অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলি আভৰাম

এলি আভৰাম (Elli Avram; পূৰ্বে এলিজাবেট আভৰামিড; ২৯ জুলাই, ১৯৯০) বৰ্তমান ভাৰতৰ মুম্বাইত বসবাস কৰা এগৰাজী চুইডিছ গ্ৰীক অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত আৰু মিকী ভাইৰাছ নামৰ বোলছবিৰ জৰিয়তে বলিউডত খোজ পেলাব। তেওঁ বৰ্তমান টেলিভিজনৰ অনুষ্ঠান বিগ্‌ বছৰ সপ্তম চিজনত অংশগ্ৰহণ কৰিছে।

হালনাগাদ: ১৬ আগষ্ট ২০২৫ ৩৯০ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

এলি আভৰাম (Elli Avram; পূৰ্বে এলিজাবেট আভৰামিড; ২৯ জুলাই, ১৯৯০১) বৰ্তমান ভাৰতৰ মুম্বাইত বসবাস কৰা এগৰাজী চুইডিছ গ্ৰীক অভিনেত্ৰী।২ তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত আৰু মিকী ভাইৰাছ নামৰ বোলছবিৰ জৰিয়তে বলিউডত খোজ পেলাব। তেওঁ বৰ্তমান টেলিভিজনৰ অনুষ্ঠান বিগ্‌ বছৰ সপ্তম চিজনত অংশগ্ৰহণ কৰিছে।৩

প্ৰাৰম্ভিক জীৱন

১৯৯০ চনৰ ২৯ জুলাইত চুইডেনৰ ষ্টকহ'মত এলি আভৰামৰ জন্ম হয়। তেওঁৰ গ্ৰীক পিতৃ জেনিছ আভৰামিডিছ এজন সংগীতজ্ঞ আৰু তেওঁৰ চুইডীয় মাতৃ মাৰিয়া গ্ৰেনল্ড এগৰাজী প্ৰখ্যাত অভিনেত্ৰী। মাৰিয়া গ্ৰেনল্ডে ইংমাৰ বাৰ্গমেনৰ অস্কাৰ বিজয়ী বোলছবি "ফেনী অণ্ড আলেকজেণ্ডাৰ" অভিনয় কৰিছিল।২ এলিয়ে ষ্টকহ'মৰ ফ্ৰান্স চাৰ্টাউ হাইস্কুলত সমাজ-অৰ্থনীতিত শিক্ষা গ্ৰহণ কৰে। সৰুৰে পৰা তেওঁ ফিগাৰ স্কেটিং, গান গোৱা আৰু নৃত্যৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ মাক আৰু চুইডেনতে এখন থিয়েটাৰ পৰিচালনা কৰা মাহীয়েকৰ পৰা অভিনয়ৰ শিক্ষা লাভ কৰে।২

কৰ্মজীৱন

এলিয়ে চুইডেনত কেইটামান অভিনয় প্ৰকল্পত অংশগ্ৰহণ কৰিছিল।২ তাৰ ভিতৰত ২০০৮ চনৰ ডিচেম্বৰত মুক্তি পোৱা অপৰাধিক-ৰোমাণ্টিক বিষয়ৰ বোলছবি Förbjuden Frukt উল্লেখযোগ্য য'ত তেওঁ মুখ্য ভূমিকাৰ শিল্পীজনৰ বান্ধৱী Selen-ৰ ভাও লৈছিল। অপৰাধ জগতৰ ছবি প্ৰতিফলিত কৰা চলচ্চিত্ৰখনত এলিয়ে পূৰ্ব অপৰাধী এজনৰ প্ৰেমত পৰে।৪

২০১০ চনত এলিয়ে মিছ্‌ গ্ৰীছ সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লয়।৫ তেওঁ চুইডিছ টেলিভিজন চিৰিজ Gomorron Sverigeতো ভূমুকি মাৰে।

২০১২ চনৰ ছেপ্তেম্বৰত৬ বলিউডত অভিনয় কেৰিয়াৰ প্ৰতিষ্ঠাৰ বাবে এলিয়ে মুম্বাইলৈ ঢাপলি মেলে। হিন্দী বোলছবিত অভিনয় কৰাৰ সিদ্ধান্তৰ বিষয়ে তেওঁ আলোচনী এখনৰ সৈতে হোৱা সাক্ষাৎকাৰত এনেদৰে কৈছিল, "চৈধ্য বছৰ বয়সত..., মোৰ কোঠাত এটা টিভি আছিল আৰু ম‌ই চাৰিঘণ্টীয়া "দেৱদাস" চিনেমাখন (শ্বাহৰুখ খান আৰু ঐশ্বৰ্যা ৰায় অভিনিত) চাইছিলোঁ। সেই গোটেই সময়ছোৱা ম‌ই লৰচৰ কৰা নাছিলোঁ। ম‌ই ভাবিছিলোঁ,'ময়ো তেনেদৰে নাচিব আৰু গাব খোজোঁ। ম‌ই বলিউডৰ বোলছবিত অভিনয় কৰিম। '" তেওঁ লাভ কৰা প্ৰথম গুৰুত্বপূৰ্ণ টিভি বিজ্ঞাপনটো আছিল অভিনেতা অক্ষয় কুমাৰৰ সৈতে এভাৰে'ডী ইণ্ডাষ্ট্ৰিজৰ বাবে।৭

