অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ইলেক্ট্ৰা (ছফ'ক্লেছ)

ইলেক্ট্ৰা (প্ৰাচীন গ্ৰীক: Ἠλέκτρα, ইংৰাজী: Electra, Elektra বা The Electra) হৈছে ছফ'ক্লেছৰ দ্বাৰা ৰচিত এখন গ্ৰীক ট্ৰেজেডী নাটক। এই নাটখন ৰচনা কৰাৰ সঠিক তাৰিখ জনা নাযায় যদিও ফিল’কটেটিছ (Philoctetes, খ্ৰীষ্টপূৰ্ব ৪০৯) আৰু অডিপাছ এট কলনাছ (Oedipus at Colonus, খ্ৰীষ্টপূৰ্ব ৪০৬)ৰ সৈতে বিভিন্ন শৈলীগত…

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ইলেক্ট্ৰা (প্ৰাচীন গ্ৰীক: Ἠλέκτρα,১ ইংৰাজী: Electra, Elektra বা The Electra২) হৈছে ছফ'ক্লেছৰ দ্বাৰা ৰচিত এখন গ্ৰীক ট্ৰেজেডী নাটক। এই নাটখন ৰচনা কৰাৰ সঠিক তাৰিখ জনা নাযায় যদিও ফিল’কটেটিছ (Philoctetes, খ্ৰীষ্টপূৰ্ব ৪০৯) আৰু অডিপাছ এট কলনাছ (Oedipus at Colonus, খ্ৰীষ্টপূৰ্ব ৪০৬)ৰ সৈতে বিভিন্ন শৈলীগত সাদৃশ্যৰ পৰা পণ্ডিতসকলে ধৰি লৈছে যে ইয়াক ছফ'ক্লেছৰ কেৰিয়াৰৰ শেষৰ ফালে লিখা হৈছিল। জেবৰ মতে নাট খন খ্ৰীষ্টপূৰ্ব ৪২০ আৰু খ্ৰীষ্টপূৰ্ব ৪১৪ চনৰ ভিতৰত লিখা হৈছিল।৩

কাহিনীভাগ

ট্ৰজান যুদ্ধৰ পিছতে ক্লাইটেমনেষ্ট্ৰা আৰু তেওঁৰ প্ৰেমিক এজিষ্টাছে ইলেক্ট্ৰাৰ পিতৃ আগামেমননক হত্যা কৰিছিল৷ এই হত্যাৰ ন্যায় প্ৰাপ্তিৰ বাবে তাৰ কেইবছৰমানৰ পাছত ইলেক্ট্ৰা আৰু তেওঁৰ ভাতৃ অৰেষ্টেছে কৰা তিক্ত সংগ্ৰামৰ কথা নাটকখনত বৰ্ণনা কৰা হৈছে।

যেতিয়া ৰজা আগামেমনন ট্ৰজান যুদ্ধৰ পৰা উভতি আহে, তেতিয়া তেওঁৰ পত্নী ক্লাইটেমনেষ্ট্ৰাই তেওঁক হত্যা কৰে। ক্লাইটেমনেষ্ট্ৰাৰ মতে এই হত্যাকাণ্ড ন্যায্য আছিল কাৰণ আগামেমননে দেৱতাসকলৰ আদেশ অনুসৰি যুদ্ধৰ আগতে তেওঁলোকৰ কন্যা ইফিজেনিয়াক বলি দিছিল। আগামেমনন আৰু ক্লাইটেমনেষ্ট্ৰাৰ কন্যা ইলেক্ট্ৰাই নিজৰ সৰু ভাতৃ অৰেষ্টেছক ফ’চিছৰ ষ্ট্ৰফিয়াছলৈ পঠিয়াই মাকৰ পৰা ৰক্ষা কৰিছিল। ইয়াৰ বহু বছৰ পিছত অৰেষ্টেছ ডাঙৰ হৈ প্ৰতিশোধৰ পৰিকল্পনা আৰু সিংহাসন দখল কৰাৰ উদ্দেশ্যে ঘূৰি আহিছে।

ষ্ট্ৰফিয়াছৰ পুত্ৰ পাইলাডেছ আৰু এজন শিক্ষকৰ সৈতে অৰেষ্টেছ আহি পায়। অৰেষ্টেছ আৰু পাইলাডেছে ঘৰত প্ৰৱেশ কৰি ক্লাইটেমনেষ্ট্ৰাক হত্যা কৰে। এজিষ্টাছ ঘৰলৈ উভতি অহাৰ লগে লগে তেওঁলোকে খৰধৰকৈ তাইৰ মৃতদেহটো এখন চাদৰৰ তলত থৈ অৰেষ্টেছৰ মৃতদেহ হিচাপে তেওঁৰ আগত উপহাৰ দিয়ে। তেওঁ ওৰণিখন তুলি আৱিষ্কাৰ কৰে যে প্ৰকৃততে কোন, আৰু তাৰ পিছত অৰেষ্টেছে নিজকে প্ৰকাশ কৰে। তেওঁলোকে এজিষ্টাছক সুৰক্ষিত কৰি অগ্নিকুণ্ডত হত্যা কৰিবলৈ লৈ যায়, যিটো স্থানত আগামেমননক হত্যা কৰা হৈছিল। এজিষ্টাছৰ মৃত্যুৰ কথা ঘোষণা কৰাৰ আগতেই নাটকখনৰ অন্ত পৰে।

তথ্যসূত্ৰ

  1. ↑ Jebb. (1894). Sophocles The Plays and Fragments Part VI. The Electra. পৃ. 1
  2. ↑ Jebb, R. C. (1894). Sophocles The Plays and Fragments Part VI. The Electra. London: C. J. Clay and Sons, Cambridge: University Press Warehouse, Ave Maria Lane. Glasgow: 363, Argyle Street. Cambridge: Deighton, Bell And Co. Leipzig: F. A. Brockhaus. New York: Macmillan And Co. পৃ. Title
  3. ↑ Jebb. (1894). Sophocles The Plays and Fragments Part VI. The Electra. পৃ. lviii

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তিনাটক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলেক্ট্ৰা (ছফ'ক্লেছ)” প্ৰবন্ধৰ সংশোধন ৪৮০৩৬৮ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।