কুট্টিপুঝা কৃষ্ণ পিল্লাই (মালয়ালম ভাষা: കുറ്റിപ്പുഴ കൃഷ്ണപ്പിള്ള; ১ আগষ্ট ১৯০০ – ১১ ফেব্ৰুৱাৰী ১৯৭১) আছিল এগৰাকী ভাৰতীয় পণ্ডিত, সাংবাদিক, দাৰ্শনিক, নাস্তিক আৰু মালয়ালম ভাষাৰ সমালোচক। এই ভাষাৰ বিশিষ্ট সাহিত্য সমালোচকসকলৰ ভিতৰত তেওঁ অন্যতম আছিল। সাহিত্য সমালোচনা আৰু দৰ্শন বিষয়ক তেওঁ কেইবাখনো কিতাপ ৰচনা কৰিছিল। তেওঁ কেৰালা সাহিত্য অকাডেমিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, কেৰালা ভাষা প্ৰতিষ্ঠানৰ উপদেষ্টা বোৰ্ডৰ পদেন সদস্য হিচাপে অধ্যক্ষতা কৰিছিল আৰু ছোভিয়েট লেণ্ড নেহেৰু বঁটা লাভ কৰিছিল।
জীৱনী
কৃষ্ণ পিল্লাইৰ জন্ম হৈছিল ১৯০০ চনৰ ১ আগষ্টত দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ ইৰ্নাকুলাম জিলাৰ পৰাভুৰ তালুকৰ এটা গাঁৱত। তেওঁৰ পিতৃ আছিল উৰুমানাক্কল শংকৰণ নাম্বুথিৰী আৰু মাতৃ কুৰুংগাট্টুৱীত্তিল দেৱাকী আম্মা। জন্মস্থান এই গাঁৱৰ নাম অনুসৰিয়েই তেওঁ নিজৰ নামৰ আগত 'কুট্টিপুঝা' উপাধি যোগ কৰিছিল।১ তেওঁ আয়ীৰুৰ প্ৰাথমিক বিদ্যালয় আৰু অলুৱাৰ চেইণ্ট মেৰীছ হাইস্কুলত স্কুলীয়া শিক্ষা লাভ কৰে। ১৯২১ চনত স্কুলীয়া চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পিছৰ বছৰত তেওঁ 'অলৱায়ী অদ্বৈত আশ্ৰম' বিদ্যালয়ত যোগদান কৰে। তেওঁ ১৯২৮ চনলৈকে এই বিদ্যালয়খনতে আছিল আৰু সেই সময়ছোৱাত নিজৰ পঢ়া-শুনা পুনৰ আৰম্ভ কৰি মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ 'বিদ্যান' পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ অলুৱাৰ ইউনিয়ন খ্ৰীষ্টিয়ান কলেজত মালয়ালম বিভাগৰ শিক্ষক হিচাপে যোগদান কৰে। চাকৰি কৰি থকা অৱস্থাতে ১৯৪০ চনত তেওঁ বি.অ’.এল. (BOL) ডিগ্ৰী লাভ কৰে। ১৯৬১ চনত অধ্যাপক পদৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে, ১৯৫৮ চনত তেওঁ কেৰালা বিশ্ববিদ্যালয়ৰ চিনেট সদস্য মনোনীত হৈছিল।১
জীৱনজুৰি চিৰকুমাৰ হৈ থকা কৃষ্ণ পিল্লায়ে ১৯৬৮-৭১ চনৰ সময়ছোৱাত কেৰালা সাহিত্য অকাডেমিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু কেৰালা ভাষা প্ৰতিষ্ঠানৰ উপদেষ্টা পৰিষদৰ এজন পদেন সদস্য আছিল।২ ইয়াৰ উপৰি তেওঁ পাঠ্যপুথি সমিতিৰ আহ্বায়ক আৰু শিশু সাহিত্য কৰ্মশালাৰ সঞ্চালকৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল। ১৯৭০ চনৰ শেষৰ দিনটোত অলুৱাত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়তে তেওঁ অচেতন হৈ পৰে আৰু তেওঁক অংগামালীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই ১৯৭১ চনৰ ১১ ফেব্ৰুৱাৰীত ৭০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।১
কৃতি আৰু সন্মান
কোট্টাৰাথিল শংকুন্নীৰ দৰে পূৰ্বৰ লেখকসকলৰ বৰ্ণনাত্মক গদ্যৰপৰা মালয়ালম সাহিত্যক আধুনিকতাৰ দিশে আগুৱাই লৈ যোৱা লেখকসকলৰ ভিতৰত কৃষ্ণ পিল্লাই অন্যতম আছিল বুলি জনা যায়।৩৪৫ তেওঁ প্ৰাচ্য আৰু প্ৰতীচ্য দৰ্শনৰ এজন গভীৰ পণ্ডিত আছিল আৰু দৰ্শনৰ ওপৰত লিখা তেওঁৰ 'বিচাৰ বিপ্লৱম' নামৰ কিতাপখনক বহুতে এক প্ৰভাৱশালী দৰ্শনশাস্ত্ৰৰ গ্ৰন্থ হিচাপে গণ্য কৰে।৬৭ তেওঁ এগৰাকী নাস্তিক আছিল আৰু নিজৰ ৰচনাৰ জৰিয়তে মালয়ালম ভাষাত বিভিন্ন দাৰ্শনিক মতবাদৰ পৰিচয় কৰাই দিছিল।৮ তেওঁৰ সামগ্ৰিক সৃষ্টিৰাজিক লৈ ১৯খন কিতাপ প্ৰকাশ পাইছে, যাৰ ভিতৰত কেৰালা সাহিত্য অকাডেমিৰদ্বাৰা প্ৰকাশিত কুট্টিপুঝায়ুদে প্ৰবন্ধংগল - তত্ত্বচিন্তা, কুট্টিপুঝায়ুদে প্ৰবন্ধংগল - সাহিত্যবিমৰ্শম আৰু কুট্টিপুঝায়ুদে প্ৰবন্ধংগল - নিৰীক্ষণম অন্যতম।৯ কবি চাংগাম্পুঝা কৃষ্ণ পিল্লাই তেওঁৰ পাণ্ডিত্যৰদ্বাৰা গভীৰভাৱে প্ৰভাবিত হৈছিল আৰু কবিয়ে নিজৰ যৱনিকা নামৰ কবিতাটো কৃষ্ণ পিল্লাইলৈ উৎসৰ্গা কৰিছিল।১০
