ভাৰতৰ দেশীয় ৰাজ্য
৬ প্ৰবন্ধ
-
কোচ বিহাৰ ৰাজ্য
কোচ বিহাৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত এখন প্ৰিন্সলি ষ্টেট বা কৰতলীয়া ৰাজ্য আছিল। এই ৰাজ্য বেংগল প্ৰেচিডেন্সীৰ ইষ্টাৰ্ণ ষ্টেটছ এজেঞ্চিৰ বেংগল ষ্টেট এজেঞ্চিৰ অংশ আছিল। এই ৰাজ্য হিমালয়ৰ ভূটানৰ দক্ষিণত বৰ্তমান ভাৰতৰ পশ্চিম বংগ ৰাজ্যত অৱস্থিত।
-
দেশীয় ৰাজ্য (ব্ৰিটিছ ভাৰত)
দেশীয় ৰাজ্যসমূহ (Princely state) আছিল ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ নামমাত্ৰ সাৰ্বভৌম আৰু ব্ৰিটিছ মুকুটৰ অধীনস্থ। ১৯২০ চনত মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰতীয়সকলৰ বাবে স্বৰাজক লক্ষ্য হিচাপে ঘোষণা কৰে আৰু ভাৰতৰ ৰজাসকলক দায়িত্বশীল চৰকাৰ স্থাপন কৰিবলৈ কয়।
-
মাৰৱাৰ
মাৰৱাৰ (Marwar) ভাৰতৰ ৰাজস্থান ৰাজ্যৰ পশ্চিম অংশত অৱস্থিত এক সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল। ইয়াক যোধপুৰ অঞ্চল বুলিও কোৱা হয়। ৰাজস্থানৰ বিখ্যাত থৰ মৰুভূমিও এই অঞ্চলত অৱস্থিত, যি পশ্চিমে পাকিস্তানৰ সিন্ধু প্ৰদেশলৈকে বিস্তৃত। এই অঞ্চলৰ স্থানীয় ভাষাটি হʼল মাৰোৱাৰী।
-
জম্মু আৰু কাশ্মীৰ (দেশীয় ৰাজ্য)
জম্মু আৰু কাশ্মীৰ অথবা কাশ্মীৰ আৰু জম্মু (Jammu and Kashmir) ১৮৪৬ চনৰ পৰা ১৮৫৮ চনলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে সহযোগী মিত্ৰতাত আবদ্ধ এখন দেশীয় ৰাজ্য আছিল। ১৮৫৮ চনৰ পৰা ১৯৪৭ চনৰ ভাৰত বিভাজনলৈকে আৰু এক বিবাদিত অঞ্চলত পৰিণত হোৱা লৈকে ব্ৰিটিছ মুকুটৰ সৰ্বোচ্চতা বা সংৰক্ষণৰ অধীনত আছিল।
-
কলাত খানত
কলাত খানত (Khanate of Kalat) আছিল এখন ব্ৰাহুই খানত, যি পাকিস্তানৰ আধুনিক কালৰ বেলুচিস্তান প্ৰদেশৰ কেন্দ্ৰস্থলত গঠন হৈছিল। ১৬৬৬ চনত এই অঞ্চলত মোগল সম্প্ৰসাৰণৰ ভাবুকিৰ প্ৰতিক্ৰিয়া স্বৰূপে গঠন হোৱা এই ৰাজ্যখনে ১৮ শতিকাৰ মাজভাগত পশ্চিমে কেৰমানৰ পৰা পূবে সিন্ধলৈকে আৰু উত্তৰে হেলমণ্ড নদীৰ পৰা দক্ষিণে…
-
ত্ৰিপুৰা (দেশীয় ৰাজ্য)
ত্ৰিপুৰা ৰাজ্য বা হিল তিপ্পেৰা (Tripura state) ব্ৰিটিছ ভাৰতৰ আৰু ব্ৰিটিছৰ বিদায়ৰ পিছতো প্ৰায় দুবছৰ অস্তিত্ব থকা ভাৰতৰ এখন দেশীয় ৰাজ্য আছিল। ইয়াৰ শাসকসকল মাণিক্য বংশৰ আছিল আৰু ১৯৪৭ চনৰ আগষ্ট মাহলৈকে ৰাজ্যখন ব্ৰিটিছৰ সৈতে সহযোগী মিত্ৰতাত আবদ্ধ আছিল, যাৰ পৰা ভাৰতীয় স্বাধীনতা আইন ১৯৪৭ৰ দ্বাৰা…