অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিৰা মুৰাট'ভা

কিৰা সিঅৰ্হিয়ুইভনা মুৰাট'ভা (Kira Heorhiyivna Muratova; ৫ নৱেম্বৰ ১৯৩৪ – ৬ জুন ২০১৮) ছ'ভিয়েট সংঘ আৰু ইউক্ৰেনীয়ানৰ এগৰাকী পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালিকা, চিত্ৰনাট্যকাৰ আৰু অভিনেত্ৰী আছিল। এই পূৰ্বোত্তৰৰ স্লাভিকিয় নামটোৰ পিতৃৰ ফালৰ নাম হয় জৰ্জিয়ুইভনা আৰু পৰিয়ালৰ নাম হয় কৰটক'ভা/মুৰাট’ভা।

হালনাগাদ: ১ জুলাই ২০২৬ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কিৰা সিঅৰ্হিয়ুইভনা মুৰাট'ভা (Kira Heorhiyivna Muratova; ৫ নৱেম্বৰ ১৯৩৪ – ৬ জুন ২০১৮) ছ'ভিয়েট সংঘ আৰু ইউক্ৰেনীয়ানৰ এগৰাকী পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালিকা, চিত্ৰনাট্যকাৰ আৰু অভিনেত্ৰী আছিল। এই পূৰ্বোত্তৰৰ স্লাভিকিয় নামটোৰ পিতৃৰ ফালৰ নাম হয় জৰ্জিয়ুইভনা আৰু পৰিয়ালৰ নাম হয় কৰটক'ভা/মুৰাট’ভা। এওঁ অস্বাভাৱিক ধৰণৰ পৰিচালনাৰ বাবে বিখ্যাত আছিল। এওঁৰ চলচ্চিত্ৰসমূহ ছ'ভিয়েট সংঘত নিষিদ্ধ কৰা হৈছিল।১ মুৰাট'ভাই তেওঁৰ প্ৰায়খিনি শিল্পকৰ্মৰ কাম ওডেচ্ছাতে কৰি কটালে। তেখেতে স্থানীয় অভিনেতা-অভিনেত্ৰীক লৈ চলচ্চিত্ৰবোৰো স্থানীয় ষ্টুডিয়তে তৈয়াৰ কৰিছিল।২ এওঁৰ পিতৃ আৰু মাতৃ উভয়েই কমিউনিষ্ট বা সাম্যবাদী থকাৰ উপৰিও কমিউনিষ্ট দলৰ সকৃয় সদশ্য আছিল।

জীৱনী

জীৱনৰ প্ৰথম সময়ছোৱা আৰু জীৱিকা

কিৰা কৰটক'ভাৰ ১৯৩৪ চনত ৰোম দেশৰ চৰ'শা (এতিয়াৰ মলড'ভা) নামৰ এখন চহৰত জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল ৰাছিয়াৰ৩ আৰু মাতৃ আছিল ৰোমানিয়াৰ।৪৫ এওঁৰ পিতৃ, য়ুৰি কৰটক'ভে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফ্যাচিবাদৰ বিৰোধী গেৰিলা আন্দোনত ৰোমানীয়ান সৈন্যৰ হাতেৰে গেপ্তাৰ হৈছিল আৰু জেৰা কৰাৰ পাছত গুলীবদ্ধ হৈছিল। বিশ্বযুদ্ধৰ পাছত কিৰা তেওঁৰ মাকৰ লগত বুকাৰেষ্টত থাকিবলৈ ধৰিলে। কিৰাৰ মাক আছিল এগৰাকী স্ত্ৰীৰোগৰ বিশেষজ্ঞ আৰু পাছত তেওঁ সমাজতান্ত্ৰীক ৰোমানৰ চৰকাৰী কৰ্মজীৱন অবলম্বন কৰিছিল।

