অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কমফোৰ্ট ৱুমেন

কমফোৰ্ট ৱুমেন বা কমফোৰ্ট গাৰ্ল (Comfort Women) আছিল দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে আৰু সাম্ৰাজ্যবাদী জাপানী সেনাই দখল কৰা দেশ আৰু ভূখণ্ডত যৌন দাসত্বত আকোৱালি ল’বলৈ বাধ্য কৰোৱা মহিলা আৰু ছোৱালী।

হালনাগাদ: ১৭ অক্টোবৰ ২০২৩ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কমফোৰ্ট ৱুমেন বা কমফোৰ্ট গাৰ্ল (Comfort Women) আছিল দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে আৰু সাম্ৰাজ্যবাদী জাপানী সেনাই দখল কৰা দেশ আৰু ভূখণ্ডত যৌন দাসত্বত আকোৱালি ল’বলৈ বাধ্য কৰোৱা মহিলা আৰু ছোৱালী। ১ ২ "কমফোৰ্ট ৱ’মেন" শব্দটো জাপানী ইয়ানফু শব্দৰ (慰安婦)ৰ অনুবাদ, ৩ যাৰ আক্ষৰিক অৰ্থ হৈছে "সুখ, সান্ত্বনা দিয়া মহিলা"। ৪

কিমানগৰাকী মহিলা ইয়াৰ সৈতে জড়িত আছিল সেই সম্পৰ্কে বেলেগ বেলেগ অনুমান কৰা হয়। বেছিভাগ ইতিহাসবিদৰ মতে কমফোৰ্ট ৱুমেনৰ সংখ্যা ৫০,০০০–২০০,০০০ৰ ভিতৰত;[8] সঠিক সংখ্যাৰ ওপৰত এতিয়াও গৱেষণা আৰু বিতৰ্ক চলি আছে। ৫ ৬ বেছিভাগ মহিলাই কোৰিয়া, চীন আৰু ফিলিপাইনকে ধৰি অধীকৃত দেশৰ আছিল। সামৰিক "কমফোৰ্ট ষ্টেচন"ৰ বাবে ব্যৱহাৰ কৰা মহিলাসকলো ম্যানমাৰ, থাইলেণ্ড, ফৰাচী ইণ্ডোচাইনা, মালয়, মানচুকুও, টাইৱান (তেতিয়াৰ জাপানৰ ওপৰত নিৰ্ভৰশীল দেশ), ডাচ ইষ্ট ইণ্ডিজ, পৰ্তুগীজ টিম’ৰ, ৭ পাপুৱা নিউ গিনি ৮ ( কিছুমান জাপানী-পাপুৱানকে ধৰি) ৯ আৰু অন্যান্য জাপান অধীকৃত ভূখণ্ডৰ পৰা আহিছিল। ১০ জাপান, চীন, ফিলিপাইনছ, ইণ্ডোনেছিয়া, মালয়, থাইলেণ্ড, বাৰ্মা, নিউ গিনি, হংকং, মাকাউ আৰু ফৰাচী ইণ্ডোচাইনাত কমফোৰ্ট ষ্টেচনসমূহ অৱস্থিত আছিল। ১১ নেদাৰলেণ্ড ১২ আৰু অষ্ট্ৰেলিয়াৰো কম সংখ্যক ইউৰোপীয় মূলৰ মহিলা ইয়াত জড়িত হৈ পৰিছিল; য’ত ডাচ্চ মহিলাৰ সংখ্যাই প্ৰায় ২০০–৪০০ আছিল। ১৩ আন ইউৰোপীয় মহিলাৰ সংখ্যা অজ্ঞাত।

