গুজৰাট
১৫ প্ৰবন্ধ
-
গুজৰাটী থিয়েটাৰ
গুজৰাটী থিয়েটাৰে (Gujarati theatre) গুজৰাটী অথবা ইয়াৰ উপভাষাসমূহত নাট মঞ্চস্থ কৰা থিয়েটাৰক বুজায়। গুজাৰাটী থিয়েটাৰ সাধাৰণতে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মুম্বাই, আহমেদাবাদ, বৰোদা, সুৰাত আদি চহৰত তথা গুজাৰাটী লোকৰ বসতি থকা, বিশেষকৈ উত্তৰ আমেৰিকা আদিত প্ৰদৰ্শিত হয়।
-
ভৱাই
ভৱাই (Bhavai) হ’ল পশ্চিম ভাৰতৰ গুজৰাটৰ এবিধ জনপ্ৰিয় লোকনাট্য। ইয়াক বেশ বা স্বং নামেৰেও জনা যায়।
-
সোমনাথ মন্দিৰ
সোমনাথ মন্দিৰ ভাৰতৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰতীৰত গুজৰাট ৰাজ্যত অৱস্থিত এটি পবিত্ৰ তীৰ্থস্থান। সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত ভগৱান শিৱৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত সোমনাথৰ স্থান প্ৰথম বুলি শিৱৰ আৰাধক সকলে গণ্য কৰে। বৰ্তমান সোমনাথ মন্দিৰ গুজৰাটৰ অন্যতম পৰ্যটনস্থলী।
-
আখ্যান
আখ্যান (Akhyan) এক পৰম্পৰাগত সঙ্গীতিক থিয়েটাৰ তথা গুজৰাটী আৰু ৰাজস্থানী কবিতাৰ এক মধ্যযুগীয় শৈলী। ভাৰতৰ ৰাজস্থান আৰু গুজৰাটত এনে ধৰণৰ আখ্যান প্ৰচলিত আছিল।
-
ৰাণী কি বাৱ
ৰাণী কি বাৱ (Rani ki Vav) ভাৰতৰ গুজৰাট ৰাজ্যৰ পাটন চহৰত অৱস্থিত এক ঐতিহাসিক স্থল। আক্ষৰিক ভাবে ৰাণী কি বাৱৰ অৰ্থ হৈছে 'ৰাণীৰ খটখটিযুক্ত কুঁৱা'। এই স্থল সৰস্বতী নদীৰ পাৰত অৱস্থিত। একাদশ শতিকাৰ চৌলুক্য ৰজা ভীম প্ৰথমৰ পত্নী উদয়মতী ইয়াক নিৰ্মাণ কৰাইছিল বুলি কোৱা হয়।
-
নাগেশ্বৰ মন্দিৰ
নাগেশ্বৰ মন্দিৰ ভাৰতৰ গুজৰাট ৰাজ্যত অৱস্থিত হিন্দুসকলৰ এক অন্যতম ধৰ্মীয় পীঠস্থান। গুজৰাটৰ জামনগৰত অৱস্থিত এই মন্দিৰৰ শিৱলিংগক সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম বুলি বিবেচনা কৰা হয়।
-
ঐতিহাসিক চহৰ আহমদাবাদ
ঐতিহাসিক চহৰ আহমদাবাদ বা পুৰণি আহমেদাবাদ ভাৰতৰ এখন দেৱালযুক্ত চহৰ, ১৪১১ চনত গুজৰাট চুলতানীৰ প্ৰথম আহমদ শ্বাহে প্ৰতিষ্ঠা কৰিছিল। ই ছয় শতিকাজুৰি গুজৰাট ৰাজ্যৰ ৰাজধানী হিচাপে কাম কৰি পিছলৈ গুজৰাটৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু বাণিজ্যিক কেন্দ্ৰত পৰিণত হয়।
-
কচ্ছ এম্ব্ৰইডাৰী
কচ্ছ এম্ব্ৰইডাৰী (Kutch Embroidery) হৈছে ভাৰতৰ গুজৰাটৰ কচ্ছ জিলাৰ জনজাতীয় সম্প্ৰদায়ৰ এক হস্তশিল্প আৰু স্বাক্ষৰ বহনকাৰী বস্ত্ৰ কলাৰ পৰম্পৰা। ইয়াৰ সমৃদ্ধ ডিজাইনৰ এই এম্ব্ৰইডাৰীয়ে ভাৰতীয় এম্ব্ৰইডাৰী পৰম্পৰাত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
