অসম চৰকাৰৰ আঁচনি
৪ প্ৰবন্ধ
-
কনকলতা মহিলা সবলীকৰণ যোজনা
কনকলতা মহিলা সবলীকৰণ যোজনা (Kanaklata Mahila Sabalikaran Yojana, KAMS) বা কেমছ অসম চৰকাৰৰ এক দৰিদ্ৰতা দূৰীকৰণ আঁচনি। অসমৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ আত্মসহায়ক গোটসমূহক আৰ্থিক অনুদান প্ৰদান কৰি গোটসমূহৰ স্থিতি সবল কৰি তোলাৰ লগতে ঋণৰ চাহিদা হ্ৰাস কৰাত সাহায্য প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি এই আঁচনিখন…
-
অৰুণোদয় আঁচনি
অৰুণোদয় আঁচনি (Orunodoi Scheme) হৈছে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন আঁচনি। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ বাবে আৰু চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে, আৰু এই আঁচনি মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক পদক্ষেপ…
-
অৰুন্ধতী স্বৰ্ণ আঁচনি
অৰুন্ধতী স্বৰ্ণ আঁচনি (Arundhati Gold Scheme) মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি। অসম চৰকাৰে বিত্তীয় বৰ্ষ ২০১৯-২০ চনত আঁচনিখন প্ৰৱৰ্ত্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই আঁচনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ কিনিবলৈ ৪০ হাজাৰ টকা অনুদান আগবঢ়ায়।
-
ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনি
ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি (Indira Miri Universal Widow Pension Scheme) মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি। এই আচনি অধীনত ৰাজ্যৰ ১৮ বছৰ বয়সৰ পৰা ৫৯ বছৰ বয়সৰ বিধৱা মহিলাক পেঞ্চন যোগান ধৰা হয়।