কৃষ্ণ পিল্লায়ে ছোভিয়েট লেণ্ড নেহেৰু বঁটা লাভ কৰিছিল।১ তেওঁ কৰ্মজীৱনৰ সৰহভাগ সময় অতিবাহিত কৰা ইউনিয়ন খ্ৰীষ্টিয়ান কলেজে তেওঁৰ স্মৰণত বাৰ্ষিক বৃত্তি 'প্ৰফেচৰ কুট্টিপুঝা কৃষ্ণ পিল্লাই মেমৰিয়েল এণ্ডোমেণ্ট স্কলাৰশ্বিপ' আৰু এক বাৰ্ষিক বঁটা 'প্ৰফেচৰ কুট্টিপুঝা কৃষ্ণ পিল্লাই মেমৰিয়েল প্ৰাইজ' প্ৰৱৰ্তন কৰিছে।১১
নিৰ্বাচিত গ্ৰন্থপঞ্জী
- Krishna Pillai. Kuttipuzha. (1960). Chintha Tharangam. N.B.S
- Krishna Pillai, Kuttipuzha. (1990). Grandhaavalokam
- Krishna Pillai, Kuttipuzha. (1990). Kuttipuzhayude prabhandangal: saahityavimarsanam. 1
- Krishna Pillai, Kuttipuzha. Smarana manjari
অধিক পঢ়ক
- Unnikrishnan, K. N. (1998). Critical works of Kuttipuzha Krishna Pillai: a study. INFLIBNET
- B, Nair P. K. (1973). Kuttipuzha Krishnapillai. find.uoc.ac.in
বাহ্যিক সংযোগ
- (2019-04-15). Portrait commissioned by Kerala Sahitya Akademi. Kerala Sahitya Akademi
- (2019-04-15). Handwriting. Kerala Sahitya Akademi
- Ke. Vi Rāmakr̥ṣṇan. (2000). N.V. Krishna Warrior. Sahitya Akademi. পৃ. 103–. ISBN 978-81-260-0950-3
- Mervin Shinoj Boas. (2007). Encounter Between Marxian Philosophy and Theology of Humanisation in India. ISPCK. পৃ. 23–. ISBN 978-81-7214-984-0
তথ্যসূত্ৰ
- ↑ (2019-04-22). Biography on Kerala Sahitya Akademi portal. Kerala Sahitya Akademi portal
- ↑ (2019-04-22). Kerala Bhasha Institute - History. Kerala Bhasha Institute
- ↑ (5 April 2015). Birth Anniversary Celebrations. The New Express
- ↑ Amaresh Datta. (1988). Encyclopaedia of Indian Literature: Devraj to Jyoti. Sahitya Akademi. পৃ. 1226–. ISBN 978-81-260-1194-0
- ↑ P. P. Raveendran. (2002). Joseph Mundasseri. Sahitya Akademi. পৃ. 25–. ISBN 978-81-260-1535-1
- ↑ (2018-08-03). Remembering a legendary writer. The Hindu
- ↑ Sivasankari. (5 March 2017). Knit India Through Literature Volume 1 - The South. Pustaka Digital Media. পৃ. 168–
- ↑ K. M. George. (1992). Modern Indian Literature, an Anthology: Surveys and poems. Sahitya Akademi. পৃ. 251–. ISBN 978-81-7201-324-0
- ↑ (2019-04-22). List of works. Kerala Sahitya Akademi
- ↑ Es Guptannāyar. (2001). Changampuzha. Sahitya Akademi. পৃ. 17–. ISBN 978-81-260-1292-3
- ↑ (2019-04-22). Prof. Kuttipuzha Krishna Pillai Memorial Endowment Scholarship. UC College Department of Malayalam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুট্টিপুঝা কৃষ্ণ পিল্লাই” প্ৰবন্ধৰ সংশোধন ৬২১৮৯২ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।