অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কবিতা বালাকৃষ্ণণ

কবিতা বালাকৃষ্ণণ (Kavitha Balakrishnan; জন্ম ১ জুন ১৯৭৬) এগৰাকী কলা সমালোচক, কবি, সমসাময়িক কলা গৱেষক, চিত্ৰশিল্পী আৰু কলা কিউৰেটৰ। ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈকে কলেজ অৱ ফাইন আৰ্টছ ত্ৰিবেন্দ্ৰমত কলা ইতিহাসৰ প্ৰবক্তা হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰে। পাছলৈ তেওঁ আৰ.এল.ভি.

হালনাগাদ: ৫ জুলাই ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

কবিতা বালাকৃষ্ণণ (Kavitha Balakrishnan; জন্ম ১ জুন ১৯৭৬) এগৰাকী কলা সমালোচক, কবি, সমসাময়িক কলা গৱেষক, চিত্ৰশিল্পী আৰু কলা কিউৰেটৰ।১ ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈকে কলেজ অৱ ফাইন আৰ্টছ ত্ৰিবেন্দ্ৰমত কলা ইতিহাসৰ প্ৰবক্তা হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰে। পাছলৈ তেওঁ আৰ.এল.ভি. থ্ৰিপপুনিথুৰাত কলেজ অৱ মিউজিক এণ্ড ফাইন আৰ্টছ আৰু মুম্বাইৰ নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (এনআইএফটি)ত অতিথি অধ্যাপক হিচাপে বক্তৃতা দিছিল। বালাকৃষ্ণণ বৰ্তমান ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিছুৰত থকা চৰকাৰী ললিত কলা মহাবিদ্যালয়ত কলা ইতিহাস আৰু নান্দনিকতাৰ প্ৰবক্তা।

একাডেমিক কেৰিয়াৰ

বালাকৃষ্ণণে‍ ১৯৯৮ চনত বৰোদাৰ মহাৰাজ ছায়াজিৰাও বিশ্ববিদ্যালয়ৰ পৰা ললিত কলাৰ ইতিহাস আৰু নান্দনিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ মালয়ালম সাময়িকীত সাহিত্যমুখী চিত্ৰকলাৰ অনুশীলনৰ বিষয়ে‍ গৱেষণামূলক থিচিচ প্ৰস্তুত কৰে আৰু তাৰ বাবে তেওঁ ২০০৯ চনত কোট্টায়মৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰে।

বঁটা

১৩ বছৰ বয়সত তেওঁ চিত্ৰকলাৰ বাবে ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰাৰ লগতে গ্ৰীষ্মকালটো ইউক্ৰেইনৰ (পূৰ্বৰ ছোভিয়েট ইউনিয়ন) কৃষ্ণ সাগৰৰ ক্ৰিমিয়াৰ উপকূলত আৰ্টেক (শিবিৰ)ৰ আন্তঃৰাষ্ট্ৰীয় যুৱ অগ্ৰগামী শিবিৰত কটায়।

তেওঁৰ কেৰালাথিলে চিত্ৰকালায়ুদ বৰ্থমানম গ্ৰন্থখনে ২০০৭ চনত ললিত কলা একাডেমীৰ পৰা মালয়ালম ভাষাৰ কলা বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ ৰাজ্যিক বঁটা লাভ কৰিছিল।২

চিত্ৰকলাৰ প্ৰদৰ্শনী

দলীয় প্ৰদৰ্শনী

  • ‘হাইড এণ্ড চিক্’৩ গেলেৰী অ’ইডি, কোচি, ২০০৮।
  • 'ল'মেচিন' গেলেৰী অ'ইডি, কোচি, ২০০৯।
  • ত্ৰিকানা মাটিলকম পৰুলুকাল: সমসাময়িক কলা প্ৰকল্প, মথিলকম ২০১৫।৪

একক প্ৰদৰ্শনী

১.কণ্টেম্পৰেৰী আৰ্ট গেলেৰী, কেৰেলা ললিথ কালা একাডেমীৰ পৃষ্ঠপোষকতাত শ্ব'। ১৯৯৭।

তথ্যসূত্ৰ

  1. ↑ ഹരിതകം - മലയാള കവിതാ ജാലിക. Harithakam.com
  2. ↑ (17 May 2007). Lalithakala Akademi awards announced. দ্য হিন্দু
  3. ↑ MediaoneTV Live. (22 September 2010). Vilson Koozhoor and Kavitha Balakrishnan as guests in Morning Show
  4. ↑ MediaoneTV Live. (2 October 2015). Vilson Koozhoor and Kavitha Balakrishnan as guests in Morning Show. ইউটিউব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতা বালাকৃষ্ণণ” প্ৰবন্ধৰ সংশোধন ৬১৫৯০৮ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।