। তেলেংগানাৰ বহু ৰাজ্যিক মন্ত্ৰী ইয়াত উপস্থিত হৈ কণী আৰু ভজা মাংস গ্ৰহণ আৰু বিতৰণ কৰি উদ্যোগ সমূহৰ প্ৰতি তেওঁলোকৰ সমৰ্থন প্ৰদৰ্শন কৰে।২২

ভাৰতৰ কিছুমান ঠাই, যেনে দিল্লী, পুনে, বেংগালুৰু আদি নগৰত উত্তৰ-পূব ভাৰতৰ পৰা অহা লোক আৰু ছাত্ৰ ছাত্ৰীৰ লগত ভাইৰাছৰ বাবে বৈষম্য কৰা হৈছে বুলি অভিযোগ উঠিছে।

স্বামী চক্ৰপানী আৰু সুমন হৰিপ্ৰিয়াৰ দৰে একাংশ ৰাজনৈতিক নেতাই দাবী কৰিছে যে গোমূত্ৰ সেৱন আৰু গোবৰেৰে গা ধুলে কৰ'না ভাইৰাছ ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।২৩২৪ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথনে এনে দাবী অমূলক বুলি কোৱাৰ লগতে ভুল তথ্য প্ৰচাৰ কৰা বাবে এনে নেতাসকলক সমালোচনা কৰে।২৫

বাহ্যিক সংযোগ

Government health agencies

Data and maps

তথ্যসূত্ৰ

  1. ↑ Coronavirus disease 2019. বিশ্ব স্বাস্থ্য সংস্থা
  2. ↑ (11 March 2020). WHO Director-General's opening remarks at the media briefing on COVID-19 – 11 March 2020. বিশ্ব স্বাস্থ্য সংস্থা
  3. ↑ Coronavirus COVID-19 Global Cases. Johns Hopkins University
  4. ↑ www.worldometers.info/coronavirus/
  5. ↑ (27 February 2020). Getting your workplace ready for COVID-19. World Health Organization
  6. ↑ (10 February 2020). Symptoms of Novel Coronavirus (2019-nCoV). CDC.gov. US Centers for Disease Control and Prevention)
  7. ↑ Rothan, Hussin A.; Byrareddy, Siddappa N. (26 February 2020). The epidemiology and pathogenesis of coronavirus disease (COVID-19) outbreak. Journal of Autoimmunity. পৃ. 102433
  8. ↑ (11 February 2020). Q&A on coronaviruses. WHO.int. বিশ্ব স্বাস্থ্য সংস্থা
  9. ↑ (5 February 2020). Coronavirus: Window of opportunity to act, World Health Organization says. BBC News
  10. ↑ (23 January 2020). Coronavirus Death Toll Climbs in China, and a Lockdown Widens. The New York Times
  11. ↑ Holm, Phil; Moritsugu, Ken. Where the virus has spread. Associated Press
  12. ↑ Ramzy, Austin; May, Tiffany. (2 February 2020). Philippines Reports First Coronavirus Death Outside China. The New York Times
  13. ↑ (15 February 2020). Coronavirus Live Updates: First Death Outside Asia Reported in France. The New York Times
  14. ↑ (24 February 2020). Legislator from Iran's Qom alleges virus coverup. Al Jazeera. Government of Qatar
  15. ↑ (24 February 2020). 코로나바이러스감염증-19 국내 발생 현황(일일집계통계, 9시 기준)
  16. ↑ (24 February 2020). Coronavirus, sette morti in Italia, 229 contagi. Le vittime di oggi hanno tutte più di 80 anni. La Repubblica
  17. ↑ News, B. N. O. (18 February 2020). Tracking coronavirus: Map, data and timeline. BNO News
  18. ↑ (3 March 2020). Coronavirus disease 2019 (COVID-19) Situation Report 43. World Health Organization
  19. ↑ WHO Director-General's opening remarks at the media briefing on COVID-19 - 3 March 2020. www.who.int
  20. ↑ Brueck, Hilary. 14 bogus claims about the coronavirus, including a fake coconut-oil cure and a false link to imported packages. Business Insider
  21. ↑ 'No Meat, No Coronavirus' Makes No Sense. The Wire
  22. ↑ Amid COVID-19 fears, KTR relishes chicken and eggs to dispel rumours. The New Indian Express
  23. ↑ Coronavirus: Can cow dung and urine help cure the novel coronavirus?. Times of India
  24. ↑ Novel coronavirus can be cured with gaumutra, gobar claims Assam BJP MLA Suman Haripriya. Firstpost
  25. ↑ Novel Coronavirus Outbreak: “India’s Response And Surveillance Has Been Quite Robust,” Says WHO’s Chief Scientist. NDTV

সম্পৰ্কিত শ্ৰেণী

আধুনিক ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'ভিড-১৯ বৈশ্বিক মহামাৰী” প্ৰবন্ধৰ সংশোধন ৫৯৮১৮২ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।