য়েমেনৰ ব্যক্তি
১৩ প্ৰবন্ধ
-
তাৱাক্কল কাৰমান
তাৱাক্কল আব্দেল-চালাম কাৰমান (জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী য়েমেনৰ সাংবাদিক, ৰাজনীতিক আৰু য়েমেনৰ আল-ইছলাহ ৰাজনৈতিক দলৰ প্ৰবীণ সদস্য। তদুপৰি কাৰমান এগৰাকী মানবাধিকাৰ কৰ্মী হিচাপেও দীৰ্ঘদিন ধৰি কাম কাজ চলাই আছে। তেওঁ “ৱমেন জাৰ্ণালিষ্ট উইথআউট চেইন্স” নামৰ নাৰী সাংবাদিকদৰ এটি দলক নেতৃত্ব দিয়ে।
-
ছাদা নাছেৰ
ছাদা নাছেৰ (Shada Nasser; জন্ম: ১ মে', ১৯৬৪, এডেন) য়েমেনৰ প্ৰথমগৰাকী মহিলা অধিবক্তা আৰু য়েমেনৰ আদালতত মুখ ঢাকি নোপোৱা প্ৰথমগৰাকী মহিলা অধিবক্তা। ১৯৮৯ চনত প্ৰাগৰ চাৰ্লছ বিশ্ববিদ্যালয়ৰ পৰা নাছেৰে আইনৰ ডিগ্ৰী লাভ কৰি মানৱ অধিকাৰ আৰু প্ৰতিৰক্ষা অধিবক্তা হিচাপে কাম কৰিবলৈ য়েমেনলৈ উভতি যায়।
-
অমল বাশা
অমল বাশা (জন্ম ১৯ নৱেম্বৰ, ১৯৬২) এগৰাকী য়েমেনৰ মহিলা অধিকাৰ কৰ্মী, চিষ্টাৰছ আৰব ফ'ৰাম ফৰ হিউমেন ৰাইটছ (SAF)ৰ অধ্যক্ষ। এছ এ এফৰ অধ্যক্ষ হিচাপে তেওঁ "মহিলা, বন্দী আৰু শৰণাৰ্থীৰ অধিকাৰ ৰক্ষা কৰে আৰু অধিক ৰাজনৈতিক স্বাধীনতাৰ বাবে যুঁজে।" বাশাই কায়ৰোৰ আমেৰিকান বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান, অৰ্থনীতি…
-
আলা অল-ইৰায়নী
আলা অল-ইৰায়নী (Alaa Al-Eryani; জন্ম:- ১৯৯০) য়েমেনৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ, লেখিকা আৰু নাৰীবাদী কৰ্মী।
-
এণ্টিছাৰ আল-হাম্মাদি
এণ্টিছাৰ আল-হাম্মাদি (আৰবী: إنتصار الحمادي) (জন্ম ২৫ জানুৱাৰী ২০০১) এগৰাকী য়েমেনী অভিনেত্ৰী আৰু মডেল।
-
ছুমায়া আলী ৰাজা
ছুমায়া আলী ৰাজা (Sumaya Ali Raja, জন্ম-প্ৰায় ১৯৫৪) এগৰাকী য়েমেনী সাংবাদিক আৰু ৰাজনৈতিক কৰ্মী।২০০৫ চনৰ ডিচেম্বৰ মাহত তেওঁ য়েমেনৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিজকে ঘোষণা কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
-
জামালা আল-বৈধানী
জামালা আল-বৈধানী (Jamala al-Baidhani, ১৯৭৭ – ১৫ ডিচেম্বৰ ২০১২) আছিল এগৰাকী য়েমেনৰ কৰ্মী যি মহিলা আৰু বিশেষভাৱে সক্ষম মহিলাসকলৰ নাগৰিক অধিকাৰৰ সমৰ্থন কৰিছিল। য়েমেনৰ প্ৰথমটো গোট আল-তাহাদী এছ’চিয়েশ্যন ফৰ ডিচেবলড ফিমেলছৰ তেওঁ প্ৰতিষ্ঠাপক, যিটো গোট বিশেষভাৱে সক্ষম ছোৱালীক সহায় কৰাৰ বাবে নিয়োজিত।