অৱশেষত তেওঁ সৌৰভ বাৰ্মাৰ হাস্য-থ্ৰিলাৰ বোলছবি মিকী ভাইৰাছত নায়িকাৰ ভূমিকাত অভিনয়ৰ সুযোগ লাভ কৰে।৮ হিন্দী ভাষা ক'ব নোৱাৰা বাবে বলিউডৰ ছবিত সুযোগ পোৱাটো তেওঁত বাবে কঠিন আছিল। এই বিষয়ে এলিয়ে কয়,"মিকী ভাইৰাছৰ বাবে অ'ডিচন দিয়াৰ আগতে ম‌ই পৰিচালকক মোলৈ চিত্ৰনাট্যখন পঠিয়াই দিবলৈ অনুৰোধ কৰিছিলোঁ যাতে ম‌ই সংলাপবোৰ মুখস্থ কৰিব পাৰোঁ, কাৰণ তেতিয়ালৈকে ম‌ই হিন্দী ক'ব নাজানিছিলোঁ। মোলৈ পৰিচালকে চাৰিপৃষ্ঠা সংলাপ পঠিয়াই দিলে আৰু তাৰে কিছুমান শব্দ কেনেকৈ উচ্চাৰণ কৰিব লাগে সেয়া মোক ক'বলৈ কোনো মানুহো নাছিল। অ'ডিচনত মোৰ উচ্চাৰণ সঠিক নোহোৱা সত্ত্বেও তেওঁলোকে মোৰ অভিনয় ভাল পালে। " আন ২০০ গৰাকী প্ৰাৰ্থীৰ লগত তেওঁক নিৰ্বাচন কৰা হ'ল আৰু শেষত তেওঁ বাকীবোৰতকি অগ্ৰাধিকাৰ পায়।২ মিকী ভাইৰাছৰ বাবে এলিয়ে নৃত্য আৰু হিন্দী উচ্চাৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ লৈছে।৯ এই ছবিখনত এলিয়ে মুখ্য চৰিত্ৰ মিকী ভাইৰাছৰ প্ৰেমিকা কামায়ানি জৰ্জৰ ভূমিকাৰ অভিনয় কৰিছে।১০ মুখ্য ভূমিকাত আছে বলিউডত অভিষেক ঘটোৱা জনপ্ৰিয় টিভি হ'ষ্ট মনীষ পল। ছবিখনত দৃশ্যগ্ৰহণ কৰা হৈছে দিল্লীত আৰু ২৫ অক্টোবৰ, ২০১৩-ত মুক্তি লাভ কৰিব।৮

বিগ্‌ বছ

সদ্যহতে এলিয়ে বাস্তৱিক টিভি অনুষ্ঠান বিগ্‌ বছ ৭ত অংশগ্ৰহণ কৰিছে। ইয়াত বিভিন্ন ক্ষেত্ৰৰ পৰা অহা চেলিব্ৰিটী ব্যক্তিয়ে বৰ্হিজগতৰ লগত কোনো সংযোগ নাৰাখি একেটা ঘৰতে বসবাস কৰিব লাগে। ৰাইজৰ ভোটৰ জৰিয়তে প্ৰতি সপ্তাহত এজনক ঘৰৰ পৰা উলিয়াই দিয়া হয় আৰু শেষত থাকি যোৱাজনে প্ৰাইজমানি লাভ কৰে। ডাচ্চ ভিত্তিক 'এণ্ডেমল'ৰ বিগ্‌ ব্ৰাদাৰ টিভি চিৰিজৰ অনুকৰণত নিৰ্মাণ কৰা এই অনুষ্ঠান ২০১৩ চনৰ ছেপ্টেম্বৰৰ পৰা প্ৰচাৰিত হৈ আছে আৰু অভিনেতা চালমান খান-এ ইয়াত আঁত ধৰিছে।৩

চলচ্চিত্ৰপঞ্জী

বোলছবিসমূহ

YearTitleRoleNotes
2008Förbjuden FruktSelenSwedish language film
2013Mickey VirusKamayani GeorgeDebut Hindi film

টেলিভিজন

YearTitleNotes
2013Bigg Boss 7Reality TV show - Hindi

তথ্যসূত্ৰ

  1. ↑ You are hereBiggboss 7 > Housemates > Elli Avram. In.com India - A web18 Venture
  2. ↑ De Villiers, Pierre. Swedish actress Elli Avram is breaking new ground - by starring in an upcoming Bollywood film. Norwegian Air Shuttle ASA
  3. ↑ Goyal, Divya. (Sep 17 2013). 'Bigg Boss 7' complete list of contestants. The Indian Express
  4. ↑ Förbjuden Frukt (2008) Official trailer. starring Elli Avram, Gguveli, Haisem Ali, Arif Karadeniz. Ali Gohari
  5. ↑ Katrina Kaif has a twin in Bigg Boss 7 contestant Elli Avram!. FILMS OF INDIA
  6. ↑ Spot the difference: Elli Avram and Katrina Kaif. Living Media India Limited
  7. ↑ Elli Avram Biography. Greynium Information Technologies Pvt. Ltd. · Read more at: entertainment.oneindia.in/celebs/elli-avram/biog
  8. ↑ Mickey Virus - Mickey Virus Overview. Contests2win.com India Pvt. Ltd
  9. ↑ Mankermi, Shivani. (August 31, 2013). Bollywood gets ready to unleash a new stock of hotties. Living Media India Limited/Mail Today
  10. ↑ Mickey Virus (2013). IMDb.com, Inc

সম্পৰ্কিত শ্ৰেণী

অভিনয় শিল্পীছুইডেনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলি আভৰাম” প্ৰবন্ধৰ সংশোধন ৫৩৩০৮৮ (১৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।