অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ইফিজেনিয়া

ইফিজেনিয়া (/ɪfɪˈdʒɪ.nɪə/; ইংৰাজী: Iphigenia) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত ৰজা আগামেমনন আৰু ৰাণী ক্লাইটেমনেষ্ট্ৰাৰ কন্যা আৰু সেই দিশৰ পৰা মাইচেনাৰ ৰাজকুমাৰী আছিল। কাহিনী অনুসৰি আগামেমননে ট্ৰজান যুদ্ধলৈ যোৱাৰ পথত আৰ্টিমিচৰ এটা পবিত্ৰ হৰিণ হত্যা কৰি দেৱীক ক্ষুণ্ণ কৰে।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ইফিজেনিয়া (/ɪfɪˈdʒɪ.nɪə/; ইংৰাজী: Iphigenia) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত ৰজা আগামেমনন আৰু ৰাণী ক্লাইটেমনেষ্ট্ৰাৰ কন্যা আৰু সেই দিশৰ পৰা মাইচেনাৰ ৰাজকুমাৰী আছিল।

কাহিনী অনুসৰি আগামেমননে ট্ৰজান যুদ্ধলৈ যোৱাৰ পথত আৰ্টিমিচৰ এটা পবিত্ৰ হৰিণ হত্যা কৰি দেৱীক ক্ষুণ্ণ কৰে। দেৱীয়ে ইয়াৰ প্ৰতিশোধ স্বৰূপে গ্ৰীক সৈন্যক ট্ৰয়ত উপস্থিত হোৱাত বাধা প্ৰদান কৰে আৰু যদিহে আগামেমননে নিজৰ ডাঙৰ কন্যা ইফিজেনিয়াক বলিদান হিচাপে হত্যা কৰিলেহে বাধা আঁতৰ কৰিব বুলি কয়। এই শ্ৰুতিকথাৰ কিছুমান সংস্কৰণত অলিছত ইফিজেনিয়াৰ মৃত্যু হয় আৰু কিছুমান সংস্কৰণত আৰ্টিমিচে তেওঁক উদ্ধাৰ কৰে।১ ৰক্ষা পৰা কাহিনীত তেওঁ টাউৰিয়ানসকলৰ ওচৰলৈ যায় আৰু তেওঁৰ ভাতৃ অৰেষ্টেছক লগ পায়।২

কিংবদন্তি

গ্ৰীক কিংবদন্তি অনুসৰি গ্ৰীক সকলে ট্ৰয়ৰ বিৰুদ্ধে যুদ্ধৰ বাবে প্ৰস্তুতি চলাবলৈ অলিছত সমবেত হোৱাৰ সময়ত ইফিজেনিয়াৰ আবিৰ্ভাৱ হয়। ইয়াত গ্ৰীকসকলৰ নেতা আগামেমননে আৰ্টিমিচ দেৱীৰ পবিত্ৰ বাগিচা এখনত হৰিণ চিকাৰ কৰে।৩ আৰ্টিমিচে বতাহৰ শক্তি ব্যৱহাৰ কৰি আগামেমননক শাস্তি দিয়ে, যাতে আগামেমননৰ গ্ৰীক সেনাই ট্ৰয়লৈ যাত্ৰা কৰিব নোৱাৰে। গ্ৰীক পুৰোহিত কালচাছে আগামেমননক কয় যে আৰ্টিমিচক সন্তুষ্ট কৰিবলৈ তেওঁ নিজৰ ডাঙৰ জীয়ৰী ইফিজেনিয়াক বলি দিব লাগিব। প্ৰথমতে তেওঁ এই কথাত সন্মতি নিদিয়ে যদিও অন্য সেনাপতিসকলৰ হেঁচাত তেওঁ সন্মতি দিবলৈ বাধ্য হয়।৩৪

একিলিছৰ সৈতে ইফিজেনিয়াৰ বিবাহ সম্পন্ন কৰাব বুলি মিছা কথা কৈ ইফিজেনিয়া আৰু তাইৰ মাতৃ ক্লাইটেমনেষ্ট্ৰাক অলিছলৈ মাতি অনা হয়। কাহিনীটোৰ কিছুমান সংস্কৰণত তেওঁলোকে সত্যটো উপলব্ধি কৰে, আনহাতে আন কিছুমানত ইফিজেনিয়াই শেষ মুহূৰ্তলৈকে নিজৰ আগতীয়া বলিদানৰ বিষয়ে অজ্ঞাত হৈ থাকে, মৃত্যুৰ মুহূৰ্তলৈকে বিশ্বাস কৰে যে তেওঁৰ বিবাহ অনুষ্ঠানৰ বাবে বেদীলৈ লৈ যোৱা হৈছে।

হাইজিনাছৰ ফেবুলেৰ দৰে কিছুমান সংস্কৰণৰ মতে ইফিজেনিয়াক বলি দিয়া নহয়।৪ কিছুমান সূত্ৰই দাবী কৰে যে বলিদানৰ মুহূৰ্তত আৰ্টেমিছে ইফিজেনিয়াক টাউৰিছলৈ লৈ গৈছিল আৰু দেৱীয়ে তেওঁৰ ঠাইত এটা হৰিণ৫ বা এটা ছাগলী এৰি থৈ গৈছিল।

তথ্যসূত্ৰ

  1. ↑ Nelson, Thomas J. (2022). Iphigenia in the Iliad and the Architecture of Homeric Allusion. TAPA. পৃ. 55–101
  2. ↑ Evans (1970), p. 141
  3. ↑ Siegel, Herbert. (1981). Agamemnon in Euripides' "Iphigenia at Aulis". Hermes. পৃ. 257–65
  4. ↑ Mortal women of the Trojan War: Iphigenia. Stanford University
  5. ↑ Pseudo-Apollodorus, Epitome of the Library 3.21

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইফিজেনিয়া” প্ৰবন্ধৰ সংশোধন ৪৯১০৪৪ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।