-
মখদুম শ্বাহদৌলা
মাখদুম শ্বাহ দৌলা (مخدوم شاه دولة, মখদূম শাহ দৌলা) বংগৰ এগৰাকী চুফী মুছলমান ব্যক্তিত্ব আছিল। মধ্যপ্ৰাচ্য, মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ দীৰ্ঘ ইতিহাসৰ অংশ ছিৰাজগঞ্জ জিলাত ইছলামৰ প্ৰসাৰৰ সৈতে তেওঁৰ সম্পৰ্ক আছে।তেওঁৰ নামেৰে নামকৰণ কৰা অঞ্চল শ্বাহজাদপুৰ (অৰ্থাৎ ৰাজকুমাৰৰ…
-
মাহিয়া নাজিব
মাহিয়া নাজিব (Mahia Nagib, ১৯২৬-১৯৮২) য়েমেনৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী, সম্পাদিকা আৰু সাংবাদিক আছিল। ১৯৬০ চনত তেওঁ ফাটাত শ্বামছান [মাউণ্ট শ্বামছানৰ কুমাৰী] প্ৰতিষ্ঠা কৰে আৰু তেওঁক এডেনৰ প্ৰথম মহিলা মাহেকীয়া আলোচনীৰ মহিলা সম্পাদিকা হিচাপে পৰিগণিত হয়। মাহিয়া নাজিবে আদনত জন্মগ্ৰহণ কৰিছিল।
-
মাৰিয়া আল-মাছানী
মাৰিয়া আল-মাছানী (Maria Al-Masani,জন্ম-১৯৮৪) এগৰাকী য়েমেন আৰু কানাডাৰ ফেশ্বন ডিজাইনাৰ আৰু জনসংযোগৰ কাৰ্যবাহী যিয়ে মানৱ অধিকাৰ উলংঘাৰ লিপিবদ্ধ কৰা ব্লগ য়েমেন ৰাইটছ মনিটৰৰ সহ-প্ৰতিষ্ঠাপক আছিল। ২০১২ চনত চিএনএনৰ ইনছাইড মিডল ইষ্টে তেওঁক আঠজন 'পৰিৱৰ্তনৰ এজেণ্ট'ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে৷
-
হুৰিয়া মাছহৌৰ
হুৰিয়া মাছহৌৰ ( Hooria Mashhour, জন্ম-১৯৫৪) য়েমেনৰ এগৰাকী মানৱ অধিকাৰ আৰু মহিলা অধিকাৰ কৰ্মী। ২০১২ চনৰ পৰা আৰম্ভ হোৱা বিপ্লৱৰ পিছৰ য়েমেনত মানৱ অধিকাৰ মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। সুৰক্ষাৰ চিন্তাত ২০১৪ চনত তেওঁ এই পদ এৰি এডেনলৈ গুচি যায়।
-
ৰাধিয়া ইহছান
ৰাধিয়া ইহছান (Radhia Ihsan, ১৯৩৩-২০২০), য়েমেনৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী, ৰাজনীতিবিদ (য়েমেনী সমাজবাদী পাৰ্টি) আৰু লেখিকা আছিল। ছিৰিয়াত কলেজলৈ গৈ তেওঁ বাগদাদত আইন অধ্যয়ন কৰিছিল, আৰু পাকিস্তানৰ পঞ্জাব বিশ্ববিদ্যালয়ত ইছলামিক অধ্যয়ন কৰিছিল।
-
ৰাধ্যা আল-মুতাৱাকেল
ৰাধ্যা আল-মুতাৱাকেল (Radhya Al-Mutawakel; জন্ম:- ১২ এপ্ৰিল ১৯৭৬) এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু য়েমেনত মানৱ অধিকাৰ ৰক্ষা আৰু সুৰক্ষাৰ বাবে কাম কৰা এটা স্বতন্ত্ৰ সংস্থা মৱাটানা অৰ্গেনাইজেচন ফৰ হিউমেন ৰাইটছৰ সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ।