ইউক্ৰেইনৰ ব্যক্তি
৭ প্ৰবন্ধ
-
কিৰা মুৰাট'ভা
কিৰা সিঅৰ্হিয়ুইভনা মুৰাট'ভা (Kira Heorhiyivna Muratova; ৫ নৱেম্বৰ ১৯৩৪ – ৬ জুন ২০১৮) ছ'ভিয়েট সংঘ আৰু ইউক্ৰেনীয়ানৰ এগৰাকী পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালিকা, চিত্ৰনাট্যকাৰ আৰু অভিনেত্ৰী আছিল। এই পূৰ্বোত্তৰৰ স্লাভিকিয় নামটোৰ পিতৃৰ ফালৰ নাম হয় জৰ্জিয়ুইভনা আৰু পৰিয়ালৰ নাম হয় কৰটক'ভা/মুৰাট’ভা।
-
মেৰিনা ভিয়াজভস্কা
মেৰিনা চেৰ্গিভনা ভিয়াজভস্কা ( ইউক্ৰেইন: Марина Сергіївна В'язовська; জন্ম ১৯৮৪) এগৰাকী ইউক্ৰেইনৰ গণিতজ্ঞ। তেওঁ গোলক সাজোনৰ (sphere packing) ওপৰত কৰা গৱেষণা কৰ্মৰ বাবে পৰিচিত। বৰ্তমান তেওঁ ছুইজাৰলেণ্ডৰ ইক'ল পলিটেকনিক ফেডাৰেল ডি ল'জানৰ গণিত প্ৰতিষ্ঠানৰ সংখ্যা তত্ত্ব আসনৰ অধ্যাপক।
-
কিয়েভৰ এন্নে
কিয়েভৰ এন্নে বা আন্না ইয়াৰস্লাভনা (প্ৰায় ১০৩০ – ১০৭৫) কিয়ভান ৰাছৰ এগৰাকী ৰাজকুমাৰী আছিল যিয়ে ১০৫১ চনত ৰজা প্ৰথম হেনৰীক বিয়া কৰাই ফ্ৰান্সৰ ৰাণী হৈছিল। ১০৬০ চনত হেনৰীৰ মৃত্যুৰ পাছত পুত্ৰ প্ৰথম ফিলিপ নাবালক হৈ থকাৰ বাবে,আন্না ইয়াৰস্লাভনায়ে ৰিজেণ্ট হিচাপে ৰাজ্য় শাসন কৰিছিল।
-
জুলিয়া ছানিনা
ইউলিয়া অলেকচেণ্ড্ৰিভনা বেবকো ( Yulioa Oleksandrivna Bebko; জন্ম: ১১ অক্টোবৰ ১৯৯০), যি পেছাগতভাৱে জুলিয়া ছানিনা নামেৰে পৰিচিত, এগৰাকী ইউক্ৰেইনীয় গায়িকা আৰু ইউক্ৰেইনৰ ৰক বেণ্ড দ্য হাৰ্ডকিছৰ আগশাৰীৰ মহিলা।
-
নাটালিয়া মেটলিনেটছ
নাটালিয়া মেটলিনেটছ (ইউক্ৰেনিয়ান: Наталія Матолінець; জন্ম:২০ ডিচেম্বৰ, ১৯৯০) এগৰাকী ইউক্ৰেনিয়ান ঔপন্যাসিক আৰু গল্প লেখক। তেওঁ ২০২৩ চনত ইএছএফএছ ক্ৰিচেলাছ বঁটা লাভ কৰিছিল।
-
নিকোলাই অষ্টৰভস্কি
নিকোলাই আলেক্মেভিচ অষ্ট্ৰয়ভষ্কি (Nicolai Alekseyevich Ostrovsky) হ'ল সমাজতান্ত্ৰিক বাস্তৱতা যুগৰ লেখক। নিকোলাই অষ্ট্ৰয়ভষ্কিৰ এখন বিখ্যাত উপন্যাস হ'ল 'পাগত উঠা তীখা' ( How the Steel was Tempered)। এই উপন্যাসখন বিশ্বৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে।
-
ভিক্টোৰিয়া এমেলিনা
ভিক্টোৰিয়া এমেলিনা ( Viktoria Amelina; ইউক্ৰেইনীয়: Вікторія Юріївна Амеліна; জন্ম: ১ জানুৱাৰী ১৯৮৬ – ১ জুলাই ২০২৩), এগৰাকী ইউক্ৰেনিয়ান ঔপন্যাসিক আৰু যুদ্ধ সম্পৰ্কীয় অপৰাধৰ গৱেষক আছিল। তেওঁ দুখন উপন্যাস আৰু এখন শিশু গ্ৰন্থ লেখিছে।