-
জুনাগড়
জুনাগড় গুজাৰাট ৰাজ্যত অৱস্থিত এখন জিলা। ‘জুনা’ শব্দৰ অৰ্থ প্ৰাচীন আৰু ‘গড়’ মানে দুৰ্গ। নবাবৰ শাসনাধীন জুনাগড় ১৯৪৮ চনত গণভোটৰ জৰিয়তে ভাৰতৰ অন্তৰ্ভুক্ত কৰা হয়। এই জুনাগড়তে আছে ইতিহাস প্ৰসিদ্ধ জুনাগড় দুৰ্গ। গিৰিনাৰ নামৰ এটা অনুচ্চ পাহাৰৰ ওপৰত জুনাগড় দুৰ্গ অৱস্থিত।
-
ডিউ দ্বীপ
ডিউ দ্বীপ বা দিউ দ্বীপ হৈছে গুজৰাটৰ কাঠিয়াৱাৰ উপদ্বীপৰ দক্ষিণ উপকূলত থকা এটা দ্বীপ, যিটো মূল ভূখণ্ডৰ পৰা জোৱাৰ-ভাটাৰ খালৰ দ্বাৰা পৃথক। ইয়াৰ আয়তন ৩৮ কিলোমিটাৰ বৰ্গফুট, আৰু জনসংখ্যা ৪৪,১১০ (২০০১ চনৰ লোকপিয়ল)।
-
ধোকলা
ধোকলা (Dhokla) ভাৰতৰ গুজৰাট আৰু ওচৰৰ ৰাজ্যৰ কিছু অংশত প্ৰচলিত এবিধ পাৰম্পৰিক নিৰামিষ ব্যঞ্জন। চাউলৰ গুৰি আৰু মাটিমাহৰ গুৰি পানীৰ সৈতে মিহলাই কিণ্বন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত ধোকলা তৈয়াৰ কৰা হয়। ধোকলা মূলতঃ ৰাতিপুৱাৰ আহাৰ। ইয়াক মুখ্য অহাৰ হিচাপে, গৌণ ব্যঞ্জন হিচাপে বা জলপান হিচাপে খাব পাৰি।
-
পিৰাম দ্বীপ
পিৰাম দ্বীপ বা পিৰাম বেট আৰব সাগৰৰ কেম্বে উপসাগৰৰ এটা দ্বীপ যি ভাৰতৰ গুজৰাট ৰাজ্যৰ ভৱনগৰ জিলাৰ অন্তৰ্গত। লাইটহাউচৰ কেম্পাছৰ বাহিৰেও এই দ্বীপটো ব্যক্তিগত মালিকানাধীন।
-
সংখেড়া আচবাব
সংখেড়া আচবাব (Sankheda furniture) ভাৰতৰ গুজৰাটৰ চেগুন কাঠৰ ৰঙীন আচবাব। এই আচবাব সমূহ লাৰে ৰং কৰা হয় আৰু পৰম্পৰাগতভাৱে উজ্জ্বল গাঢ় ৰঙা আৰু সোণালী ৰং কৰা হয়। ইয়াক গুজৰাটৰ ছোটা উদয়পুৰ জিলাৰ সংখেড়া গাঁৱত প্ৰস্তুত কৰা হয় আৰু এই গাঁৱৰ নামৰ পৰা ইয়াৰ নাম আহিছে।
-
হোদকা
হোদকা ভাৰতৰ গুজৰাট ৰাজ্যৰ কচ্ছ জিলাৰ এখন গাঁও। ই জিলা সদৰ ভুজৰ পৰা প্ৰায় ৬৩ কিলোমিটাৰ দূৰত অৱস্থিত। গাঁওখনৰ নাম গুজৰাটী ভাষাৰ হোদি শব্দৰ পৰা অহা বুলি কোৱা হয়। এই শব্দৰ অৰ্থ নাও। হোদকা কচ্ছৰ বান্নী তৃণভূমি অঞ্চলৰ এখন গুৰুত্বপূৰ্ণ সাংস্কৃতিক গাঁও।
-
ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক
ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক বা ৰাষ্ট্ৰীয় নিমখ সত্যাগ্ৰহ স্মাৰক (National Salt Satyagraha Memorial) বা দাণ্ডী স্মাৰক ভাৰতৰ গুজৰাটৰ ডাণ্ডী নামৰ এখন গাঁৱত অৱস্থিত এক স্মৃতিসৌধ। এই স্মাৰকৰ দ্বাৰা লোণ সত্যাগ্ৰহৰ অংশগ্ৰহণকাৰীসকলক সন্মান জনোৱা হয়।