১৯৯৫ চনত কিৰাই চলচ্চিত্ৰৰ পৰিচালনা বিষয়ৰ ওপৰত মস্কোৰ জেৰাচিমভ ইনষ্টিটিউতৰ পৰা শিক্ষা লাভ কৰে। শিক্ষা সাং কৰি কৰটক'ভায়ে ওডেচ্ছাৰ কৃষ্ণ সাগৰৰ বন্দৰত থকা ওডেচ্ছা চলচ্চিত্ৰ ষ্টুডিঅ'ত এটি পৰিচালিকাৰ পদত নিযুক্তি হ'ল, যিটো তেখেতৰ নিজা ঠাই বেচ্চাৰাবিয়াৰ পৰা অতি ওচৰতে। এওঁ ১৯৬১ চনত প্ৰথম বাৰ বৃত্তিমূলক চলচ্চিত্ৰ পৰিচালনা কৰিছিল আৰু ষ্টুডিয়টোৰ লগত ১৯৭৮ চনলৈকে কাম কৰিছিল, কিন্ত পাছত বৃত্তিমূলক সংঘৰ্ষৰ পাছত এই ঠাই এৰি লেলিনগ্ৰেডলৈ স্থানান্তৰিত হ'ব লগিয়া হল। তাতে এওঁ এখন চলচ্চিত্ৰ তৈয়াৰ কৰিলে, কিন্তু পাছত পুনৰ ওডেচ্ছালৈ ঘূৰি গ'লগৈ। এই দেশৰ সমাজতান্ত্ৰিক বাস্তৱৰ আদৰ্শ মানি নছলা বাবে মুৰাট'ভাৰ চলচ্চিত্ৰ সমূহক বৈশিষ্ট্যগত ভাষাৰ কাৰণে ছ'ভিয়েটৰ কৰ্মকৰ্তাসকলে যথেষ্ট সমালোচনা কৰিছিল।৬ বহু বছৰ মুৰাট'ভাক চলচ্চিত্ৰ পৰিচালনাৰ বাবেও নিষিদ্ধ কৰা হৈছিল।৭

স্বীকৃতি আৰু পুৰস্কাৰ

২০১০ চনত মুৰাট’ভাই ওডেচ্ছা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ এটা ব্যক্তিগত মাষ্টাৰ ক্লাচ পৰিচালনা কৰাৰ সময়ত
২০১০ চনত মুৰাট’ভাই ওডেচ্ছা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ এটা ব্যক্তিগত মাষ্টাৰ ক্লাচ পৰিচালনা কৰাৰ সময়তছবি: Odessa International Film Festival · CC BY-SA 3.0

পেৰেষ্ট্ৰয়েকাৰৰ সময়তহে মুৰাট'ভাই প্ৰথম বাৰৰ বাবে ব্যাপকভাৱে জনসাধাৰণ স্বীকৃতি আৰু পুৰস্কাৰ পাবলৈ সমৰ্থ হৈছিল। ১৯৮৮ চনত ক্ৰেতেইল (ফ্ৰান্স)-ত হোৱা মহিলাৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ প্ৰথমবাৰৰ বাবে এওঁৰ ৰচনাৰ প্ৰদৰ্শন দেখুৱাইছিল। ১৯৪৪ চনৰ কাঁন চলচ্চিত্ৰ মহোৎসৱতৰ মাজত এওঁৰ 'এমং গ্ৰে স্ত'ন' চলচ্চিত্ৰখন 'আঁ চাৰটাঁ ৰগাড়' (Un Certain Regard) বিভাগত সন্মান দেখুৱাই দেখুৱা হৈছিল।৮

মুৰাট'ভাৰ পুৰস্কাৰসমূহ:

  • অৰদাৰ অফ প্ৰিন্স য়াৰ'স্লভ দ্যা ৱাইজ
  • অৰদাৰ অফ বন্ধুত্ব (ফ্ৰন্দচিপ্)
  • পিপ'লচ্ আৰটিষ্ট অফ ইউক্ৰেইন
  • ১৯৯৩ ছেভছেনক' জাতীয় পুৰস্কাৰ

তথ্যসূত্ৰ

  1. ↑ Gray, Carmen; Pyzik, Agata; Vivaldi, Giuliano. (13 June 2018). Kira Muratova: a tribute to the dazzling, controversial genius of Soviet and Ukrainian cinema. The Calvert Journal
  2. ↑ en.wikipedia.org/wiki/Shevchenko_National_Prize
  3. ↑ Jonathan Rosenbaum
  4. ↑ Illegal Communist Movement in Prewar Romania: Natalia Reznic Korotkova (1906–1981)
  5. ↑ Viața și moartea unui comunist basarabean Iuri Korotkov, tatăl Kirei Muratova
  6. ↑ Willinger, Isa (2013): "Circus Tricks and Eisenstein's 'Montage of Attractions': Traces of the Russian Film-Avant-garde in Muratova's Oeuvre".
  7. ↑ www.isawillinger.de/Chapter10.htm
  8. ↑ Festival de Cannes: Among Grey Stones. festival-cannes.com

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ ব্যক্তিচলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰা মুৰাট'ভা” প্ৰবন্ধৰ সংশোধন ৬১৫১৮৪ (১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।