অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাটালিন কাৰিক'

কাটালিন কাৰিক (Karikó Katalin, উচ্চাৰণ-kɒrikoː kɒtɒlin; জন্ম ১৭ জানুৱাৰী ১৯৫৫) এগৰাকী হাংগেৰীয়ান-আমেৰিকান জৈৱ-ৰসায়নবিদ। তেওঁ ৰাইব'নিউক্লিক এচিড (RNA) মাধ্যমৰ প্ৰণালী বিশেষকৈ ইন্‌ ভিত্ৰ' পদ্ধতিৰে ট্ৰেন্সক্ৰাইব কৰা বাৰ্তাবহক আৰ এন এ (messenger RNA) যোগেৰে প্ৰ'টিন প্ৰতিস্থাপন চিকিৎসাত গৱেষণা কৰে।

হালনাগাদ: ৪ মাৰ্চ ২০২৪ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

কাটালিন কাৰিক (Karikó Katalin, উচ্চাৰণ-kɒrikoː kɒtɒlin; জন্ম ১৭ জানুৱাৰী ১৯৫৫) এগৰাকী হাংগেৰীয়ান-আমেৰিকান জৈৱ-ৰসায়নবিদ। তেওঁ ৰাইব'নিউক্লিক এচিড (RNA) মাধ্যমৰ প্ৰণালী বিশেষকৈ ইন্‌ ভিত্ৰ' পদ্ধতিৰে ট্ৰেন্সক্ৰাইব কৰা বাৰ্তাবহক আৰ এন এ (messenger RNA) যোগেৰে প্ৰ'টিন প্ৰতিস্থাপন চিকিৎসাত গৱেষণা কৰে। কাৰিক'ৱে বৈজ্ঞানিক সমাজৰ বাধা আৰু সন্দেহ সত্বেও mRNA প্ৰতিষেধকৰ বৈজ্ঞানিক ভিত্তি স্থাপন কৰে,১ যাৰ বাবে তেওঁ ২০২৩ চনত শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।২৩

কাৰিক' ২০০৬ চনৰ পৰা ২০১৩ চনলৈকে RNARxৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল।৪ ২০১৩ চনৰ পৰা তেওঁ BioNTech আৰ এন এ ফাৰ্মাচিউটিকেলছৰ সৈতে জড়িত হৈ আছে। প্ৰথমে উপ-সভাপতি হিচাপে আৰু ২০১৯ চনত জ্যেষ্ঠ উপ-সভাপতিলৈ পদোন্নতি লাভ কৰে। তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী সংলগ্ন অধ্যাপকো আছিল।৪ পাছলৈ হাংগেৰীৰ চেগেড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হয়।৫

কাৰিক'ই কৰ্মৰাজিৰ ভিতৰত RNA-মাধ্যমেদি ৰোগ-প্ৰতিৰোধ সক্ৰিয়কৰণৰ বৈজ্ঞানিক গৱেষণা অন্তৰ্ভুক্ত। ইয়াৰ ফলত আমেৰিকান ইম্যুন'ল'জিষ্ট ড্ৰু ৱাইছ্‌মেনৰ লগত আৰ এন এ-ৰ ৰোগ-প্ৰতিৰোধ সক্ৰিয়কৰণ বশ কৰা নিউক্লিঅ'চাইড পৰিৱৰ্তনৰ সহ-আৱিষ্কাৰ সম্ভৱ হয়। mRNAৰ চিকিৎসাগত দিশৰ ক্ষেত্ৰত এয়া পৰৱৰ্তী খোজ হিচাপে গণ্য কৰা হৈছে।৬ ৱেইছমেনৰ সৈতে মিলি তেওঁৰ হাতত নন-ইমিউন'জেনিক, নিউক্লিঅ'চাইড-পৰিৱৰ্তিত আৰ এন এ-ৰ প্ৰয়োগৰ বাবে আমেৰিকান পেটেণ্ট আছে। এই প্ৰযুক্তিক BioNTech আৰু Moderna ৰ দ্বাৰা তেওঁলোকৰ প্ৰ'টিন প্ৰতিস্থাপন প্ৰযুক্তি বিকশিত কৰিবলৈ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল যদিও ইয়াক তেওঁলোকৰ ক'ভিড-১৯ প্ৰতিষেধকৰ বাবেও ব্যৱহাৰ কৰা হৈছিল।৭

mRNA সম্পৰ্কীয় কামৰ বাবে কাৰিক' আৰু ৱেইছমেনে বহুতো বঁটা লাভ কৰিছে, য'ত ২০২৩ চনৰ শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা, লাস্কাৰ-ডিবেকি ক্লিনিকেল মেডিকেল ৰিচাৰ্চ বঁটা, টাইম আলোচনীৰ ২০২১ চনৰ নায়ক, আৰু ২০২২ চনত জৈৱ ঔষধ বিজ্ঞানৰ টাং বঁটা বঁটা আছে।

তথ্যসূত্ৰ

  1. ↑ Kolata, Gina. (8 April 2021). Kati Kariko Helped Shield the World From the Coronavirus. The New York Times
  2. ↑ The Nobel Prize in Physiology or Medicine 2023. NobelPrize.org
  3. ↑ (2023-10-02). Covid · Premio Nobel de Medicina 2023: qué es el ARN mensajero por el que premiaron a Katalin Karikó y Drew Weissman. BBC News Mundo
  4. ↑ /planning-committee/katalin-kariko/ Katalin Karikó. 8th International mRNA Health Conference
  5. ↑ (2 October 2023). Nobel Prize goes to scientists behind mRNA Covid vaccines. BBC News
  6. ↑ Kollewe, Julia. (21 November 2020). Covid vaccine technology pioneer: 'I never doubted it would work'. The Guardian
  7. ↑ Garde, Damian; Saltzman, Jonathan. (10 November 2020). The story of mRNA: From a loose idea to a tool that may help curb Covid. STAT

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা বিজয়ীহাংগেৰীৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাটালিন কাৰিক'” প্ৰবন্ধৰ সংশোধন ৪০৯৬৫২ (৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।