হাংগেৰীৰ ব্যক্তি
৬ প্ৰবন্ধ
-
ফেৰেণ্টচ ক্ৰাউচ
ফেৰেণ্টচ ক্ৰাউচ ( Ferenc Krausz; জন্ম: ১৭ মে' ১৯৬২) এগৰাকী হাংগেৰীয়ান-অষ্ট্ৰিয়ান পদাৰ্থবিজ্ঞানী। তেওঁৰ গৱেষণাৰ বিষয় হৈছে এট'ছেকেণ্ড বিজ্ঞান। তেওঁ মেক্স প্লেংক ইনষ্টিটিউট অৱ কোৱাণ্টাম অপটিক্সৰ পৰিচালক আৰু জাৰ্মানীৰ মিউনিকৰ লুডৱিগ মেক্সিমিলিয়ান বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানৰ অধ্যাপক।
-
কাটালিন কাৰিক'
কাটালিন কাৰিক (Karikó Katalin, উচ্চাৰণ-kɒrikoː kɒtɒlin; জন্ম ১৭ জানুৱাৰী ১৯৫৫) এগৰাকী হাংগেৰীয়ান-আমেৰিকান জৈৱ-ৰসায়নবিদ। তেওঁ ৰাইব'নিউক্লিক এচিড (RNA) মাধ্যমৰ প্ৰণালী বিশেষকৈ ইন্ ভিত্ৰ' পদ্ধতিৰে ট্ৰেন্সক্ৰাইব কৰা বাৰ্তাবহক আৰ এন এ (messenger RNA) যোগেৰে প্ৰ'টিন প্ৰতিস্থাপন চিকিৎসাত গৱেষণা কৰে।
-
ঝা ঝা গাবৰ
ঝা ঝা গাবৰ (জন্ম: চাৰি গাবৰ; ৬ ফেব্ৰুৱাৰী ১৯১৭ – ১৮ ডিচেম্বৰ ২০১৬) এগৰাকী হাংগেৰীয়ান-আমেৰিকান ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ আৰু অভিনেত্ৰী আছিল। তেওঁৰ ভনীয়েকসকল আছিল ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ মাগদা গাবৰ আৰু অভিনেত্ৰী তথা ব্যৱসায়ী ইভা গাবৰ।
-
ব্লাংকা টেলিকি
কাউণ্টেছ ব্লাংকা টেলিকি ডি চেক ( Countess Blanka Teleki de Szék), জন্ম: ৫ জুলাই ১৮০৬ চন – মৃত্যু: ২৩ অক্টোবৰ ১৮৬২ চন; আছিল হাংগেৰীৰ এগৰাকী সম্ভ্ৰান্ত মহিলা, শিক্ষাবিদ আৰু মহিলা অধিকাৰৰ হকে কাম কৰা সমাজ কৰ্মী। তেওঁক আৰম্ভণিৰ নাৰীবাদী আন্দোলন আৰু মহিলাৰ শিক্ষাৰ পথ-প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়।
-
মাৰিয়া উইটনাৰ
মাৰিয়া উইটনাৰ (গাজদাগ-উইটনাৰ; ৯ জুন ১৯৩৭ – ১৪ ছেপ্টেম্বৰ ২০২২) ১৯৫৬ চনৰ হাংগেৰিয়ান বিপ্লৱত অংশগ্ৰহণ কৰা এগৰাকী হাংগেৰী বিপ্লৱী আৰু ৰাজনীতিবিদ আছিল।
-
মাৰ্গিট আন্না
মাৰ্গিট আন্না ( Margit Anna; ২৩ ডিচেম্বৰ ১৯১৩ – ৩ জুন ১৯৯১), জন্মৰ নাম মাৰ্গিট ছিচাৰমেন আছিল আৰু তেওঁ আছিল বিংশ শতিকাৰ হাংগেৰীৰ এগৰাকী চিত্ৰশিল্পী। অতিবাস্তৱবাদৰ প্ৰভাৱৰ লগতে সাহসী ৰং আৰু টেক্সচাৰ ব্যৱহাৰ কৰি তেওঁৰ শিল্পকৰ্মক বিমূৰ্ত অভিব্যক্তিবাদ বুলি গণ্য কৰা হৈছিল।