মূলতঃ যুদ্ধকালীন ধৰ্ষণৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ, যিটো অধীকৃত ভূখণ্ডত জাপান বিৰোধী আৱেগ বৃদ্ধিৰ কাৰণ আছিল আৰু সৈনিকসকলক যৌন চাহিদা পূৰণ কৰিবলৈ এই বেশ্যালয়সমূহ স্থাপন কৰা হৈছিল। ১৪ কিন্তু ধৰ্ষণ আৰু যৌন ৰোগ হ্ৰাস কৰাৰ লক্ষ্য থকাৰ পিছতো কমফোৰ্ট ষ্টেচনসমূহে ধৰ্ষণক আৰু অধিক ভয়াৱহ কৰি তুলিছিল আৰু যৌন ৰোগৰ বিস্তাৰ বৃদ্ধি কৰিছিল। ১৫ বহু মহিলাক জোৰ-জবৰদস্তি কৰা হৈছিল বেশ্যালয়ত কাম কৰিবলৈ। সাক্ষ্য অনুসৰি সাম্ৰাজ্যবাদী জাপানী শাসনৰ অধীনত থকা দেশসমূহত কিছুমান যুৱতীক ঘৰৰ পৰা অপহৰণ কৰা হৈছিল। জাপানী মহিলাসকল প্ৰথমে সামৰিক বেশ্যালয়ৰ দাসত্বৰ বলি হৈছিল আৰু সমগ্ৰ জাপান, অ’কিনাৱা, জাপানৰ উপনিবেশ আৰু অধীকৃত ভূখণ্ড আৰু বিদেশৰ যুদ্ধক্ষেত্ৰ সমূহলৈ সৰবৰাহ কৰা হৈছিল। বহু ক্ষেত্ৰত সামৰিক বাহিনীৰ বাবে মহিলা ক্ৰয় কৰাৰ দায়িত্ব দিয়া স্থানীয় মধ্যভোগীয়ে তেওঁলোকক কাৰখানা বা ৰেষ্টুৰেণ্টত কাম কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিছিল। কিছুমান ক্ষেত্ৰত সমতা আৰু মহিলাৰ বাবে উচ্চ শিক্ষাৰ পৃষ্ঠপোষকতাৰ অপপ্ৰচাৰ চলোৱা হৈছিল। আন আন প্ৰলোভনৰ ভিতৰত আছিল আউটপোষ্ট বা জাপানী সেনা ঘাটিত নাৰ্চৰ চাকৰিৰ বাবে ভুৱা বিজ্ঞাপন। এবাৰ নিযুক্তি পোৱাৰ পিছত তেওঁলোকক নিজৰ দেশৰ বা বিদেশৰ কমফোৰ্ট ষ্টেচনত আবদ্ধ কৰি ৰখা হৈছিল। কমফোৰ্ট ৱ’মেনৰএক উল্লেখযোগ্য সংখ্যক মহিলা নাবালক আছিল। ১৬

তথ্যসূত্ৰ

  1. ↑ The Asian Women's Fund. Who were the Comfort Women?-The Establishment of Comfort Stations. Digital Museum The Comfort Women Issue and the Asian Women's Fund. The Asian Women's Fund
  2. ↑ The Asian Women's Fund. Hall I: Japanese Military and Comfort Women. Digital Museum The Comfort Women Issue and the Asian Women's Fund. The Asian Women's Fund
  3. ↑ Soh 2009
  4. ↑ (December 14, 2018). The Origins and Implementation of the Comfort Women System
  5. ↑ Asian Women's Fund, পৃ. 10–11
  6. ↑ Huang 2012
  7. ↑ Coop, Stephanie. (December 23, 2006). Japan's Wartime Sex Slave Exhibition Exposes Darkness in East Timor. Japan Times
  8. ↑ (September 21, 1999). "Japanese Troops Took Locals as Comfort Women": International. Pacific Islands Report
  9. ↑ The Consolation Unit: Comfort Women at Rabaul, Hank Nelson, The Australian National University–Research School of Pacific and Asian Studies, retrieved October 26, 2009
  10. ↑ Reuters 2007-03-05
  11. ↑ (October 7, 2013). Documents detail how Imperial military forced Dutch females to be 'comfort women'. Japan Times
  12. ↑ "Comfort Woman" Ellen van der Ploeg passed away
  13. ↑ Gottschall, Jonathan. (May 2004). Explaining wartime rape. Journal of Sex Research. পৃ. 129–36
  14. ↑ Norma, Caroline. (2015). The Japanese Comfort Women and Sexual Slavery during the China and Pacific Wars (War, Culture and Society). Bloomsbury Academic. পৃ. 1. ISBN 978-1472512475
  15. ↑ (April 17, 2007). Press Conference: Latest research on Japan's military sexual slavery ("comfort women")
  16. ↑ Argibay 2003, পৃ. 376

সম্পৰ্কিত শ্ৰেণী

পতিতাবৃত্তিযৌন নিৰ্যাতননাৰীৰ বিৰুদ্ধে হিংসা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমফোৰ্ট ৱুমেন” প্ৰবন্ধৰ সংশোধন ৩৮৭৮১১ (১৭ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।